অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গংগাৱতৰণ (চলচ্চিত্ৰ)

গংগাৱতৰণ ( Gangavataran ) ১৯৩৭ চনৰ "ভাৰতীয় চলচ্চিত্ৰৰ পিতৃ" হিচাপে পৰিচিত দাদাচাহেব ফাল্কেৰ এখন ভাৰতীয় ছবি। এইখন আছিল প্ৰথম চাউণ্ড ফিল্ম আৰু ফাল্কেই পৰিচালনা কৰা শেষ ছবি। ফাল্কেই যেতিয়া এই ছবিখন পৰিচালনা কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল ৬৭ বছৰ। তেওঁ কোহলাপুৰ মুভীট’নৰ হৈ গংগাৱতৰণ পৰিচালনা কৰিছিল।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৫ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

গংগাৱতৰণ ( Gangavataran ) ১৯৩৭ চনৰ "ভাৰতীয় চলচ্চিত্ৰৰ পিতৃ" হিচাপে পৰিচিত দাদাচাহেব ফাল্কেৰ এখন ভাৰতীয় ছবি। এইখন আছিল প্ৰথম চাউণ্ড ফিল্ম১ আৰু ফাল্কেই পৰিচালনা কৰা শেষ ছবি। ফাল্কেই যেতিয়া এই ছবিখন পৰিচালনা কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল ৬৭ বছৰ। তেওঁ কোহলাপুৰ মুভীট’নৰ হৈ গংগাৱতৰণ পৰিচালনা কৰিছিল।২

নিৰ্মাণ

গংগাৱতৰণৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ দুবছৰ সময় লাগিছিল। এই ছবিখনৰ নিৰ্মাণ ব্যয় আছিল সমসাময়িক মুদ্ৰাৰ মূল্যত ডেৰ লাখ টকা ১৯৩৭ চনৰ ৬ আগষ্টত মুম্বাইৰ ৰয়েল অপেৰা হাউচত এই ছবিখন প্ৰদৰ্শিত হয়। গংগাৱতৰণ আছিল ৰয়েল অপেৰা হাউচত প্ৰদৰ্শিত হোৱা প্ৰথমখন ভাৰতীয় চাউণ্ড ফিল্ম।৩

বিশ্লেষণ

গংগাৱতৰণ এখন পৌৰাণিক ছবি আছিল। যেতিয়া ফাল্কেই এই ছবিখন পৰিচালনা কৰিছিল তেতিয়া ভি শান্তৰামৰ দৰে আন চলচ্চিত্ৰ নিৰ্মাতাসকলে সমাজ সংস্কাৰক বিষয়ভিত্তিক উপাদান হিচাপে লৈ ছবি পৰিচালনা কৰিছিল।৪ বক্স অফিচত গংগাৱতৰণ ফ্লপ হৈছিল। হিন্দী চলচ্চিত্ৰৰ বিশ্বকোষত গংগাৱতৰণক ফাল্কে কৰা "শেষ হতাশজনক প্ৰচেষ্টা" বুলি বৰ্ণনা কৰা হৈছে। সেই সময়ত বিগ বাজেটৰ ছবিবোৰ ফলেফুলে জাতিষ্কাৰ হব ধৰিছিল, যাৰ বৈশিষ্ট্য আছিল "সহজ অনুসৰণ কৰিব পৰা সংলাপ, আকৰ্ষণীয় গীত, লোকনৃত্য, ভুল বুজাবুজিৰ নাটকৰ, গ্ৰাম্য ৰোমাঞ্চ" আৰু তাৰ লগেলগে হিন্দী চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম পথ প্ৰদৰ্শকসকল ৰাজহুৱা স্মৃতিৰ পৰা দ্ৰুতভাৱে ম্লান হৈ যাব ধৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ Eric Mazur. (8 March 2011). Encyclopedia of Religion and Film. ABC-CLIO. পৃ. 75. ISBN 978-0-313-33072-8
  2. ↑ (1997). The India magazine of her people and culture. A. H. Advani. পৃ. 13
  3. ↑ Bāpū Vāṭave. (1 January 2004). Dadasaheb Phalke, the father of Indian cinema. National Book Trust. পৃ. 115. ISBN 978-81-237-4319-6
  4. ↑ Bimal Mukherjee; Sunil Kothari; Ananda Lal. (1995). Rasa: Theatre and cinema. Anamika Kala Sangam. পৃ. 227
  5. ↑ Encyclopædia Britannica (India) Pvt. Ltd; Gulzar; Govind Nihalani. (2003). Encyclopaedia of Hindi cinema. Popular Prakashan. পৃ. 76. ISBN 978-81-7991-066-5

সম্পৰ্কিত শ্ৰেণী

হিন্দু পৌৰাণিক চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰমাৰাঠী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গংগাৱতৰণ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৫৯২৫ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।