সৰ্বনাম পদ (ইংৰাজী: Pronoun) হৈছে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা শব্দ। অৰ্থাৎ, বাক্যত বিশেষ্য পদ পুনৰাবৃত্তি নকৰি, তাক প্ৰতিষ্ঠাপন কৰিবলৈ ব্যৱহৃত পদক সৰ্বনাম বোলে।১
সংজ্ঞা
বিশেষ্য পদৰ সলনি ব্যৱহৃত পদক সৰ্বনাম বোলা হয়। উদাহৰণস্বৰূপে — মই, তুমি, সি, তাই, তেওঁ, তেখেত, আমালোক, তোমালোক ইত্যাদি।২
শ্ৰেণীবিভাগ
বৈশিষ্ট্যৰ আধাৰত অসমীয়াত সৰ্বনাম পদ চাৰিটা প্ৰধান ভাগত বিভক্ত —৩
- ব্যক্তিবোধক সৰ্বনাম (Personal Pronoun)
- স্থানবোধক সৰ্বনাম (Pronominal Adverb of Place)
- কালবোধক সৰ্বনাম (Pronominal Adverb of Time)
- বিশেষণবোধক সৰ্বনাম (Pronominal Adjective)
ব্যক্তিবোধক সৰ্বনাম
ব্যক্তি বা প্ৰাণীবাচক বিশেষ্যৰ সলনি ব্যৱহৃত পদক ব্যক্তিবোধক সৰ্বনাম বোলা হয়।৪ উদাহৰণ — মই, আমি, তুমি, তই, সি, তাই, তেখেত, সিহঁত, আমালোক, তোমালোক ইত্যাদি।
ব্যক্তিবোধক সৰ্বনাম তিনিটা পুৰুষত বিভক্ত —৫
- প্ৰথম পুৰুষ — যিজনে কথা কয় (মই, আমি)।
- দ্বিতীয় পুৰুষ — যিজনৰ লগত কথা কোৱা হয় (তই, তুমি, আপুনি)।
- তৃতীয় পুৰুষ — যিজনৰ বিষয়ে কথা কোৱা হয় (সি, তাই, তেওঁ, তেখেত, সিহঁত)।
বি.দ্ৰ.: ব্যক্তিবোধক সৰ্বনামৰ বিভিন্ন বিভক্তিৰূপকেই তিৰ্যক ৰূপ (Oblique Form) বোলা হয়। উদাহৰণ — “তুমি”ৰ ৰূপ “তোমাক”, “তোমাৰ”, “তোমালোকক” ইত্যাদি।৬
স্থানবোধক সৰ্বনাম
স্থান বা অৱস্থান বুজোৱা বিশেষ্যৰ সলনি ব্যৱহৃত পদক স্থানবোধক সৰ্বনাম বোলা হয়।৭ উদাহৰণ — ইয়াত, তাত, ক’লৈ, ইয়ালৈ, তালৈ আদি।
কালবোধক সৰ্বনাম
সময় বা কাল সূচক বিশেষ্যৰ সলনি ব্যৱহৃত পদক কালবোধক সৰ্বনাম বোলা হয়।৮ উদাহৰণ — আজি, কালি, পৰহি, যেতিয়া, কাইলৈ, সেইদিনা আদি।
বিশেষণবোধক সৰ্বনাম
সংজ্ঞা শব্দৰ আগত থকা সৰ্বনাম যি পদবাচক বস্তুৰ বৈশিষ্ট্য বা পৃথকতা সূচায়, তাক বিশেষণবোধক সৰ্বনাম বোলা হয়।৯ উদাহৰণ — ইমান, যিমান, তিমান, কেনেকৈ, এনেকৈ, যেনেকৈ আদি।
বৈশিষ্ট্য
- সৰ্বনাম বিশেষ্যৰ প্ৰতিষ্ঠাপক পদ।
- ই বাক্যত পুনৰাবৃত্তি ৰোধ কৰে।
- ব্যক্তিবোধক সৰ্বনামত বিভক্তি ৰূপ দেখা যায়।
- বিশেষণবোধক সৰ্বনাম সদায় সংজ্ঞা শব্দৰ আগত থাকে।১০
আৰু চাওক
তথ্যসূত্ৰ
- ↑ সৰ্বনাম পদৰ শ্ৰেণী বিভাগ. masrur360.com
- ↑ অধ্যায় ০৬ – পদ: সৰ্বনাম. oakokho.com
- ↑ সৰ্বনাম পদৰ শ্ৰেণী বিভাগ. masrur360.com
- ↑ সৰ্বনাম পদ. dainiksakori.com
- ↑ অধ্যায় ০৬ – পদ: সৰ্বনাম. oakokho.com
- ↑ সৰ্বনাম পদৰ শ্ৰেণী বিভাগ. masrur360.com
- ↑ সৰ্বনাম পদৰ শ্ৰেণী বিভাগ. masrur360.com
- ↑ সৰ্বনাম পদৰ শ্ৰেণী বিভাগ. masrur360.com
- ↑ অধ্যায় ০৬ – পদ: সৰ্বনাম. oakokho.com
- ↑ সৰ্বনাম পদ. dainiksakori.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বনাম পদ” প্ৰবন্ধৰ সংশোধন ৫৯৯৪৩০ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।