নাদিৰা বব্বৰ ( Nadira Babbar; জন্ম ২০ জানুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰৰ অভিনেত্ৰী আৰু পৰিচালক। ২০০১ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা পাইছে। ভাৰতীয় থিয়েটাৰৰ তেওঁ এটা প্ৰতিষ্ঠিত নাম, যি মুম্বাই ভিত্তিক একজুটে নামৰ হিন্দী থিয়েটাৰ দল এটাৰ সৈতে জড়িত।১
প্ৰাৰম্ভিক জীৱন
নাদিৰাই ১৯৪৮ চনৰ ২০ জানুৱাৰীত জন্ম গ্ৰহণ কৰে। তেওঁৰ দেউতাক আছিল কমিউনিষ্ট নেতা চৈয়দ সাজ্জাদ জাহিৰ আৰু মাক আছিল উৰ্দু লেখক ৰাজিয়া জাহিদ। মাক-দেউতাকৰ চাৰিজনী কন্যা সন্তানৰ নাদিৰা আছিল তৃতীয়জনী। আন তিনিজনী হ’ল- নাজমা আলী বাকেৰ, নাচিম ভাটিয়া আৰু নুৰ সাজ্জাদ জাহিৰ। তেওঁৰ দেউতাক প্ৰগ্ৰেচিভ ৰাইটাৰ্চ এছোচিয়েন আৰু ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত আছিল। নাদিৰাই ১৯৭১ চনত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।২ তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা স্বৰ্ণপদক পোৱাৰ উপৰিও পিছলৈ বৃত্তি লৈ জাৰ্মানীলৈ গৈছিল। তেওঁ গ্ৰ’টোভিস্কি আৰু পিটাৰ ব্ৰুকচৰ দৰে প্ৰথিতযশা পৰিচালকৰ সৈতে কাম কৰাৰো সুযোগ পাইছিল।৩
কৰ্মজীৱন
১৯৮১ চনত নতুন দিল্লীত থিয়েটাৰ দল একজুতে আৰম্ভ কৰে।১ তেওঁলোকৰ প্ৰথম প্ৰযোজনা ইহুদী কী লড়কী, যিখন নাটকে পাৰ্চী থিয়েটাৰ শৈলীক পুনৰ্জাগৰিত কৰিছিল এই নাট্য শৈলীৰ এখন শ্ৰেষ্ঠ নাট বুলি বিবেচনা কৰা হয়।৪ দলটোৱে বহু বছৰ ধৰি শান্তা গান্ধী ৰচিত ভৱাই শৈলীৰ সংগীত নাটক জচমা ওধান মঞ্চস্থ কৰিছিল। নাদিৰাই ১৯৮৮ চনত মুম্বাইলৈ আহে আৰু তাত এই নাট্য দলটো পুনৰ প্ৰতিষ্ঠা কৰে।৫
বিগত ৩০ বছৰ ধৰি একজুটেই ৬০খনতকৈও অধিক নাট উপহাৰ পৰিবেশন কৰিছে, যাৰ ভিতৰত আছে- সন্ধ্যা ছায়া, লুক বেক ইন এঙ্গাৰ, বল্লভপুৰ কী ৰূপকথা, বাত লাট কী হালত কী, ভৰম কে ভুত, সুভাষ আনাৰকলী আৰু বেগম জান। ইয়াৰ বাদে তেওঁ ৰচনা কৰা নাটকো কেইখন আছে- দয়াশংকৰ কী ডায়েৰী (১৯৯৭),সাক্কু বাই (১৯৯৯),সুমন ঔৰ সানা আৰু জী জেইসী আপকী মৰ্জি।৬৭ ইয়াত ৰাজ বব্বৰ, সতীশ কৌশিক আৰু কিৰণ খেৰৰ দৰে প্ৰখ্যাত অভিনয় শিল্পীয়ে কাম কৰিছে।১
১৯৯০ চনত একজুটেই একজুটে তৰুণ পিপ’লছ্ থিয়েটাৰ গ্ৰুপ প্ৰতিষ্ঠা কৰে। এই দলটোৱে আও পিকনিক চলে আৰু আজডাক কা ইনচাফ প্ৰযোজনা কৰিছে।৮ ২০১১ চনত দলটোৱে ৩০ বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰে। এই উপলক্ষে মুম্বাইৰ পৃথ্বী থিয়েটাৰত থাৰ্টি ইয়েৰ কাৰাভান ২০১১ শীৰ্ষক সপ্তাহ জোৰা উৎসৱ পালন কৰে।১৯১০
নাদিৰাক চলমন খানে অভিনয় কৰা জয় হ (২০১৪) ছবিত দেখা গৈছে। ২০১৬ চনত তেওঁ চানী দেউলৰ ঘায়ল ৱানচ্ এগেইনত অভিনয় কৰে।১১
ব্যক্তিগত জীৱন
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত তেওঁ স্বামী ৰাজ বব্বৰক লগ পাইছিল। তেওঁলোকৰ পুত্ৰ আৰিয়া বব্বৰ হিন্দী চলচ্চিত্ৰ এজন অভিনেতা আৰু জীয়ৰী জুহী বব্বৰ এজনী ফেচন ডিজাইনাৰ। জীয়ৰীয়ে অভিনয় কৰাৰ উপৰিও নাদিৰাৰ নাটকসমূহৰ সাজ-পোচাক ডিজাইন কৰে।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (14 April 2011). Three decades of drama. Mint
- ↑ NSD Graduates
- ↑ Nadira Babbar at indiatimes
- ↑ (25 June 2000). Indian theatre at the crossroads. The Tribune
- ↑ (10 July 2003). Stagecraft. The Times of India
- ↑ Mission to stage The Tribune, Chandigarh, 26 June 2005
- ↑ (2003-05-11). Magazine: Mumbai. The Hindu
- ↑ Ekjute
- ↑ (14 April 2011). Turning Thirty. হিন্দুস্তান টাইমছ. Mumbai
- ↑ (14 April 2011). Nadira Babbar's theatre group celebrates 30th anniversary. DNA
- ↑ www.mid-day.com/articles/nadira-babbar-cast-in-s
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাদিৰা বব্বৰ” প্ৰবন্ধৰ সংশোধন ৪১৯৬৪৭ (২৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।