অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আৰতি (১৯৬২ চলচ্চিত্ৰ)

আৰতি ( Aarti ) ১৯৬২ চনত ফণী মজুমদাৰৰ পৰিচালিত আৰু তাৰাচান্দ বৰজাত্যৰ প্ৰযোজনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন ছবি। ছবিখনত মীনা কুমাৰীয়ে আৰতিৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে। আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে অশোক কুমাৰ, প্ৰদীপ কুমাৰ আৰু শশীকলা।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আৰতি ( Aarti ) ১৯৬২ চনত ফণী মজুমদাৰৰ পৰিচালিত আৰু তাৰাচান্দ বৰজাত্যৰ প্ৰযোজনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন ছবি। ছবিখনত মীনা কুমাৰীয়ে আৰতিৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে। আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে অশোক কুমাৰ, প্ৰদীপ কুমাৰ আৰু শশীকলা।১ প্ৰফুল্ল দেশাইৰ ৰচনা কৰা “সংস্কাৰ লক্ষ্মী” নামৰ নাটকৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।২

বঁটা

১৯৬৩ চনৰ ফিল্মফেয়াৰ বঁটাত আৰতিয়ে দুটা মনোনয়ন লাভ কৰে আৰু তাৰে এটাত শশীকলাই শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা পায়। এয়া আছিল শশীকলাৰ প্ৰথম ফিল্মফেয়াৰ বঁটা। সেই বছৰতে মীনা কুমাৰীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ তিনিওটা মনোনয়ন লাভ কৰি অভিলেখ গঢ়িছিল আৰু অৱশেষত চাহিব বিবি ঔৰ গুলামৰ হৈ জয়লাভ কৰে। বংগ চলচ্চিত্ৰ সাংবাদিক সংস্থাই আৰতিক বছৰৰ নৱম শ্ৰেষ্ঠ ভাৰতীয় ছবি হিচাপে স্বীকৃতি দিয়ে, আৰু ইয়াক অতিৰিক্ত তিনিটা প্ৰতিযোগিতামূলক বঁটা প্ৰদান কৰে।৩ ফিল্মফেয়াৰ বঁটা

  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- শশীকলা

বেংগল জাৰ্নলিষ্টছ্ এছোচিয়েচন এৱাৰ্ড (BJFA)

  • শ্ৰেষ্ঠ অভিনেত্ৰী (হিন্দী)- মীনা কুমাৰী
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী-শশীকল
  • শ্ৰেষ্ঠ শব্দগ্ৰহণ- আৰ জি পুষলকৰ

তথ্যসূত্ৰ

  1. ↑ Pothukuchi, Madhavi. (12 May 2019). Barjatya film and feminist? Meena Kumari's 1962 film 'Aarti' made it possible. ThePrint
  2. ↑ Vijayakumar, B. (12 April 2015). Manaswini – 1968. দ্য হিন্দু
  3. ↑ 1963 awards. BFJA

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ১৯৬২ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰতি (১৯৬২ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯৩৯১৩ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।