হিন্দী চলচ্চিত্ৰ
২১৮ প্ৰবন্ধ
-
আশ্চৰ্য ফাক ইট
আশ্চৰ্য ফাক ইট (Ascharya Fuck It) (চলচ্চিত্ৰখনৰ পোষ্টাৰত Ascharya F#*k It নামেৰে বিশ্লেষণ কৰা হৈছে।; ইয়াক আচাৰ্যচকিত বুলিও কোৱা হয়!) ছবিখনত প্ৰিয়ংকা বসু, বৈভৱ ৰাজ গুপ্তা, অংকিত ৰাজ, অনংশা বিশ্বাস আৰু সন্তোষ জুভেকাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
আৰতি (১৯৬২ চলচ্চিত্ৰ)
আৰতি ( Aarti ) ১৯৬২ চনত ফণী মজুমদাৰৰ পৰিচালিত আৰু তাৰাচান্দ বৰজাত্যৰ প্ৰযোজনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন ছবি। ছবিখনত মীনা কুমাৰীয়ে আৰতিৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে। আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে অশোক কুমাৰ, প্ৰদীপ কুমাৰ আৰু শশীকলা।
-
উৎসৱ (চলচ্চিত্ৰ)
উৎসৱ ( Utsav ) ১৯৮৪ চনত শশী কাপুৰৰ প্ৰযোজনা আৰু গিৰীশ কৰ্ণাডৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী এৰোটিক ড্ৰামা ছবি। শুদ্ৰকৰ মৃচ্ছকটিকম নাটকৰ আধাৰত নিৰ্মিত এই ছবিখন। ইয়াৰ হিন্দী আৰু ইংৰাজী ভাষাত একেলগে চিত্ৰগ্ৰহণ কৰা হৈছিল। ইংৰাজী সংস্কৰণৰ পোষ্ট প্ৰডাকচনৰ কাম লণ্ডনত কৰা হৈছিল।
-
এক চালিছ কি লাষ্ট লোকেল
এক চালিছ কি লাষ্ট লোকেল ( Ek Chalis Ki Last Local ) ২০০৭ চনৰ সঞ্জয় খাণ্ডুৰীৰ পৰিচালনাত নিৰ্মিত বলীউডৰ এখন দুঃসাহসিক কমেডী থ্ৰিলাৰ, য'ত অভয় দেওল আৰু নেহা ধুপিয়াই অভিনয় কৰিছে। ২০০৭ চনৰ ১৮ মে'ত ছবিখন মুক্তি পায়।
-
ঔৰত (১৯৪০ চলচ্চিত্ৰ)
ঔৰত ( Aurat ) ১৯৪০ চনত মেহবুব খানৰ পৰিচালনাত নিৰ্মিত আৰু চৰ্দাৰ আখতাৰ, সুৰেন্দ্ৰ, ইয়াকুব, কানহাইয়ালাল আৰু অৰুণ কুমাৰ আহুজাই অভিনয় কৰা এখন ভাৰতীয় ছবি। ছবিখনৰ ইংৰাজী শিৰোনাম “Woman” বুলিও পৰিচিত। ঔৰত ছবিখনৰ সংগীত অনিল বিশ্বাস আৰু সংলাপ ৱাজাহত মিৰ্জাৰ।
-
কমলা (১৯৮৪ চলচ্চিত্ৰ)
কমলা (Kamla ) ১৯৮৪ৰ চনত জগমোহন মুন্ধ্ৰে প্ৰযোজিত আৰু পৰিচালিত এখন হিন্দী ছবি, য'ত দীপ্তি নাভাল, শাবানা আজমী, মাৰ্ক জুবেৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। নাভালৰ চৰিত্ৰৰ নামেৰে ছবিখনৰ নামকৰণ কৰা হৈছে। বিজয় তেণ্ডুলকাৰে ১৯৮১ চনত তেওঁৰে ৰচিত একে নামৰ নাটকৰ আধাৰত কমলাৰ চিত্ৰনাট্য ৰচনা কৰে।
-
কাঁচলী: লাইফ ইন এ শ্লাফ
কাঁচলী: লাইফ ইন এ শ্লাফ ( Kaanchli: Life in a Slough) ২০২০ চনৰ এখন ভাৰতীয় পিৰিয়দ নাট্যধৰ্মী ছবি, যিখনৰ প্ৰযোজক আৰু পৰিচালক আছিল দেদীপ্য যোশী। ইয়াত অভিনয় কৰিছে সঞ্জয় মিশ্ৰ, শিখা মালহোত্ৰা, ললিত পৰিমু আৰু নৰেশপাল সিং চৌহানে। অনুপ জালোতাই উপস্থাপন কৰা ছবিখনৰ সহ-প্ৰযোজক শোভা দেৱী।
-
কাবুলিৱালা (১৯৬১ চলচ্চিত্ৰ)
কাবুলিৱালা (হিন্দী: काबुलीवाला) ১৯৬১ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষিক চলচ্চিত্ৰ যিখন কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাবুলিৱালা নামৰ চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে। হেমেন গুপ্তাৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনত বলৰাজ ছাহানি, ঊষা কিৰণ, সজ্জন, সোনু আৰু বেবী ফৰিদাই অভিনয় কৰে।
-
কুইন (২০১৪ চলচ্চিত্ৰ)
কুইন ( Queen ) ২০১৪ চনত নিৰ্মিত এখন মহিলা প্ৰধান ভাৰতীয় হিন্দী ছবি। ইয়াৰ পৰিচালনা বিকাশ বেহেলে কৰিছে। প্ৰযোজনা অনুৰাগ কাশ্যপ, বিক্ৰমাদিত্য মটৱানে, আৰু মধু মন্তেনাৰ। ছবিখনত কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে; লিজা হেইডন আৰু ৰাজকুমাৰ ৰাৱে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
কেলেণ্ডাৰ গাৰ্লছ (২০১৫ চলচ্চিত্ৰ)
কেলেণ্ডাৰ গাৰ্লছ ( Calendar Girls ) ২০১৫ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন নাট্যধৰ্মী ছবি, যাৰ পৰিচালনা মধুৰ ভাণ্ডাৰকাৰে কৰিছে। সংগীতা আহীৰ আৰু ভাণ্ডাৰকাৰ এণ্টাৰটেইনমেণ্টে ছবিখন প্ৰযোজনা কৰিছে।
-
খ'চলা কা ঘ'চলা
খোচলা কা ঘোচলা (खोसला का घोसला; ইংৰাজী: Khosla's Nest) হ'ল ২০০৬ চনত দিবাকৰ বেনাৰ্জীৰ নিৰ্দেশনাত মুক্তি পোৱা এখন হাস্যমধুৰ-নাটকীয় কথাছবি। এইখনেই বেনাৰ্জী নিৰ্দেশিত প্ৰথমখন ছবি। অনুপম খেৰ আৰু বোমন ইৰাণীয়ে ইয়াত অভিনয় কৰিছে। কম বাজেটৰ ছবি হোৱা সত্ত্বেও ই বক্স অফিচত খুব ভাল ব্যৱসায় কৰে।
-
খুন ভৰী মাংগ্
খুন ভৰী মাংগ্ (Khoon Bhari Maang ) ১৯৮৮ চনৰ ৰাকেশ ৰোশন পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি। অষ্ট্ৰেলিয়াৰ মিনি-ছিৰিজ ৰিটাৰ্ণ টু ইডেনৰ (১৯৮৩) আধাৰত নিৰ্মিত ছবিখনত ৰেখাই এগৰাকী ধনী বিধৱাৰ চৰিত্ৰত অভিনয় কৰিছে, যাক দ্বিতীয় স্বামীয়ে প্ৰতিশোধ ল'বলৈ হত্যাৰ চেষ্টা চলায়।
-
গংগাৱতৰণ (চলচ্চিত্ৰ)
গংগাৱতৰণ ( Gangavataran ) ১৯৩৭ চনৰ "ভাৰতীয় চলচ্চিত্ৰৰ পিতৃ" হিচাপে পৰিচিত দাদাচাহেব ফাল্কেৰ এখন ভাৰতীয় ছবি। এইখন আছিল প্ৰথম চাউণ্ড ফিল্ম আৰু ফাল্কেই পৰিচালনা কৰা শেষ ছবি। ফাল্কেই যেতিয়া এই ছবিখন পৰিচালনা কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল ৬৭ বছৰ। তেওঁ কোহলাপুৰ মুভীট’নৰ হৈ গংগাৱতৰণ পৰিচালনা কৰিছিল।
-
গিদ্ধ
গিদ্ধ (Giddh; অৰ্থ: শগুণ) ১৯৮৪ চনত নিৰ্মিত হিন্দী ভাষাৰ এখন ছবি, যাৰ পৰিচালনা টি. এছ. ৰংগাৰ। ইয়াত স্মিতা পাটিল, ওম পুৰী আৰু নানা পাটেকাৰ আদিয়ে অভিনয় কৰিছে। দেৱদাসী পৰম্পৰাৰ বিৰুদ্ধে সংগ্ৰাম কৰা লোকসকলৰ অসহায়তাক গভীৰভাৱে চিত্ৰিত কৰাৰ বাবে ছবিখনে ৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ জুৰী লাভ কৰে।
-
গুলাব গেং
গুলাব গেং (Gulaab Gang ) ২০১৪ চনৰ ভাৰতৰ নাৰী সংগ্ৰামক কেন্দ্ৰ কৰি নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন একচন নাট্যধৰ্মী ছবি। পৰিচালনা আৰু সহ-লেখন সৌমিক সেনৰ; প্ৰযোজনা সৌহম শ্বাহ আৰু অনুভৱ সিনহাৰ।
-
গোমতী কে কিনাৰে
গোমতী কে কিনাৰে (Gomti Ke Kinare) ১৯৭২ চনত নিৰ্মিত এখন বলীউডী নাট্যধৰ্মী ছবি। এইখন সাৱন কুমাৰ টাকৰ প্ৰথম পৰিচালিত ছবি। ইয়াত অভিনয় কৰিছে মীনা কুমাৰী আৰু মুমতাজে। এইখনে আছিল মীনা কুমাৰীৰ শেষ মুক্তি পোৱা ছবি আৰু ৩১ মাৰ্চত মৃত্যুৰ ৮ মাহৰ পিছত ১৯৭২ চনৰ ২২ নৱেম্বৰত মৰণোত্তৰভাৱে মুক্তি পাইছিল।
-
চন্দ্ৰলেখা (১৯৪৮ চলচ্চিত্ৰ)
চন্দ্ৰলেখা (Chandralekha) ১৯৪৮ চনৰ এখন ভাৰতীয় ঐতিহাসিক দুঃসাহসিক ছবি। জেমিনি ষ্টুডিঅ'ৰ এচ এচ বসনে ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। এছ টি আৰ ৰাজকুমাৰী, এম কে ৰাধা আৰু ৰঞ্জন অভিনীত এই ছবিখন দুজন ভাতৃ বীৰসিংহ আৰু শশাংকৰ কাহিনী, যিয়ে পিতৃৰ ৰাজ্যৰ শাসনৰ অধিকাৰ পাবলৈ আৰু এজনী গাঁওৰ নৃত্যশিল্পী…
-
চন্দ্ৰাণী মুখাৰ্জী
চন্দ্ৰাণী মুখাৰ্জী এগৰাকী বলিউডৰ গায়িকা, আৰু তেওঁ বাপ্পী লাহিড়ীৰ ভগ্নী। তেওঁ পশ্চিমবঙ্গৰ এগৰাকী ফিল্মফেয়াৰ মনোনীত শিল্পী।
-
চহৰ ঔৰ স্বপ্না
চহৰ ঔৰ স্বপ্না ( Shehar Aur Sapna ) ১৯৬৩ চনত মুক্তি পোৱা খাজা আহমদ আব্বাছ পৰিচালিত এখন হিন্দী চলচ্চিত্ৰ। ছবিখনত দ্ৰুত উন্নয়নশীল মহানগৰ এখনত নিজৰ ঘৰ বিচাৰি বৃথা চেষ্টা চলোৱা এহাল যুৱ দম্পতীৰ কাহিনী চিত্ৰিত হৈছে, যিসকল এক উন্নত জীৱনৰ সন্ধানত মহানগৰীত ভীৰ কৰিছিল।
-
চিটি লাইটছ (২০১৪ চলচ্চিত্ৰ)
চিটি লাইটছ ( City Lights) ২০১৪ চনৰ হনছল মেহতা পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী ছবি, য'ত ৰাজকুমাৰ ৰাও আৰু অভিনেত্ৰী পাত্ৰলেখাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ই বাফটাৰ বাবে মনোনীত ব্ৰিটিছ ছবি “মেট্ৰ' মেনিলা”ৰ (২০১৩) পুনৰ্নিৰ্মাণ।
-
চেতনা (১৯৭০ চলচ্চিত্ৰ)
চেতনা ( Chetna ) ১৯৭০ চনত নিৰ্মিত বলীউডৰ এখন নাট্যধৰ্মী ছবি, পৰিচালক আছিল বি.আৰ. ইছাৰা। অভিনয় কৰিছে শত্ৰুঘ্ন সিনহা, অনিল ধৱন আৰু ৰেহানা চুলতানে। ছবিখনৰ কাহিনী বেশ্যাৰ পুনৰ্বাসনৰ বিষয়টোক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে। অভিনেত্ৰী ৰেহানা চুলতানৰ সাহসিক দৃশ্যৰ বাবে চেতনা অধিক বিখ্যাত।
-
চোৰী চোৰী চুপকে চুপকে
চোৰী চোৰী চুপকে চুপকে ( Chori Chori Chupke Chupke ) ২০০১ চনত আব্বাছ–মস্তান পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি; চিত্ৰনাট্য আৰু কাহিনী ক্ৰমে জাভেদ ছিদ্দিকী আৰু নীৰজ ভোৰাৰ।
-
ছামডে
ছামডে (Someday) হৈছে ২০২১ চনৰ ভাৰতীয় হিন্দী ভাষাৰ নাটকীয় চুটি ছবি, যিখন শেফালী শ্বাহে লিখা আৰু তেৱেঁই পৰিচালনা কৰিছে তথা মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই চলচ্চিত্ৰখনত ক’ভিড-১৯ মহামাৰীৰ সময়ত স্বাস্থ্যকৰ্মীসকলৰ মানসিক চাপ আৰু পাৰিবাৰিক দূৰত্বৰ বেদনাক সংবেদনশীলভাৱে উপস্থাপন কৰা হৈছে।
-
ছিক্ৰেট ছুপাৰষ্টাৰ
ছিক্ৰেট ছুপাৰষ্টাৰ (Sathi Leelavathi) ২০১৭ চনৰ, অদ্বৈত চন্দনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ সংগীতপ্ৰধান নাট্যধৰ্মী ছবি। আমিৰ খান প্ৰডাকচন ষ্টুডিঅ'ৰ অধীনত আমিৰ খান আৰু কিৰণ ৰাৱে ছবিখন প্ৰযোজনা কৰিছে। ছবিখনত অভিনয় কৰিছে জাইৰা ৱাছিম, আমিৰ খান, মেহেৰ বিজ আৰু ৰাজ অৰ্জুনে।
-
ছোটী ছোটী বাতেঁ
ছোটী ছোটী বাতেঁ ( Chhoti chhoti baten ) অভিনেতা মোতীলালৰ পৰিচালনাত ১৯৬৫ চনত নিৰ্মিত এখন ভাৰতীয় হিন্দী পাৰিবাৰিক নাট্যধৰ্মী ছবি। তেওঁৰ ঘৰুৱা বেনাৰ ৰাজবংশী প্ৰডাকচনছৰ অধীনত পৰিচালক, লেখক আৰু প্ৰযোজক হিচাপে তেওঁৰ একমাত্ৰ ছবি আছিল। ইয়াত মোতীলাল, নাদিৰা আৰু মোতীসাগৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
জয় সন্তোষী মা (চলচ্চিত্ৰ)
জয় সন্তোষী মা (Jai Santoshi Maa) ১৯৭৫ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ভক্তিমূলক চলচ্চিত্ৰ। পৰিচালনা বিজয় শৰ্মাৰ আৰু ৰচনা আৰ. প্ৰিয়দৰ্শীৰ। সন্তোষী মা (সন্তোষী মাতা বুলিও কোৱা হয়) হৈছে সন্তুষ্টিৰ দেৱী।
-
জাহান আৰা (চলচ্চিত্ৰ)
জাহান আৰা ১৯৬৪ চনৰ বিনোদ কুমাৰ পৰিচালিত ইতিহাস আধাৰিত এখন হিন্দী ভাষাৰ ছবি। এইখন কুমাৰৰ প্ৰথম পৰিচালিত ছবি।[2] ইয়াত পৃথ্বীৰাজ কাপুৰ, ভাৰত ভূষণ, মালা সিনহা,আৰু শশীকলাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। জাহান আৰা মালা সিনহাই নাম ভূমিকাত অভিনয় কৰা জাহানাৰা বেগমৰ জীৱনৰ আধাৰত নিৰ্মিত এখন ঐতিহাসিক ৰোমাঞ্চ।
-
জীৱন ধাৰা
জীৱন ধাৰা (Jeevan Dhaara) হ'ল ১৯৮২ চনৰ টি. ৰামা ৰাওৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন ১৯৭৪ চনৰ তামিল ছবি আৱাল অৰু থোদাৰ কাথাই ৰ পুনৰ্নিৰ্মাণ।
-
জুলী (১৯৭৫ চলচ্চিত্ৰ)
জুলী (Julie) ১৯৭৫ চনৰ এখন হিন্দী ৰোমাণ্টিক ড্ৰামা ছবি, যাৰ পৰিচালনা আছিল কে. সেতুমাধৱনৰ আৰু ৰচনা আছিল চক্ৰপাণিৰ। ছবিখনত লক্ষ্মীয়ে নাম ভূমিকাত অভিনয় কৰিছিল আৰু এয়া অভিনেত্ৰীগৰাকীৰ প্ৰথম হিন্দী ছবিত অভিনয় আছিল।
-
টয়লেট: এক প্ৰেম কথা
টয়লেট: এক প্ৰেম কথা বা সৰলভাৱে টয়লেট (Toilet: Ek Prem Katha) ২০১৭ চনৰ শ্ৰী নাৰায়ণ সিঙৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখন কমেডী-ড্ৰামা ছবি। ছবিখনৰ প্ৰযোজক আছিল অক্ষয় কুমাৰ আৰু সহযোগী প্ৰযোজক আছিল নীৰজ পাণ্ডে। টয়লেটৰ মুখ্য় ভুমিকাত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু ভূমি পেডনেকাৰে।