অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

টয়লেট: এক প্ৰেম কথা

টয়লেট: এক প্ৰেম কথা বা সৰলভাৱে টয়লেট (Toilet: Ek Prem Katha) ২০১৭ চনৰ শ্ৰী নাৰায়ণ সিঙৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখন কমেডী-ড্ৰামা ছবি। ছবিখনৰ প্ৰযোজক আছিল অক্ষয় কুমাৰ আৰু সহযোগী প্ৰযোজক আছিল নীৰজ পাণ্ডে। টয়লেটৰ মুখ্য় ভুমিকাত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু ভূমি পেডনেকাৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪২৩ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

টয়লেট: এক প্ৰেম কথা বা সৰলভাৱে টয়লেট (Toilet: Ek Prem Katha) ২০১৭ চনৰ শ্ৰী নাৰায়ণ সিঙৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখন কমেডী-ড্ৰামা ছবি।১২ ছবিখনৰ প্ৰযোজক আছিল অক্ষয় কুমাৰ আৰু সহযোগী প্ৰযোজক আছিল নীৰজ পাণ্ডে।৩ টয়লেটৰ মুখ্য় ভুমিকাত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু ভূমি পেডনেকাৰে।৪ ভাৰতৰ অনাময় পৰিস্থিতিত পোহৰ পেলাই মুকলিত শৌচ কৰা প্ৰথা নিৰ্মূলৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোৱে আছিল ছবিখনৰ মূল বিষয়বস্তু, যি স্বচ্ছ ভাৰত অভিযানৰ পূৰ্বে গ্ৰামীণ ভাৰতৰ এটা গুৰুত্বপূৰ্ণ সমস্যা আছিল।৫

তেতিয়ালৈকে আন্তঃগাঁথনিৰ অভাৱৰ বাবে গ্ৰাম্য জনসংখ্যাৰ প্ৰায় আধাই মুকলি ঠাইত শৌচ কৰিছিল (২০১৫ চনলৈকে)। ২০২১ চনলৈ মুকলিত শৌচ কৰা জনসংখ্যা ১৫% লৈ হ্ৰাস পাইছিল। নগৰ অঞ্চলৰ বাবে এই পৰিসংখ্যা আছিল ১%, আৰু গ্ৰাম্য অঞ্চলৰ বাবে ২২%।৬ কোৱা হয় যে এই ছবিখন মধ্যপ্ৰদেশৰ অনিতা নৰ্ৰেৰ সত্য কাহিনীৰ আধাৰত নিৰ্মিত, যি গৰাকী নাৰীয়ে শৌচাগাৰ নথকা বাবে স্বামী শিৱৰামৰ ঘৰলৈ যাবলৈ অস্বীকাৰ কৰিছিল।৭ দৰাচলতে ছবিখনৰ শেষভাগত ভূমি পেডনেকাৰৰ সৈতে নৰ্ৰে দম্পতীৰ এখন ফটো দেখুওৱা হৈছে আৰু উপশিৰোনামাত এই তথ্যৰ উল্লেখ কৰা হৈছে। ছবিখনৰ আৰম্ভণিতেও বৰ্ণনা কৰা হৈছে যে ছবিখন এটা সঁচা কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত। অৱশ্যে ছবিখনৰ শেষতহে প্ৰকৃত চৰিত্ৰৰ নাম উল্লেখ কৰা হয়।

২০১৭ চনৰ ১১ আগষ্টত মুক্তি পোৱা ছবিখনে মুখ্য অভিনেতাৰ অভিনয় আৰু চিত্ৰনাট্যৰ বাবে সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰে। দেশৰ লগতে বিদেশতো, বিশেষকৈ চীন দেশত ই ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল আৰু অক্ষয় কুমাৰৰ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি আৰু বিশ্বজুৰি ₹৩১১.০২ কোটি উপাৰ্জন কৰা বছৰৰ চতুৰ্থ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।

৬৩তম ফিল্মফেয়াৰ বঁটাত ছবিখনে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক (নাৰায়ণ সিঙ) আৰু শ্ৰেষ্ঠ অভিনেতাকে (অক্ষয় কুমাৰ) ধৰি তিনিটা শিতানত মনোনয়ন লাভ কৰিছিল।

নিৰ্মাণ

বিকাশ

‘’গলিয়োঁ কি ৰাসলীলা ৰাম-লীলাৰ’’ লেখক সিদ্ধাৰ্থ সিং আৰু গৰিমা ৱাহালে এই ছবিখনৰ কাহিনী ৰচনা কৰিছিল। এটা প্ৰকৃত ঘটনাৰ সৈতে ইয়াৰ কিছু সাদৃশ্য আছে, য'ত ১৯ বছৰীয়া প্ৰিয়ংকা ভাৰতীয়ে ২০১২ চনত[18] শৌচাগাৰ নথকা বাবে স্বামীৰ ঘৰৰ পৰা গুছি গৈছিল।৮ ৯ ছবিখনৰ শেষত উল্লেখ কৰা হৈছিল যে এয়া মধ্যপ্ৰদেশৰ অনিতা নাৰ্ৰেৰ কাহিনীৰ ওপৰত আধাৰিত। অনিতাই স্বামী শিৱৰামৰ ঘৰলৈ শৌচাগাৰ নথকাৰ বাবে ঘূৰি যাবলৈ অস্বীকাৰ কৰিছিল।১০

চলচ্চিত্ৰ নিৰ্মাতা প্ৰবীণ ব্যাসে টয়লেটৰ নিৰ্মাতাসকললৈ আইনী জাননী প্ৰেৰণ কৰি দাবী কৰিছিল যে টয়লেট- এক প্ৰেম কাহিনীয়ে একে বিষয়ৰ ওপৰত আধাৰিত তেওঁৰ তথ্যচিত্ৰ ‘’মানিনী’’ৰ দৃশ্য আৰু সংলাপ চুৰি কৰিছিল।১১

বিপনন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছবিখনক স্বচ্ছ ভাৰত অভিযানৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তাক আগুৱাই নিয়াৰ এক ভাল প্ৰয়াস বুলি অভিহিত কৰে।১২১৩ ২০১৭ চনৰ ডিচেম্বৰ মাহত বিল গেটছে ২০১৭ চনত ঘটা ছটা ইতিবাচক কথাৰ ভিতৰত অন্যতম হিচাপে টয়লেট: এক প্ৰেম কাহিনীক তালিকাভুক্ত কৰে।১৪

ছবিখনৰ প্ৰচাৰৰ বাবে অক্ষয় কুমাৰে মধ্যপ্ৰদেশত এটা শৌচাগাৰ নিৰ্মাণ কৰিছিল।১৫ ২০১৭ চনৰ ১১ জুনত ছবিখনৰ ট্ৰেইলাৰ মুক্তি পায়।১৬

সন্মান

জী চিনে বঁটা

  • শ্ৰেষ্ঠ ছবি (ভিউৱাৰ্চচ চয়েছ)
  • বিশিষ্ট প্ৰভাৱ১৭

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ নৃত্য পৰিচালক- গণেশ আচাৰ্য (‘’গোৰী তু লাথ মাৰি’’ গীতটোৰ বাবে)১৮

মাতৃশ্ৰী মিডিয়া বঁটা

  • শ্ৰেষ্ঠ চলচ্চিত্ৰ১৯

তথ্যসূত্ৰ

  1. ↑ ANI. (19 September 2017). Uttar Pradesh becomes the new flavour of Bollywood in 2017. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  2. ↑ (29 January 2017). Akshay Kumar's 'Toilet ' Ek Prem Katha' is a social satire. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. TNN
  3. ↑ (18 August 2017). Akshay Kumar: 'Toilet: Ek Prem Katha' not a propaganda film. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. PTI
  4. ↑ Aggarwal, Shivangi. (2021-07-13). Is India really open-defecation-free? Here's what numbers say. Down To Earth
  5. ↑ BOC India Team. (31 March 2017). Toilet Ek Prem Katha Cast & Crew. BoxOfficeCollection.in
  6. ↑ (16 February 2012). Madhya Pradesh woman awarded for leading 'toilet revolution'. NDTV
  7. ↑ PTI. (30 November 2016). Toilet Ek Prem Katha is funny yet credible: Bhumi Pednekar. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  8. ↑ Agence France Presse. (16 February 2012). Madhya Pradesh woman awarded for leading 'toilet revolution'. NDTV. NDTV Convergence
  9. ↑ Deccan Chronicle. (3 July 2017). Toilet-Ek Prem Katha writers plan defamation case over 'ridiculous' plagiarism claims. Deccan Chronicle
  10. ↑ (13 June 2017). PM Narendra Modi Lauds Akshay Kumar Toilet Ek Prem Katha's Trailer; Calls It a Good Effort to Further the Message of Cleanliness. News18. Network18 Media and Investments
  11. ↑ ANI. (12 June 2017). PM Narendra Modi impressed with Akshay Kumar's 'Toilet Ek Prem Katha' trailer. Times of India. The Times Group
  12. ↑ Goyal, Divya. (20 December 2017). On Bill Gates' Best Of 2017 List, Akshay Kumar's Toilet: Ek Prem Katha. NDTV. NDTV Convergence
  13. ↑ (1 April 2017). Akshay Kumar helps build toilet in MP. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  14. ↑ (11 June 2017). Toilet: Ek Prem Katha trailer is gripping; Akshay Kumar takes on an important issue. Firstpost
  15. ↑ Toilet – Ek Prem Katha (2017). Rotten Tomatoes. Fandango Media
  16. ↑ Iyer, Meena. (11 August 2017). Toilet: Ek Prem Katha Movie Review. Times of India. The Times Group
  17. ↑ Filmfare. (19 January 2018). Nominations for the 63rd Jio Filmfare Awards 2018. Filmfare. Worldwide Media
  18. ↑ Basu, Nilanjana. (22 May 2018). IIFA Nominations 2018: Tumhari Sulu Leads With 7 Nods, Newton Follows. NDTV. NDTV Convergence
  19. ↑ Vetticad, Anna MM. (11 August 2017). Toilet: Ek Prem Katha movie review—Akshay Kumar's paean to Modi and the potty. Firstpost

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰফিল্মফেয়াৰ বঁটা বিজয়ী২০১৭ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টয়লেট: এক প্ৰেম কথা” প্ৰবন্ধৰ সংশোধন ৬৩৭১৯১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।