অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পদ্মা দেৱী

পদ্মা দেৱী ( Padma Devi; ১৯১৭–১৯৮৩) এগৰাকী জনপ্ৰিয় ভাৰতীয় বাংলা, হিন্দী/হিন্দুস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আৰু ভাৰতীয় চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী আছিল।

হালনাগাদ: ১৪ মাৰ্চ ২০২৫ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

পদ্মা দেৱী ( Padma Devi; ১৯১৭–১৯৮৩) এগৰাকী জনপ্ৰিয় ভাৰতীয় বাংলা, হিন্দী/হিন্দুস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আৰু ভাৰতীয় চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী আছিল। ধীৰুভাই দেশাইৰ পৰিচালনা আৰু সৰোজ ফিল্ম কোম্পানীয়ে প্ৰযোজনা কৰা ছি গডেছ (১৯৩১) ছবিৰ মূল চৰিত্ৰত অভিনয় কৰি পদ্মাই নিজৰ কেৰিয়াৰত এশৰো অধিক ছবিত অভিনয় কৰে।১২

১৯১৭ চনত তেওঁ ব্ৰিটিছ ভাৰতৰ বংগত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ আছিল মাদাৰীপুৰ। জন্মৰ নাম আছিল নিলিমা।

তেওঁ কেইবাখনো ছবিতো গীত গাইছে- সতী মহানন্দ (১৯৩৩), মহাৰাণী (১৯৩৪), বেহেন কা প্ৰেম (১৯৩৫), সংদিল সমাজ (১৯৩৬), কিষাণ কন্যা (১৯৩৭) আৰু জামানা (১৯৩৮) ইয়াৰ ভিতৰত উল্লেখযোগ্য। বলীউড কেৰিয়াৰৰ সমান্তৰালভাৱে পদ্মাই বাংলা আৰু কানাড়া ভাষাৰ চলচ্চিত্ৰতো কাম কৰিছিল।৩৪

তথ্যসূত্ৰ

  1. ↑ Rajadhyaksha, Ashish; Willemen, Paul. (1999-06-26). Encyclopaedia of Indian cinema. British Film Institute. ISBN 9780851706696
  2. ↑ says, Vidur Sury. Padma Devi – Filmography – Cineplot.com
  3. ↑ Padma Devi – Cineplot.com
  4. ↑ PADMA DEBI: Film / Movie Information. www.citwf.com

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মা দেৱী” প্ৰবন্ধৰ সংশোধন ৪৯১৪৮৫ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।