অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পদ্মিনী (অভিনেত্ৰী)

পদ্মিনী (Padmini; ১২ জুন ১৯৩২-২৪ ছেপ্তেম্বৰ ২০০৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰশিক্ষিত ভাৰতনাট্যম শিল্পী আছিল। তেওঁ ২৫০খনতকৈও অধিক ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৬ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

পদ্মিনী (Padmini; ১২ জুন ১৯৩২-২৪ ছেপ্তেম্বৰ ২০০৬)১২ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰশিক্ষিত ভাৰতনাট্যম শিল্পী আছিল। তেওঁ ২৫০খনতকৈও অধিক ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তামিল ভাষা, হিন্দী ভাষা, মালয়ালম ভাষা আৰু ৰুচ ভাষাৰ চলচ্চিত্ৰত কাম কৰিছে। পদ্মিনীৰ বায়েক ললিতা আৰু ভনীয়েক ৰাগিনীৰ সৈতে তিনিওকে একেলগে ট্ৰেভাংক’ৰ চিষ্টাৰছ্ বুলি কোৱা হয়।৩

প্ৰাৰম্ভিক জীৱন

পদ্মিনীৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল ত্ৰিবান্দ্ৰমত (বৰ্তমান কেৰালা ৰাজ্যৰ থিৰুৱন্তপুৰম)। ত্ৰিবান্দ্ৰম তেতিয়া বৃটিছ শাসিত ভাৰতৰ দেশীয় ৰাজ্য ট্ৰেভাংক’ৰৰ অন্তৰ্গত আছিল। তেওঁ শ্ৰী থাংকাপ্পন পিলাই আৰু সৰস্বতীৰ আম্মাৰ দ্বিতীয় কন্যা আছিল। তেওঁৰ ভগ্নীদ্বয় ললিতা আৰু ৰাগিনী জনাজাত চলচ্চিত্ৰ অভিনেত্ৰী আছিল আৰু তিনিওকো ট্ৰেভাংক’ৰ ছিষ্টাৰ্ছ আখ্যা দিয়া হৈছিল।৩ পদ্মিনী আৰু তেওঁৰ ভনীয়েকহঁতে থিৰুভিদাইৰুদুৰ মহালিংগম পিল্লাইৰ ওচৰত ভাৰতনাট্যমৰ শিক্ষা লৈছিল।

কৰ্মজীৱন

১৬ বছৰ বয়সত পদ্মিনীক হিন্দী ছবি কল্পনাত (১৯৪৮) নৃত্যশিল্পী হিচাপে চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে।৪ তেওঁ প্ৰায় ৩০ বছৰ ধৰি চলচ্চিত্ৰত অভিনয় কৰিছিল।.৫

পদ্মিনীয়ে ভাৰতীয় চলচ্চিত্ৰৰ কেইবাজনো প্ৰখ্যাত অভিনেতাৰ সৈতে অভিনয় কৰিছিল, যাৰ ভিতৰত আছে শিৱাজী গণেশন, এম জি ৰামচন্দ্ৰন, এন টি ৰামা ৰাও, ৰাজ কাপুৰ, শাম্মী কাপুৰ, সত্যন, প্ৰেম নাজিৰ, ৰাজকুমাৰ, জেমিনি গণেশন আৰু এছ এছ ৰাজেন্দ্ৰন। তেওঁ শিৱাজী গণেশনৰ সৈতে ৫৯ খন চলচ্চিত্ৰত অভিনয় কৰিছিল।

তেওঁ বেছিকৈ তামিল চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৫০ চনত মুক্তিপ্ৰাপ্ত এঝাই পদুম পাডু তেওঁৰ প্ৰথম তামিল ছবি আছিল। পক্ষী ৰাজা ষ্টুডিঅ'ৰ সৈতে জড়িত ভি এ গোপালকৃষ্ণনে পদ্মিনী ভগ্নীসকলক তামিল শিকাইছিল। শিৱাজী গণেশনৰ সৈতে তেওঁৰ সম্পৰ্ক ১৯৫২ চনৰ পানমৰ দ্বাৰা আৰম্ভ হয়।৪ তেওঁৰ কেইখনমান প্ৰসিদ্ধ তামিল ছবিৰ ভিতৰত আছে সম্পূৰ্ণ ৰামায়ণম (১৯৫৮),থাংগা পাধুমাই, আনবু (১৯৫৩),কাট্টু ৰোজা, থিলানা মোহনম্বল, ভিয়েটনাম বীডু, এধিৰ পাৰাধাথু, মংগিয়াৰ থিলাকাম আৰু পুভে পুচুদাভা। তেওঁৰ কেইখনমান জনপ্ৰিয় মালায়ালম ছবিৰ ভিতৰত আছে- প্ৰসন্ন, স্নেহাসীমা, বিবাহিতা, অধ্যাপিকা, কুমাৰ সম্ভৱম, নক্কেতধুৰাথু কালন্নুম নাট্টু, বস্তুহাৰা আৰু ডলাৰ।৩

তেওঁৰ দুখন জনপ্ৰিয় বলীউডী ছবি- মেৰা নাম জোকাৰ আৰু জিছ দেশ মে গংগা বেহতি হে; য’ত তেওঁ ৰাজ কাপুৰৰ সৈতে যুটি বান্ধিছিল। তেওঁ ৰাজ কাপুৰৰ সৈতে আন এখন ছবি কৰিছিল – আশিক (১৯৬২)। তেওঁৰ বলীউডৰ আন ছবিসমূহৰ ভিতৰত আছে অমৰদীপ (১৯৫৮),পায়েল (১৯৫৭),আফছানা (১৯৬৬), বাসনা (১৯৬৮),চন্দা ঔৰ বিজলী (১৯৬৯) আৰু বাবুভাই মিস্ত্ৰীৰ মহাভাৰত (১৯৬৫)।

তেওঁৰ আটাইতকৈ বিখ্যাত ছবি আছিল তামিল ভাষাৰ থিল্লানা মোহনম্বল, য'ত তেওঁ এগৰাকী সংগীতজ্ঞৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰা এগৰাকী নৃত্যশিল্পীৰ চৰিত্ৰত অভিনয় কৰে।৩ তেওঁ ৰাছিয়ান ভ্ৰমণকাৰী আফানাচি নিকিটিনৰ ভ্ৰমণকাহিনীৰ ওপৰত আধাৰিত এখন ভাৰত-ছোভিয়েট যুগ্ম প্ৰযোজনাৰ ছবি জাৰ্নি বিয়ণ্ড থ্ৰী চীজত এগৰাকী ৰাজকীয় নৃত্যশিল্পী লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনৰ হিন্দী সংস্কৰণটোৰ নাম পৰদেশী।

বঁটা আৰু সন্মান

  • ১৯৬০: এফ্ৰো এছিয়ান চলচ্চিত্ৰ মহোৎসৱত বীৰাপানদিয়া কট্টবোম্মন ছবিৰ বাবে চাৰ্টিফিকেট অফ মেৰিট৬
  • ১৯৫৪, ১৯৫৯, ১৯৬১, ১৯৬৬: ফিল্মছ্ ফেনছ এছোচিয়েচনৰ দ্বাৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা৭
  • ১৯৫৮: তামিলনাডু চৰকাৰৰ দ্বাৰা কলাইমামনি বঁটা
  • ১৯৫৭: মস্কো যুব মহোৎসৱত শ্ৰেষ্ঠ শাস্ত্ৰীয় নৃত্যাংগনা বঁটা
  • ১৯৬৬: কাজল ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
  • ১৯৯০: জীৱনজোৰা সাধনা ফিল্মফেয়াৰ বঁটা- দক্ষিণ
  • ১৯৭০: থিল্লান্না ম’হানবল ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা
  • ২০০২: তামিলনাডু ষ্টেট ফিল্ম অনাৰেৰী এৱাৰ্ড

তথ্যসূত্ৰ

  1. ↑ Padmini Ramachandran – Indian Actress and Dancer – Obituary
  2. ↑ Actress Padmini dead
  3. ↑ (2006-09-29). Friday Review Chennai: Beauty, charm, charisma. দ্য হিন্দু
  4. ↑ (2004-09-24). Entertainment / Interview: The tillana glitter is intact. দ্য হিন্দু
  5. ↑ (29 September 2006). Beauty, charm, charisma. দ্য হিন্দু
  6. ↑ (2010-03-17). Miscellaneous / This Day That Age: dated March 17, 2010: Afro-Asian film festival. দ্য হিন্দু
  7. ↑ Sulochana Pattabhiraman. (2001-02-04). A role model. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মিনী (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৮২৫৭৭ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।