হাওৰাঘাট বিধানসভা সমষ্টি (ইংৰাজী ভাষা: Howraghat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আৰু ই ডিফু (লোকসভা সমষ্টি)ৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই স্বায়ত্ত্বশাসিত জিলা লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সদস্যসকল
| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৭৮ | বাৰেলং তিমুং | জনতা পাৰ্টি | |
| ১৯৮৩ | ধনী ৰাম ৰংপি | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | খেৰচিং বে | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৯১ | চন্দ্ৰকান্ত তিমুং | স্বায়ত্ত্বশাসিত ৰাজ্য দাবী সমিতি | |
| ১৯৯৬ | |||
| ২০০১ | |||
| ২০০৬ | খৰচিং ইংতি | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১১ | |||
| ২০১৬ | জয়ৰাম ইংলং | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | দৰসিং ৰংহাং | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২৬ |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী দলৰ প্ৰাৰ্থী দৰসিং ৰংহাঙে বিজয় সাব্যস্ত কৰি হাওৰাঘাট সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত হাওৰাঘাট সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাওৰাঘাট বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৬৮ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।