হিন্দী চলচ্চিত্ৰ
২১৮ প্ৰবন্ধ
-
মধুবালা (১৯৫০ চলচ্চিত্ৰ)
মধুবালা ( Madhubala ) ১৯৫০ চনৰ প্ৰহ্লাদ দত্তৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী ছবি। ছবিখনত মধুবালাই এনে এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে, যি দেউতাকৰ অজস্ৰ ধন-সম্পদৰ উত্তৰাধিকাৰী। তেওঁক কেইবাজনো লোকে ফুচলাবৰ চেষ্টা কৰিছে আৰু তেওঁ প্ৰকৃত প্ৰেমৰ সন্ধান কৰিছে।
-
মহা চোৰ
মহা চোৰ (অৰ্থাৎ "ডাঙৰ চোৰ") হৈছে নৰেন্দ্ৰ বেদীৰদ্বাৰা পৰিচালিত ১৯৭৬ চনৰ এখন বলীউডৰ এক্সন কমেডী চলচ্চিত্ৰ। ইয়াত ৰাজেশ খান্নাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁৰ বিপৰীতে পোনপ্ৰথমবাৰৰ বাবে নীতু সিঙক দেখা গৈছে।
-
মহাৱতাৰ নৰসিংহ
মহাৱতাৰ নৰসিংহ (Mahavatar Narsimha) হৈছে ২০২৫ চনৰ ভাৰতীয় এনিমেটেড মহাকাব্যিক পৌৰাণিক একচনধৰ্মী ছবি, যাৰ পৰিচালক আছিল অশ্বিন কুমাৰ৷ বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ আৰু নৰসিংহ পুৰাণৰ আধাৰত জয়পূৰ্ণা দাসৰ দ্বাৰা লিখিত কাহিনীটো ক্লিম প্ৰডাকচন আৰু হোম্বলে ফিল্মছে প্ৰযোজনা কৰে।
-
মা বেটী
মা বেটী হ'ল ১৯৮৬ চনৰ ভাৰতীয় পাৰিবাৰিক নাট্য চলচ্চিত্ৰ। বলীউডৰ এইখন চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে শশী কাপুৰ, শৰ্মিলা ঠাকুৰ, তনুজা আৰু মীনাক্ষী শেশাদ্ৰীয়ে।
-
মাম্মো
মাম্মো (Mammo ) হৈছে ১৯৯৪ চনj শ্যাম বেনেগাল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি। ইয়াত অভিনয় কৰিছে ফৰিদা জালাল, সুৰেখা ছিক্ৰী, অমিত ফাল্কে আৰু ৰজিত কাপুৰে। ছবিখন ১৯৯৫ চনত হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
মায়া (২০০১ চনৰ চলচ্চিত্ৰ)
মায়া হৈছে ২০০১ চনৰ হিন্দী চলচ্চিত্ৰ, যাক দিগ্বিজয় সিঙে পৰিচালনা কৰিছিল। নিত্যা শেট্টী, মিতা বশিষ্ঠ, অনন্ত নাগ আৰু নিখিল য়াদৱে মুখ্য ভূমিকাত অভিনয় কৰিছিল।
-
মীনা (চলচ্চিত্ৰ)
মীনা হ'ল ভাৰতত যৌন সৰবৰাহৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ। ২০১৪ চনৰ ২৬ জুনত নিউয়ৰ্ক চহৰত এইখন চলচ্চিত্ৰৰ প্ৰিমিয়াৰ হৈছিল। ইয়াৰ দৈৰ্ঘ্য মাত্ৰ ২০ মিনিট ১৪ ছেকেণ্ড। এই ছবিখনৰ যোগেদি লুচি লিউ, কলিন কে গ্ৰে, আৰু মেগান ৰেনীয়ে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।
-
মীৰা (১৯৭৯ চলচ্চিত্ৰ)
মীৰা ১৯৭৯ চনৰ গুলজাৰ ৰচিত আৰু পৰিচালিত এখন হিন্দী ভাষাৰ ছবি। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি থকা প্ৰেমৰ সন্ধানত ৰাজকীয় আৰাম ত্যাগ কৰা হিন্দু সাধ্বী-কবি মীৰাৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন। ভাৰতীয় বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰা নাছিল যদিও সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।
-
মুঞ্জ্যা (চলচ্চিত্ৰ)
মুঞ্জ্যা (Munjya) হৈছে আদিত্য সৰ্পোতদাৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ কমেডী হ'ৰ'ৰ ছবি। এই ছবিখনত শৰ্ৱৰী, অভয় ভাৰ্মা, সত্যৰাজ আৰু মোনা সিং অভিনয় কৰিছে। শিৰোনাম চৰিত্ৰটো সম্পূৰ্ণৰূপে চিজিআই ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল।
-
মেই জিন্দা হুঁ
মেই জিন্দা হুঁ (অনু. মই জীয়াই আছো; Ladies Only) ১৯৮৮ চনত সুধীৰ মিশ্ৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয়, হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি, য'ত ৰাজেন্দ্ৰ গুপ্ত, পংকজ কাপুৰ, দীপ্তি নাভাল আৰু আলোক নাথে অভিনয় কৰিছে।
-
মেৰী কম (চলচ্চিত্ৰ)
মেৰী কম (Mary Kom) ২০১৪ চনত মুক্তি পোৱা আৰু ভাৰতত নিৰ্মিত এখন হিন্দী ভাষাৰ জীৱনীমূলক ক্ৰীড়াবিষয়ক ছবি। ইপোনিমাছ বক্সাৰ মেৰী কমৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক হৈছে ওমুং কুমাৰ। প্ৰযোজনা কৰিছে ভায়কম ১৮ মোচন পিকচাৰ্ছ আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে।
-
লক্ষ্মী (২০১৪ চলচ্চিত্ৰ)
লক্ষ্মী Lakshmi) ২০১৪ চনৰ নাগেশ কুকুনুৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক সামাজিক সমস্যাৰ ছবি। ইয়াত শ্বেফালী শ্বাহ, ৰাম কাপুৰ, সতীশ কৌশিক, আৰু কুকুনুৰৰ সৈতে শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে মোনালি ঠাকুৰে।
-
লড়কী: ড্ৰেগন গাৰ্ল
লড়কী: ড্ৰেগন গাৰ্ল (বিকল্প শিৰোনাম: এণ্টাৰ দ্য গাৰ্ল ড্ৰেগন; Ladki: Dragon Girl) ২০২২ চনৰ, ইণ্ডো চাইনীজ প্ৰডাকছনৰ অধীনত ৰাম গোপাল বাৰ্মা, আৰু জিং লিউয়ে ৰচনা আৰু পৰিচালনা কৰা(4) ভাৰতীয় হিন্দী ভাষাৰ এখন যুদ্ধকলা বিষয়ক ছবি।
-
লাইলা মজনু (১৯৭৬ চলচ্চিত্ৰ)
লাইলা মজনু (Laila Majnu) ১৯৭৬ চনৰ ভাৰতীয় হিন্দুস্তানী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি, যাৰ পৰিচালক আছিল হৰনাম সিং ৰাৱাইল। মুখ্য চৰিত্ৰত ঋষি কাপুৰ, ৰঞ্জিতা আৰু ডেনী ডেনজংপাই অভিনয় কৰিছিল। ছবিখনৰ সংগীত মদন মোহন আৰু জয়দেৱৰ।
-
লাল দৰ্জা
লাল দৰ্জা (Lal Darja) ১৯৯৭ চনত মুক্তি পোৱা এখন বঙালী ৰূপকাত্মক নাট্যধৰ্মী চলচ্চিত্ৰ। বুদ্ধদেৱ দাসগুপ্তই ৰচনা আৰু পৰিচালনা কৰা লাল দৰ্জাই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা
লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা (Lipstick Under My Burkha) ২০১৬ চনৰ অলংকৃতা শ্ৰীবাস্তৱ ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ব্লেক কমেডী ছবি। প্ৰযোজনা প্ৰকাশ ঝাৰ।
-
লেডিজ অনলি (১৯৩৯ চলচ্চিত্ৰ)
লেডিজ অনলি (Ladies Only) ১৯৩৯ চনৰ সৰ্বোত্তম বাদামীৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ সামাজিক হাস্য ৰসাত্মক ছবি। সাগৰ মুভিটনৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ সংগীত অনুপম ঘটকৰ আছিল আৰু ইয়াত সুৰেন্দ্ৰনাথ, সবিতা দেৱী, বিব্বো আৰু প্ৰভাই অভিনয় কৰিছিল।
-
লোগ ক্যা কহেংগে
লোগ ক্যা কহেংগে Log Kya Kahenge) ১৯৮২ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি, যিখন নিৰ্মাণ আৰু পৰিচালনা কৰিছে বি আৰ ইছাৰাই। গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
-
শকুন্তলা দেৱী (চলচ্চিত্ৰ)
শকুন্তলা দেৱী (Shakuntala Devi ) ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক নাট্যধৰ্মী ছবি, য’ত "মানৱ কম্পিউটাৰ" বুলিও জনাজাত, গণিতজ্ঞ আৰু মানসিক কেলকুলেটৰ শকুন্তলা দেৱীৰ জীৱনৰ সন্ধান কৰা হৈছে।
-
শাকিলা (চলচ্চিত্ৰ)
শাকিলা ( Shakeela ) ইন্দ্ৰজিৎ লংকেশৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক ছবি। ছবিখনত ৰিচা চাড্ডাই ১৯৯০ চনৰ জনাজাত প্ৰাপ্তবয়স্ক তাৰকা হিচাপে অভিনয় কৰিছে, যিয়ে কেইবাখনো ভাৰতীয় ভাষাৰ প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছিল, পংকজ ত্ৰিপাঠী আৰু ৰাজীৱ পিল্লাই সহযোগী চৰিত্ৰত…
-
শোধ
শোধ (Shodh) হৈছে ১৯৭৯ চনৰ বিপ্লৱ ৰয় চৌধুৰী পৰিচালিত আৰু সীতাকান্ত মিশ্ৰ প্ৰযোজিত হিন্দী ভাষাত নিৰ্মিত এখন বলীউডী ভৌতিক ছবি, যিখন সুনীল গংগোপাধ্যায়ৰ বাংলা গ্ৰন্থ গৰম ভাত ও নিচক ভূতেৰ গপ্পোৰ আধাৰত নিৰ্মিত।[1]
-
সড়ক ২
সড়ক ২ (सड़क २, ) এখন হিন্দী ভাষাৰ চলচ্চিত্ৰ, যিখনক পৰিচালনা কৰিছে মহেশ ভট্ট আৰু প্ৰযোজনা কৰিছে মুকেশ ভট্ট। চলচ্চিত্ৰখন ভিশেশ ফিল্মচ্ৰ বেনাৰত নিৰ্মিত। চলচ্চিত্ৰখন ১৯৯১ চনৰ চলচ্চিত্ৰ 'সড়ক'ৰ পৰিশিষ্ট। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে সঞ্জয় দত্ত, পূজা ভট্ট, আদিত্য ৰয় কাপুৰ আৰু আলিয়া ভট্ট।
-
সমৰ (১৯৯৯ চলচ্চিত্ৰ)
সমৰ (Samar, উৰ্দু: سمر) ১৯৯৯ চনত শ্যাম বেনেগালৰ পৰিচালনাৰে নিৰ্মিত এখন ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ। এই ছবিখন হৰ্ছ মেণ্ডাৰৰ "আনহাৰ্ড ভয়েচছ: ষ্ট'ৰীজ অৱ ফৰগটেন লাইভছ" নামৰ কিতাপখনৰ আধাৰত নিৰ্মিত। ছবিখন প্ৰযোজনা কৰিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) নামৰ চৰকাৰী সংস্থাটোৱে।
-
সাবিত্ৰী (১৯৩৭ চলচ্চিত্ৰ)
সাবিত্ৰী ( Savitri) হৈছে ১৯৩৭ চনৰ ফ্ৰেঞ্জ অষ্টিনৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ পৌৰাণিক ছবি। নিৰঞ্জন পালৰ দ্বাৰা অভিযোজিত মহাভাৰতৰ এটা কাহিনীৰ আধাৰত ছবিখনৰ সংলাপ জোচেফ উইৰ্চিঙে লিখে। সংগীত ৰচনা সৰস্বতী দেৱীৰ।
-
সুৰজ কা সাতোৱা ঘোঁৰা
সুৰজ কা সাতোৱা ঘোঁৰা ( Suraj Ka Satvan GhodaStrir Patra; অনু: সুৰ্যৰ সপ্তমটো ঘোঁৰা) ১৯৯২ চনত শ্যাম বেনেগালৰ পৰিচালনাত আৰু ধৰ্মবীৰ ভাৰতীৰ “সুৰজ কা সাতোৱা ঘোঁৰা“ নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এখন ভাৰতীয় হিন্দী ছবি। ১৯৯৩ চনত ই হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
সৌতেলা ভাই (১৯৬২ চলচ্চিত্ৰ)
সৌতেলা ভাই (Sautela Bhai) ১৯৬২ চনত মুক্তি পোৱা মহেশ কৌল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বৈকুণ্ঠেৰ উইল নামৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে গুৰু দত্ত, প্ৰণতি আৰু ৰাজকুমাৰে।
-
স্বৰ্গ নৰক (চলচ্চিত্ৰ)
স্বৰ্গ নৰক ( Swarg Narak ) ১৯৭৮ চনত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি। বিজয়া প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ দাচাৰী নাৰায়ণ ৰাৱে পৰিচালনা আৰু ৰাজেশ ৰোশনে সংগীত ৰচনা কৰিছিল। এই ছবিখন একেজন পৰিচালকে নিৰ্মাণ কৰা তেলেগু ছবি “স্বৰ্গম নৰকম”ৰ (১৯৭৫) পুনৰ্নিৰ্মাণ।
-
হকীকত (১৯৬৪ চলচ্চিত্ৰ)
হকীকত ( Haqeeqat) ১৯৬৪ চনৰ চেতন আনন্দৰ ৰচনা, পৰিচালনা আৰু প্ৰযোজনাত হিন্দী ভাষাত নিৰ্মিত এখন ভাৰতীয় যুদ্ধবিষয়ক নাট্যধৰ্মী ছবি। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ধৰ্মেন্দ্ৰ, বলৰাজ সাহনী, প্ৰিয়া ৰাজবংশ, সুধীৰ, সঞ্জয় খান আৰু বিজয় আনন্দে। ছবিখনৰ সংগীত মদন মোহনৰ আৰু গীতৰ কথা কাইফী আজমীৰ।
-
হাৱা (২০০৩ চলচ্চিত্ৰ)
হাৱা (অৰ্থ: বতাহ) হৈছে ২০০৩ চনৰ এখন ভাৰতীয় হিন্দী-ভাষাৰ ভৌতিক চলচ্চিত্ৰ, যিখন গুড্ডু ধানোৱাৰ দ্বাৰা পৰিচালিত। তবুৰ মুখ্য ভূমিকা থকা এই চলচ্চিত্ৰখন ১৯৮৩ চনৰ আমেৰিকান চলচ্চিত্ৰ দ্য এণ্ট্ৰি-ৰ এক অপচাৰকাৰী পুনৰুৎপাদন। এই চলচ্চিত্ৰখন হিমাচল প্ৰদেশৰ মনালীত দৃশ্যায়িত কৰা হৈছিল।
-
হীৰা মোতি
হীৰা মোতি (Heera Moti) ১৯৫৯ চনৰ এখন হিন্দীভাষাৰ নাট্যধৰ্মী ছবি। ছবিখনৰ পৰিচালক কৃষণ চোপ্ৰা। মুন্সি প্ৰেমচান্দৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখন ছবিৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে ক্ৰমে কৃষণ চোপ্ৰা আৰু বৈজ শৰ্মাই। মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলৰাজ সাহনী আৰু নিৰূপা ৰয়ে।