অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৰ্বেশ্বৰ চহৰীয়া

সৰ্বেশ্বৰ চহৰীয়া হৈছে এজন বৃক্কৰ বিশেষজ্ঞ আৰু বৃক্ক তথা অগ্নাশয় প্ৰতিষ্ঠাপন চাৰ্জৰীৰ চিকিৎসক। ভাৰতৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰ দলৰ তেওঁ এজন অন্যতম সদস্য আছিল। অসমৰ প্ৰথম দহটা বৃক্ক প্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ তেওঁৰ নামত আছে।

হালনাগাদ: ১৩ ছেপ্তেম্বৰ ২০২৫ ১,৪০০ শব্দ · ৮ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সৰ্বেশ্বৰ চহৰীয়া হৈছে এজন বৃক্কৰ বিশেষজ্ঞ আৰু বৃক্ক তথা অগ্নাশয় প্ৰতিষ্ঠাপন চাৰ্জৰীৰ চিকিৎসক। ভাৰতৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰ দলৰ তেওঁ এজন অন্যতম সদস্য আছিল।

অসমৰ প্ৰথম দহটা বৃক্ক প্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ তেওঁৰ নামত আছে। শল্যচিকিৎসাবিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ডাঃ চহৰীয়াক ২০১৪ বৰ্ষৰভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়। বৰ্তমান চহৰীয়া হাইদৰাবাদ তেলংগানাৰ বাসিন্দা আৰু মৃতদেহ অঙ্গদান (cadavar organ donation) সজাগতাৰ লগত জড়িত। ‌

জীৱনী

জন্ম

ডাঃ চহৰীয়াৰ জন্ম ১৯৪৫ চনৰ ১ এপ্ৰিলত দৰং জিলাৰ মঙলদৈৰ এখন ভিতৰুৱা গাঁৱত হৈছিল। ‌

শিক্ষা-দীক্ষা

ডাঃ চহৰীয়াই প্ৰাথমিক শিক্ষা স্থানীয় বিদ্যালয়ত সাং কৰাৰ পাছত ১৯৫৪ চনত মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে। ১৯৬১ চনত একেখন বিদ্যালয়ৰ পৰাই জীৱবিজ্ঞান বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰলৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হয়। এই নম্বৰৰ আধাৰতে তেওঁ ১৯৬২ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰে। ১৯৬৭ চনত বিশ্ববিদ্য়ালয়ৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি ডাঃ চহৰীয়া MBBS পৰীক্ষাত উত্তীৰ্ণ হয়। ‌

প্ৰশিক্ষণ

সেই সময়ত অসমত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সুবিধা নথকাৰ বাবে ডাঃ চহৰীয়া নতুন দিল্লীৰ চফদৰজং চিকিৎসালয়ত House Job কৰিবলৈ লয়। প্ৰায় এবছৰৰ পাছত তেওঁ সন্মানীয় Post Graduate Medical Institute চণ্ডীগড়ত শল্যচিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ আসন লাভ কৰে আৰু ১৯৭৫ চনত ব্ৰঞ্জৰ পদকসহ MS ডিগ্ৰী লাভ কৰে। ‌

চাকৰি জীৱন

ডাঃ চহৰীয়াই ১৯৭৬ চনত পুল অফিচাৰ হিচাপে Council of Scientific and Industrial Research, PGIMER ত চাকৰি জীৱনৰ আৰম্ভণি কৰে। ১৯৭৮ চনৰ পৰা ১৯৮১ লৈকে PGIMER ত শিক্ষক হিচাপে কৰ্মৰত থাকে। পাছত Organ Transplantation Centre, Institute of Genetics and Hospital for Genetic Diseases, হায়দৰাবাদত ১৯৮১-১৯৮৫ লৈকে বিভাগীয় মুৰব্বী হিচাপে যোগদান কৰে। ইয়াতেই ১৯৮১ চনত ডাঃ চহৰীয়াই অন্ধ্ৰপ্ৰদেশৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে। ১৯৮৫ চনত তেওঁ স্বইচ্ছাৰে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। ‌

চাকৰিৰ পাছৰ কালছোৱা

বৰ্তমান ডাঃ চহৰীয়াই ভাৰতৰ বিভিন্ন চিকিৎসালয়ত সেৱা আগবঢ়াই আছে তাৰে ভিতৰত Apollo Hospital, Krisnai Institute of Medical Science আৰু Global Hospital and Organ Transplant Institute অন্যতম। ‌

বৰ্তমান বাসস্থান

ডাঃ চহৰীয়া বৰ্তমান হায়দৰাবাদৰ জুবলী হিলচ নামৰ টেলেংগাণা ৰাজ্যৰ অভিজাত অঞ্চলৰ বাসিন্দা। উল্লেখ্য যে জুবলী হিলচ অন্ধ্ৰ প্ৰদেশৰ বিখ্যাত অভিনেতা-অভিনেত্ৰী, নিৰ্দেশক তথা ৰাজনীতিবিদ সকলৰ ব্যক্তিগত আৱাসিক অঞ্চল। ডাঃ চহৰীয়াৰ ঠিকনা House No. 256, Road No. 18, Jubilee Hills Hyderabad 500034 AP, INDIA

ব্যক্তিগত জীৱন

ডাঃ চহৰীয়া বিবাহিত আৰু দুটি সন্তানৰ পিতৃ।

মহান কাৰ্য্য

ডাঃ চহৰীয়াৰ চিকিৎসা বিজ্ঞানৰ প্ৰতি অৱদান অতুলনীয়। ভাৰতৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপনৰ চাৰ্জৰীৰ তেওঁ অন্যতম সদস্য আছিল। ১৯৮১ চনত তেওঁ হায়দৰাবাদৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপনৰ চাৰ্জৰী কৰিছিল। অসমত প্ৰথম বাৰৰ বাবে বৃক্ক প্ৰতিষ্ঠাপনৰ চাৰ্জৰী ডাঃ চহৰীয়াই কৰিছিল। হায়দৰাবাদৰ প্ৰথম cadavar organ transplantation আৰু ভাৰতৰ সবাটোতকৈ সৰু (১৮ মহীয়া cadavar শিশু) আৰু সবাতোকৈ বয়সিয়াল (৭৮ বছৰীয়া cadavar বৃদ্ধ) cadavar organ transplantation ডাঃ চহৰীয়াৰ নামত আছে। ডাঃ চহৰীয়াই ১৯৮৮ চনত ভাৰতৰ প্ৰথম laparoscopic donor nephrectomy চাৰ্জৰী কৰে। তেওঁ ভাৰতত Jawaharlal Nehru Medical College, ৱাৰ্ধাৰ সহযোগত প্ৰথমবাৰৰ বাবে গাওঁলীয়া অঞ্চলত বৃক্ক প্ৰতিষ্ঠাপনৰ চাৰ্জৰী কৰিছিল। ডাঃ চহৰীয়াই বৰ্তমানৰলৈকে ৩০০০ ৰ ওপৰত বৃক্ক প্ৰতিষ্ঠাপন আৰু ৫০০০ ৰ ওপৰত ডায়েলাইচিছৰ বাবে vascular access ৰ চাৰ্জৰী কৰিছে। ‌

অসমৰ প্ৰতি অৱদান

অসমৰ আৰ্থিকভাৱে দুৰ্বল বৃক্ক ৰোগীৰ বাবে ডাঃ চহৰীয়াৰ হায়দৰাবাদত Mahavir Hospital and Research Centre নামেৰে শ্বেৰিটি চিকিৎসালয় আছে। তদপুৰি তেওঁৰ North East Care Foundation নামেৰে এটা ন্যাস আছে যাৰদ্বাৰা তেওঁ গুৱাহাটীত বিনামূলীয়া চিকিৎসাৰ নিদান আৰু বিনামূলীয়া ঔষধৰ যোগান ধৰা হয়। ‌

গৱেষণা

ডাঃ চহৰীয়াই অঙ্গ প্ৰতিষ্ঠাপনৰ ওপৰত গৱেষণা কৰিছিল। গৱেষণাৰ পূৰ্বে Tokai University, জাপানৰ পৰা 'Experimental Transplantation and Transplantation Immunology'ৰ ওপৰত প্ৰশিক্ষণ লাভ কৰিছিল। ডাঃ চহৰীয়াই islet and segmental pancreatic transplantation (অগ্নাশয় প্ৰতিষ্ঠাপন) ৰ বাবে নতুন পদ্ধতি উদ্ভাৱন কৰে। ‌

পদবীসমূহ

  • Founder chairman, Hyderabad Transplant Forum
  • Honorary secretary - Andhra Pradesh Kidney Foundation - 1985
  • Advisor - Central India Kidney Foundation, Nagpur১
  • Honorary Consultant Transplant Surgeon - M. S. Ramaiah Medical College, Bangalore - 1987
  • Promoter and Consultant Transplant Urologist - International Hospital, Guwahati
  • Vice-chairman and director - Krishna Institute of Medical Science, Hyderabad
  • Adviser - Sun valley Diabetic and Research Centre, Guwahati
  • President - Indian Society of Organ Transplantation - 2006-2008
  • President - Hyderabad Assam Association২
  • Adviser - Editional Board, Indian Journal of Transplantation
  • Chairman - North East Care Foundation
  • Chief Advisor - All Assam Kidney Transplant Forum

ডাঃ চহৰীয়া বিভিন্ন কনফাৰেন্সৰ আয়োজকমণ্ডলীত আছিল যেনে

  • Organizing Secretary - VII Annual Conference - Indian Society of Organ Transplantation, Hyderabad - 1994
  • Organizing Chairman, - VI All India Transplant Games, Hyderabad - 1999
  • Member, Organizing Committee - I All India Renal Transplant Sports Meet, Chandigarh - 1981
  • Vice-President, Annual Conference of Indian Society of Organ

Transplantation, Hyderabad - 2003 ডাঃ চহৰীয়া তলৰ সংস্থাসমূহৰ সদস্য • Asian Society of Transplantation - 1991-1993 • International Transplant Society - 2002 name="Assam Tribune" /> such as the Indian Society of Nephrology,৩ Association of Surgeons of India, Urological Society of India,৪ Asian Society of Transplantation,৫ Indian Society of Organ Transplantation,৬ Indian Medical Association and a social organization, Medically Aware and Responsible Citizens of Hyderabad (MARCH).

বটাঁ আৰু স্বীকৃতি

  • শল্যচিকিৎসাবিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ডাঃ চহৰীয়াক ২০১৪ বৰ্ষৰ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়।
  • ২০০০ চনত জৱাহৰলাল নেহৰু মেডিকেল কলেজ, ৱৰ্ধা, মহাৰাষ্ট্ৰই ডাঃ চহৰীয়াক Professor Emeritus হিচাপে নিযুক্তি দিয়ে। ‌
  • MAMS - Membership of the National Academy of Medical Sciences,৭ New Delhi - 1979
  • FICS - Fellowship of the International College of Surgeons
  • FACS - Fellowship of the American College of Surgeons - 1983
  • Dr. Brahmaiah Sastry Memorial Oration Award - Andhra Medical College, Visakhapatnam - 2011
  • Dr. R. V. S. Yadav Memorial Oration Award - Indian Society of Organ Transplantation,৬ Ludhiana - 2008।

লেখক হিচাপে আত্মপ্ৰকাশ

ডাঃ চহৰীয়াই নিজ জীৱনৰ ১৯৭৪-২০০৪ অভিজ্ঞতাৰে My Journey with Kidney Transplantation শীৰ্ষক গ্ৰন্থ এখনি লিখি উলিয়াইছে। গ্ৰন্থখনি Indian Medical Association (IMA) গুৱাহাটী শাখাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত উদ্বোধন কৰা হয়। ‌

বৈজ্ঞানিক প্ৰকাশন

আনুষঙ্গিক তথ্য

তথ্যসূত্ৰ

  1. ↑ (2014). CIKF. CIKF
  2. ↑ (18 August 2012). The Hindu. The Hindu
  3. ↑ (2014). ISN. ISN
  4. ↑ (2014). ASIINdia. ASIINdia
  5. ↑ (2014). TXAsia. TXAsia
  6. ↑ (2014). ISOT. ISOT
  7. ↑ (2014). NAMS. NAMS

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিচিকিৎসাবিদঅসমীয়া চিকিৎসকপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বেশ্বৰ চহৰীয়া” প্ৰবন্ধৰ সংশোধন ৫৩৮৪২৮ (১৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।