নন্দা কৰ্ণাটকী ( Nanda Karnataki; ৮ জানুৱাৰী ১৯৩৯-২৫ মাৰ্চ ২০১৪)১ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী অভিনেত্ৰী আছিল, যি চলচ্চিত্ৰ জগত নন্দা নামেৰে জনাজাত আছিল। এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হিচাপে ৩০ বছৰ জোৰা অভিনয় জীৱনত তেওঁ উপহাৰ দিয়া কেইখনমান গুৰুত্বপূৰ্ণ ছবি হ’ল- চোটী বেহেন, ধুল কা ফুল, ভাবী (১৯৫৭),কালা বাজাৰ, কানুন, হম দোনো, জব জব ফুল খিলেংগে, গুমনাম, ইত্তেফাক, দ্য ট্ৰেইন আৰু প্ৰেমৰোগ।২৩
প্ৰাৰম্ভিক জীৱন
শ্বো বিজিনেচৰ সৈতে জড়িত এটা মহাৰাষ্ট্ৰীয় পৰিয়ালত নন্দাৰ জন্ম হৈছিল। তেওঁৰ দেউতাক আছিল এজন সফল মাৰাঠী ভাষা অভিনেতা, পৰিচালক, প্ৰযোজক বিনায়ক দামোদৰ কৰ্ণাটকী (মাষ্টাৰ বিনায়ক)। মাষ্টাৰ বিনায়ক ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ বহু ব্যক্তিৰ সৈতে সম্পৰ্ক আছিল। তেওঁৰ ভাতৃ বসুদেৱ কৰ্ণাটকী এজন চিনেমেটোগ্ৰাফাৰ। আনহাতে প্ৰখ্যাত চলচ্চিত্ৰ ব্যক্তিত্ব বাবুৰাও পেন্ধেৰকাৰ আৰু ভালজী পেন্ধেৰকাৰ তেওঁৰ সতীয়া ভাতৃ আছিল। কিংবদন্তী পৰিচালক ভি শান্তাৰামৰ তেওঁ ভাগিনিয়েক আছিল। ৪ ৫ ১৯৪৭ চনত নন্দাৰ সাত বছৰ বয়সত দেউতাকৰ মৃত্যু হৈছিল। সেই সময়ত পৰিয়ালটোৱে যথেষ্ঠ কঠিন সময় পাৰ কৰিবলগীয়া হৈছিল। পৰিয়ালটোক আৰ্থিকভাবে সহায় কৰিবলৈ নন্দাই শিশুশিল্পী ৰূপে মন্দিৰ (১৯৪৮) চলচ্চিত্ৰ জগতত ভৰি দিয়ে। ১৯৪৮ৰ পৰা ১৯৫৬লৈ বেবী নন্দা নামেৰে তেওঁ মন্দিৰ, জগ্গু, অংগাৰে আৰু জাগৃতিত অভিনয় কৰে।৫ অভিনয়ৰ ব্যস্ততাই তেওঁৰ শৈক্ষিক জীৱনত প্ৰভাৱ পেলায়। সেইবাবে এজন প্ৰখ্যাত শিক্ষক গকুলদাস ভি মখিৰ হতুৱাই তেওঁক ঘৰতে শিক্ষাদান কৰা হৈছিল। চলচ্চিত্ৰ জগতত প্ৰতিষ্ঠিত হোৱাৰ পিছত তেওঁ ছয়জনকৈ ভায়েক-ভনীয়েকৰ চোৱাচিতা, পঢ়াশুনাৰ দায়িত্ব লৈছিল।৬
কৰ্মজীৱন
এল ভি প্ৰসাদৰ চোটী বেহেনত (১৯৫৯) তেওঁ নাম-ভূমিকাত অভিনয় কৰে। ছবিখন প্ৰভূত জনপ্ৰিয়তাই তেওঁক তাৰকালৈ পৰিবৰ্তন কৰিছিল।৭ তাৰপিছত তেওঁ দেৱ আনন্দৰ নায়িকা ৰূপে হম দোনো (১৯৬১) আৰু তিন দেৱীয়াঁত কাম কৰে। দুয়োখন ছবি খুব ভাল ব্যৱসায় কৰিছিল। তেওঁৰ আন এখন ছবি বি.আৰ. চোপ্ৰাৰ কানুন (১৯৬০)। এই ছবিখনত এটাও গীত ৰখা হোৱা নাছিল, যিটো সেই সময়ত এক বিৰল ব্যতিক্ৰম আছিল।
তেওঁ আঁচল (১৯৬০) ছবিৰ বাবে সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। তেওঁ আশিকৰ (১৯৬২) বাবে ৰাজ কাপুৰৰ সৈতে যুটি বান্ধে। ৰাজেন্দ্ৰ কুমাৰৰ সৈতে তেওঁ তিনিখন ছবিত কাম কৰিছিল- তুফান ঔৰ দিয়া (১৯৫৬),ধুল কা ফুল (১৯৬১)আৰু কানুন। এটা সাক্ষাৎকাৰত নন্দাই উল্লেখ কৰে, ‘চলচ্চিত্ৰত মোৰ বেছিভাগ কামেই হয়তো ব্যৰ্থ হৈছিল অথবা উসনে কহা থা, চাৰ দিৱাৰী আৰু আজ ঔৰ কলৰ দৰে সাধাৰণ ব্যৱসায় কৰিছিল।’ ৮
বাহ্যিক সংযোগ
- Veteran actress Nanda makes a rare appearance in 2010, movies.indiatimes.com; accessed 29 March 2014.
- নন্দাৰ আধিকাৰিক ৱেবচাইট
তথ্যসূত্ৰ
- ↑ (7 January 2016). Birthday special: 7 lesser known facts about veteran actress Nanda. indiatvnews.com
- ↑ Veteran Bollywood Actress Nanda Passes Away -Bollywood, Featured, General News - India News Portal. indiascanner.com
- ↑ The Top 10 Films of Nanda. Rediff
- ↑ (19 February 2009). Nanda: The Eternal Sister of Bollywood. www.filmibeat.com
- ↑ Ambarish Mishra. (26 March 2014). Nanda, an actor who embodied Indian-ness and quiet dignity, dead. The Times of India
- ↑ (19 February 2009). Nanda: The Eternal Sister of Bollywood. www.filmibeat.com
- ↑ Boxofficeindia.com. Boxofficeindia.com
- ↑ indiawest.com; accessed 29 March 2014
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৬৩২০৫ (১৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।