সৰুপথাৰ বিধানসভা সমষ্টি (ইংৰাজী ভাষা: Sarupathar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও গোলাঘাট জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১০৭ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।
এই সমষ্টিটো গোলাঘাট জিলাৰ অন্তৰ্গত আৰু ই কাজিৰঙা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই কলিয়াবৰ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিধানসভাৰ সদস্যসকল
| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৬৭ | ছত্ৰগোপাল কৰ্মকাৰ | সংযুক্ত চোচিয়েলিষ্ট পাৰ্টী | |
| ১৯৭২ | ছত্ৰগোপাল কৰ্মকাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭৮ | আক্লিয়াছ তিৰ্কী | জনতা পাৰ্টী | |
| ১৯৮৩ | আব্দুল মতলিব | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | বিনোদ গোৱালা | অসম গণ পৰিষদ | |
| ১৯৯১ | আক্লিয়াছ তিৰ্কী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | বিনোদ গোৱালা | অসম গণ পৰিষদ | |
| ২০০১ | আক্লিয়াছ তিৰ্কী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | |||
| ২০১১ | |||
| ২০১৬ | ৰোজলীনা তিৰ্কী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০২১ | বিশ্বজিৎ ফুকন | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২৬ |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে বিজয় সাব্যস্ত কৰি সৰুপথাৰ সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত সৰুপথাৰ সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰুপথাৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩০৪ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।