অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জয় সন্তোষী মা (চলচ্চিত্ৰ)

জয় সন্তোষী মা (Jai Santoshi Maa) ১৯৭৫ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ভক্তিমূলক চলচ্চিত্ৰ। পৰিচালনা বিজয় শৰ্মাৰ আৰু ৰচনা আৰ. প্ৰিয়দৰ্শীৰ। সন্তোষী মা (সন্তোষী মাতা বুলিও কোৱা হয়) হৈছে সন্তুষ্টিৰ দেৱী।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জয় সন্তোষী মা (Jai Santoshi Maa) ১৯৭৫ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ভক্তিমূলক চলচ্চিত্ৰ। পৰিচালনা বিজয় শৰ্মাৰ আৰু ৰচনা আৰ. প্ৰিয়দৰ্শীৰ। সন্তোষী মা (সন্তোষী মাতা বুলিও কোৱা হয়) হৈছে সন্তুষ্টিৰ দেৱী। উষা মংগেশকাৰে মহেন্দ্ৰ কাপুৰ আৰু ছবিখনৰ গীতবোৰৰ কথা লিখা বিখ্যাত কবি, গীতিকাৰ কবি প্ৰদীপৰ সৈতে ছবিখনৰ গীতবোৰ গাইছিল। কম বাজেটত নিৰ্মিত এই ছবিখন বক্স অফিচত অন্যতম সফল ছবি হিচাপে পৰিগণিত হয়। ১

প্লট

ছবিখনৰ আৰম্ভণি হয় দেৱলোকত, য'ত দেৱী সন্তোষী মাতাৰ "জন্ম" গণেশৰ কন্যা হিচাপে। গণেশৰ দুগৰাকী পত্নী ৰিদ্ধি আৰু সিদ্ধি ("সমৃদ্ধি" আৰু "আধ্যাত্মিক শক্তি")। যদিও গণেশৰ আন এগৰাকী পত্নী বুদ্ধি ("জ্ঞান") আছে, তথাপিও তেওঁক ছবিখনত দেখুওৱা হোৱা নাই। এটা মূল ভূমিকাত আছে বিষ্ণুৰ ভক্ত অমৰ ঋষি নাৰদ, যিয়ে ছবিখনৰ দুটা সমান্তৰাল কাহিনী আগবঢ়াই লৈ যায়।

আনহাতে মৰ্ত্যত দেখা যায় সত্যৱতী নামৰ মহিলা এগৰাকীক, মহিলাৰ দল এটাৰ সৈতে সন্তোষী মাৰ আৰতি কৰি থকা অৱস্থাত, যিগৰাকী সন্তোষী মাতাৰ সৰ্বশ্ৰেষ্ঠ পাৰ্থিৱ ভক্ত। সত্যৱতীয়ে জীৱনত বিভিন্ন ঘাট-প্ৰতিঘাটৰ সন্মুখীন হয় আৰু তেওঁক ৰক্ষা কৰি থাকে সন্তোষী মাতাই। ছবিখনৰ যোগেদি পৰম কৰুণাময়ী দেৱীগৰাকীয়ে যে প্ৰতি নিয়ত ভক্তক ৰক্ষা কৰি থাকে, তাকে দেখুওৱা হৈছে।

মু্ক্তি আৰু প্ৰতিক্ৰিয়া

ছবিখন মুক্তি পোৱাৰ পিছত বিশেষকৈ উত্তৰ ভাৰতৰ মহিলাসকলে সন্তোষী মাক দেৱী হিচাপে পূজা কৰিবলৈ আৰম্ভ কৰিছিল।[4][5] ছবিখনত সন্তোষী মাক "গণেশ"ৰ কন্যা হিচাপে দেখুওৱা হৈছে। ২৩

কোনো পৌৰাণিক কাহিনী বা অন্যান্য পৰিচিত গ্ৰন্থত আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হোৱা নাই। ছবিখনত বিশেষকৈ গণেশৰ এগৰাকী ভগ্নী আৰু এগৰাকী কন্যা আছে বুলি কৰা দাবী অনন্য যেন লাগে। মহাৰাষ্ট্ৰত জনবিশ্বাস আছে যে গণেশৰ চাৰিওদিশৰ প্ৰতিটো দিশতে এগৰাকীকৈ ভগ্নী আছে আৰু তেওঁ প্ৰতি বছৰে গণেশ চতুৰ্থী উপলক্ষে প্ৰত্যেক গৰাকী ভনীয়েকক লগ পাবলৈ যায়।

২০০৬ চনত ছবিখনৰ পুনৰ নিৰ্মাণ হয়, য’ত উষা মংগেশকাৰে পুনৰ গীত গাইছিল। এই ছবিখনৰ প্ৰভাৱতে ষোল শুক্ৰবাৰ, সন্তোষী মা কি মহিমা আদি ছবি আৰু জয় সন্তোষী মা নামেৰে এখন টিভি ধাৰাবাহিকো নিৰ্মিত হৈছিল।

বঁটা আৰু সন্মান

  • শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ BFJA বঁটা (হিন্দী শাখা) – প্ৰদীপক "যহাঁ ৱাহাঁ" গীতটিৰ বাবে।
  • শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ BFJA বঁটা (হিন্দী শাখা) – উষা মংগেশকাৰ ৪
  • শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ BFJA বঁটা ফিল্মফেয়াৰ মনোনয়ন – "মেঁ তো আৰতি" গীতৰ বাবে উষা মংগেশকাৰ ৫

তথ্যসূত্ৰ

  1. ↑ BoxOffice India.com
  2. ↑ Cohen, Lawrence. "The Wives of Gaṇeśa", pp. 130 in: Ganesh: Studies of an Asian God, Robert L. Brown (editor), SUNY Series in Tantric Studies (State University of New York Press: Albany, 1991)
  3. ↑ Santoshī Mā is discussed by Thapan, Anita Raina. Understanding Gaņapati: Insights into the Dynamics of a Cult. (Manohar Publishers: New Delhi, 1997). pp. 15–16, 230, 239, 242, 251
  4. ↑ 39th Annual BFJA Awards. BFJA
  5. ↑ 1st Filmfare Awards 1953

সম্পৰ্কিত শ্ৰেণী

হিন্দু পৌৰাণিক চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ১৯৭৫ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয় সন্তোষী মা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭১৫০৭ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।