হিন্দী চলচ্চিত্ৰ
২১৮ প্ৰবন্ধ
-
আকিৰা (২০১৬ চলচ্চিত্ৰ)
আকিৰা (Akira) হৈছে এআৰ মুৰুগাডছৰ দ্বাৰা সহ-লিখিত, পৰিচালিত আৰু প্ৰযোজিত ২০১৬ চনৰ এখন এক্সন ড্ৰামাৰ হিন্দী চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন ২০১১ চনত মুক্তি লাভ কৰা তামিল চলচ্চিত্ৰ মৌৱা গুৰুৰ পুনৰ নিৰ্মাণ, আৰু নায়িকা হিচাপে সোনাক্ষী সিন্হাই অভিনয় কৰিছে।
-
উৰন খতোলা
উৰন খতোলা (Uran Khatola) ১৯৫৫ চনত সংগীত পৰিচালক নৌশাদৰ দ্বাৰা নিৰ্মিত আৰু এছ ইউ ছানী পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক-নাট্যধৰ্মী ছবি। ছবিখনত অভিনয় কৰিছে দিলীপ কুমাৰ, নিম্মী, জীৱন আৰু টুনটুনে। ছবিখনৰ সংগীত ৰচনা নৌছাদৰ। গীতসমূহ ৰচনা কৰিছে ছাকিল বদায়ুনীয়ে।
-
ঔৰত (১৯৫৩ চলচ্চিত্ৰ)
ঔৰত (Aurat; অনু: মহিলা) ১৯৫৩ চনৰ প্ৰেম নাথ, বীনা ৰায় আৰু পূৰ্ণিমা অভিনীত এখন হিন্দী ছবি। ঔৰতৰ প্ৰযোজক আৰু বিতৰক বৰ্মা ফিল্মছ। বাৰ্মা ফিল্মছৰ অন্যতম প্ৰতিষ্ঠাপক মুঞ্চিৰাম বাৰ্মাই ছবিখনৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰে।
-
ক্ৰু (চলচ্চিত্ৰ)
ক্ৰু (Crew) হৈছে ৰাজেশ কৃষ্ণণৰ দ্বাৰা পৰিচালিত ২০২৪ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ক্ৰাইম কমেডী চলচ্চিত্ৰ। তবু, কৰিণা কাপুৰ খান, কৃতি সেনন আৰু দিলজিৎ দোসাঞ্ঝে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
গংগুবাই কাঠিয়াৱাড়ী (চলচ্চিত্ৰ)
গংগুবাই কাঠিয়াৱাড়ী ২০২২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক অপৰাধ নাট্যধৰ্মী ছবি। পৰিচালনা সঞ্জয় লীলা ভাঞ্চালীৰ আৰু প্ৰযোজনা কৰিছে ভাঞ্চালীয়ে নিজে আৰু জয়ন্তীলাল গাদাই।
-
গুঞ্জন চাক্সেনা: দ্য কাৰ্গিল গাৰ্ল
গুঞ্জন সক্সেনা: দ্য কাৰ্গিল গাৰ্ল হৈছে শৰণ শৰ্মাৰ দ্বাৰা পৰিচালিত আৰু ধৰ্ম প্ৰডাকচন আৰু জি ষ্টুডিঅ’ৰ অধীনত নিৰ্মিত ২০২০ চনৰ ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক নাট্য ছবি।
-
ঘূমাৰ
ঘূমাৰ (ইংৰাজী অৰ্থ: Spinner) ২০২৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ ক্ৰীড়া নাট্যধৰ্মী ছবি। ইয়াত অভিনয় কৰিছে শ্বাবানা আজমী, অভিষেক বচ্চন, ছেয়ামী খেৰ, আৰু অংগদ বেদীয়ে। ২০২৩ চনৰ ১২ আগষ্টত মেলবৰ্ণৰ দ্বাদশ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত উন্মোচন ছবি হিচাপে ঘূমাৰৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হয়।
-
চান্দনী বাৰ
চান্দনী বাৰ (Chandni Bar) ২০০১ চন মধুৰ ভাণ্ডাৰকাৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধ নাট্যধৰ্মী ছবি। ইয়াৰ উপৰিও ইয়াত অনন্যা খাৰে, ৰাজপাল যাদৱ, মীনাক্ষী সাহানী আৰু বিশাল ঠাক্কৰে অভিনয় কৰিছে। ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু চাৰিটাকৈ ৪৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়।
-
চামেলি (চলচ্চিত্ৰ)
চামেলি (Chameli) ২০০৪ চনৰ সুধীৰ মিশ্ৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন ছবি। এগৰাকী বেশ্যা আৰু এজন বিনিয়োগকাৰী বেংকাৰে একেলগে এৰাতি কটোৱাৰ ঘটনাক্ৰমক কেন্দ্ৰ কৰি কাহিনীটো গঢ় লৈ উঠিছে। ইয়াত কৰীনা কাপুৰ আৰু ৰাহুল বসুৱে অভিনয় কৰিছে।
-
চিত্ৰলেখা (১৯৪১ চলচ্চিত্ৰ)
চিত্ৰলেখা ( Chitralekha ) ১৯৪১ চনৰ কিদাৰ শৰ্মা পৰিচালিত এখন ভাৰতীয় হিন্দী ছবি। ১৯৩৪ চনত ৰচিত ভাগৱতী চৰণ বাৰ্মাৰ একে নামৰ হিন্দী উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াৰ সংগীত বিখ্যাত শাস্ত্ৰীয় সংগীতজ্ঞ উস্তাদ ঝাণ্ডে খানৰ।
-
জাগতে ৰহো
জাগতে ৰহো (Jagte Raho) ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত, অমিত মৈত্ৰ আৰু শম্ভু মিত্ৰ পৰিচালিত, খাজা আহমেদ আব্বাছ ৰচিত, ৰাজ কাপুৰ প্ৰযোজিত আৰু অভিনীত এখন হিন্দী/বঙালী ছবি। ছবিখন এজন দুখীয়া গাওঁলীয়া মানুহৰ সম্পৰীক্ষাক লৈ কেন্দ্ৰীভূত, যিজনে এটা উন্নত জীৱনৰ সন্ধানত চহৰলৈ আহিছে।
-
জাদুগৰ (২০২২ চলচ্চিত্ৰ)
জাদুগৰ (Jaadugar) হৈছে সমীৰ চাক্সেনাৰ দ্বাৰা পৰিচালিত, ২০২২ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন চলচ্চিত্ৰ। ছবিখন বিশ্বপতি চৰকাৰৰ দ্বাৰা ৰচিত আৰু নৱ প্ৰতিষ্ঠিত প্ৰযোজনা সংস্থা পোষম পা পিকচাৰ্ছৰ বেনাৰৰ অধীনত নিৰ্মিত।
-
জুবেইদা (চলচ্চিত্ৰ)
জুবেইদা ( Zubeidaa ) ২০০১ চনত মুক্তি পোৱা এখন হিন্দী ছবি, যিখনৰ পৰিচালনা শ্যাম বেনেগালৰ আৰু ৰচনা খালিদ মহম্মদৰ। ইয়াত অভিনয় কৰিছে কৰিশ্মা কাপুৰ, ৰেখা, মনোজ বাজপেয়ী, সুৰেখা ছিক্ৰী, ৰজিত কাপুৰ, লিলেট ডুবে, অমৰীশ পুৰী, ফৰিদা জালাল আৰু শক্তি কাপুৰে। এ.আৰ. ৰহমানে ছবিখনৰ আৱহ সংগীত আৰু গীতৰ সংগীত কৰিছে।
-
জুলী (২০০৪ চলচ্চিত্ৰ)
জুলী (Julie ) এন আৰ পাচিছিয়াৰ প্ৰযোজিত আৰু দীপক শিৱদাসানীৰ পৰিচালিত, ২০০৪ চনত মুক্তি পোৱা এখন ভাৰতীয় হিন্দী এৰোটিক ছবি। ছবিখনত অভিনয় কৰিছে নেহা ধুপিয়া, প্ৰিয়াংশু চেটাৰ্জী, যশ টংক, সঞ্জয় কাপুৰ আৰু অচিন্ত কৌৰে।
-
জুলী ২
জুলী ২ (Julie 2) ২০১৭ চনৰ দীপক শিৱদাসানীৰ দ্বাৰা ৰচিত, পৰিচালিত আৰু সহ-প্ৰযোজিত এখন ভাৰতীয় হিন্দী ভাষাৰ এৰোটিক থ্ৰিলাৰ ছবি। প্ৰযোজনা কৰিছে বিজয় নায়াৰে। ছবিখনৰ শিৰোনাম চৰিত্ৰত ৰায় লক্ষ্মী অভিনয় কৰিছে আৰু এয়া তেওঁৰ হিন্দী চলচ্চিত্ৰত প্ৰথম অভিনয়।
-
টুৱেলভ্থ ফেইল
টুৱেলভ্থ ফেইল (12th Fail) হৈছে ২০২৩ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক নাট্য চলচ্চিত্ৰ। পৰিচালক বিধু বিনোদ চোপ্ৰাই ছবিখনৰ ৰচনা, প্ৰযোজনা আৰু পৰিচালনা কৰিছে। ছবিখন মনোজ কুমাৰ শৰ্মাৰ বাস্তৱ জীৱনৰ ওপৰত অনুৰাগ পাঠক ৰচিত ২০১৯ চনৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
-
তিচৰী কচম
তিচৰী কছম ( Teesri Kasam, तीसरी कसम) ১৯৬৬ চনত মুক্তিপ্ৰাপ্ত, বাসু ভট্টাচাৰ্য পৰিচালিত আৰু গীতিকাৰ শৈলেন্দ্ৰ প্ৰযোজিত এখন হিন্দী ভাষাৰ ড্ৰামা চলচ্চিত্ৰ। হিন্দী উপন্যাসিক ফণীশ্বৰনাথ ৰেণুৰ চুটিগল্প মাৰে গয়ে গুলফামৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
তৰলা
তৰলা ( Tarla ) ভাৰতীয় চেফ তথা ৰন্ধন গ্ৰন্থ লেখিকা তৰলা দালালৰ ওপৰত আধাৰতি ২০২৩ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ বায়’পিক ছবি। ইয়াত হুমা কুৰেশ্বীয়ে নাম ভূমিকাত অভিনয় কৰিছে। ছবিখনৰ পৰিচালক পীয়ুষ গুপ্তা আৰু প্ৰযোজক ৰনি স্ক্ৰুৱালা, অশ্বিনী আয়েৰ তিৱাৰী আৰু নিতেশ তিৱাৰীয়ে। ছবিখন ZEE5 ত মুক্তি পাইছিল।
-
দিল ক্যা কৰে
দিল ক্যা কৰে হৈছে ১৯৯৯ চনৰ ভাৰতীয় হিন্দী ভাষাৰ নাট্য চলচ্চিত্ৰ, যিখন প্ৰকাশ ঝাই পৰিচালনা কৰিছে আৰু বীৰু দেৱগন আৰু বীনা দেৱগনে প্ৰযোজনা কৰিছে। ছবিখনত অজয় দেৱগন, কাজল, মহিমা চৌধুৰী আৰু চন্দ্ৰচূড় সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
দিল ছে..
দিল ছে.. (আক্ষৰিক অৰ্থ হৃদয়ৰ পৰা..) হৈছে ১৯৯৮ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক থ্ৰিলাৰ চলচ্চিত্ৰ যিখন ৰাম গোপাল বাৰ্মা আৰু শেখৰ কাপুৰ সৈতে প্ৰযোজনা কৰা মণি ৰত্নম দ্বাৰা লিখিত আৰু পৰিচালিত।
-
দীৱানা (১৯৯২ চনৰ চলচ্চিত্ৰ)
দীৱানা হ'ল ৰাজ কানৱাৰৰ পৰিচালিত আৰু সাগৰ সাৰহাদীৰ ৰচিত ১৯৯২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক একচন ড্ৰামা ছবি। ইয়াত অভিনয় কৰিছে ঋষি কাপুৰ, দিব্য ভাৰতী, আৰু শ্বাহৰুখ খানে তেওঁৰ আত্মপ্ৰকাশত।
-
দ্য ডাৰ্টি পিকচাৰ
দ্য ডাৰ্টি পিকচাৰ (The Dirty Picture) কামোদ্দীপক চৰিত্ৰৰ বাবে বিখ্যাত ভাৰতীয় অভিনেত্ৰী ছিল্ক স্মিতাৰ জীৱন কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত আৰু ২০১১ চনত নিৰ্মিত হিন্দী ভাষাৰ এখন বায়’পিক সংগীতমধুৰ ড্ৰামা ছবি।
-
ধামাল
ধামাল হৈছে ইন্দ্ৰ কুমাৰৰ পৰিচালনা আৰু অশোক ঠাকেৰিয়াৰ প্ৰযোজনাত ২০০৭ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ কৌতুকধৰ্মী চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সঞ্জয় দত্ত, ৰিতেশ দেশমুখ, আৰ্শ্বদ ৱাৰ্ছি, আশিস চৌধুৰী আৰু জাভেদ জাফ্ৰী লগতে সহযোগী চৰিত্ৰত অভিনয় কৰিছে আছৰাণী, সঞ্জয় মিশ্ৰ, মুৰলী শৰ্মা,…
-
নমকীন
নমকীন ( Namkeen; অনু: নিমখীয়া) ১৯৮২ চনত মুক্তি পোৱা গুলজাৰৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত হিন্দী ভাষাৰ এখন সামাজিক নাট্যধ্ৰমী ছবি, য'ত অভিনয় কৰিছে সঞ্জীৱ কুমাৰ, শৰ্মিলা ঠাকুৰ, শাবানা আজমী আৰু ৱাহিদা ৰহমানে।
-
নিকাহ (চলচ্চিত্ৰ)
নিকাহ (Nikaah) ১৯৮২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজক আৰু পৰিচালক বি. আৰ. চোপ্ৰা। ছবিখনত ৰাজ বব্বৰ, দীপক পৰাশৰ আৰু চালমা আগাই অভিনয় কৰিছে আৰু তিনিওজনৰে বলীউডৰ ছবিত সেয়া প্ৰথম অভিনয় আছিল। ছবিখনত সহযোগী চৰিত্ৰত আছিল আচৰানী আৰু ইফতিকাৰ।
-
নিশান্ত
নিশান্ত (Nishant) ১৯৭৫ চনত মুক্তি পোৱা শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী নাট্যধৰ্মী ছবি, যিখন বিশিষ্ট নাট্যকাৰ বিজয় তেণ্ডুলকাৰৰ মূল চিত্ৰনাট্যৰ আধাৰত নিৰ্মিত। ছবিৰ সংলাপ লিখিছে সত্যদেৱ ডুবেই।
-
নো ৱান কিল্ডড্ জেচিকা
নো ৱান কিল্ডড্ জেচিকা ( No One Killed Jessica ) ২০১১ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধমূলক ড্ৰামা ছবি। ইয়াত অভিনয় কৰিছে বিদ্যা বালান আৰু ৰাণী মুখাৰ্জীয়ে। জেচিকা লালৰ হত্যাকাণ্ডৰ গোচৰৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
পাঠান (চলচ্চিত্ৰ)
পাঠান হৈছে এখন হিন্দী ভাষাৰ চোৰাংচোৱা একচন-থ্ৰিলাৰ ছবি। সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা লিখিত আৰু পৰিচালিত আৰু আদিত্য চোপ্ৰাই তেওঁৰ য়শ ৰাজ ফিল্মছৰ অধীনত নিৰ্মিত। শ্বাহৰুখ খান, ৫ বছৰৰ বিৰতিৰ পিছত চিনেমালৈ উভতি অহা দীপিকা পাডুকন আৰু জন আব্ৰাহামে অভিনীত এই ছবিখন ৱাই আৰ এফ স্পাই ইউনিভাৰ্ছৰ চতুৰ্থ কিস্তি।
-
পান সিং তোমৰ (চলচ্চিত্ৰ)
পান সিং তোমৰ ( Paan Singh Tomar) ২০১০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক ছবি, য'ত ভাৰতীয় সেনাবাহিনীৰ এজন সৈনিক আৰু সাতবাৰৰ ৰাষ্ট্ৰীয় ষ্টীপলচেজ চেম্পিয়ন আৰু পিছলৈ অস্ত্ৰধাৰী ডকাইতলৈ পৰিণত হোৱা পান সিং তোমৰৰ জীৱনৰ বিষয়ে বৰ্ণিত হৈছে।
-
পৰায়া ধন (১৯৭১ চলচ্চিত্ৰ)
পৰায়া ধন (पराया धन; Estranged Wealth) হৈছে ৰাজেন্দ্ৰ ভাটিয়াৰ দ্বাৰা পৰিচালিত ১৯৭১ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ, য'ত অভিনয় কৰিছে- বলৰাজ চাহনী, হেমা মালিনী, ৰাকেশ ৰোশন আৰু অজিৎ খানে।