
এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম (Esther Victoria Abraham; ৩০ ডিচেম্বৰ ১৯১৬ – ৬ আগষ্ট ২০০৬)ৰ জনপ্ৰিয় নাম আছিল প্ৰমিলা। এস্থাৰ আছিল এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী, আৰু হিন্দী ছবি জগতৰ প্ৰথমগৰাকী মহিলা প্ৰযোজক। ১৯৪৭ চনৰ প্ৰথমখন মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এস্থাৰে বিজয়িনীৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।১
ব্যক্তিগত জীৱন
১৯১৬ চনৰ ৩০ ডিচেম্বৰত এস্থাৰৰ জন্ম হৈছিল। জন্মস্থান আছিল কলিকতা। তেখেত এটা বাগদাদী ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।২৩ তেখেতেৰ দেউতাক কলিকতীয়া ব্যৱসায়ী ৰিউবান এব্ৰাহাম, মাক আছিল কৰাছীৰ মাটিল্ডা আইজাক। লিয়া নামৰ যুৱতীৰ লগত সম্পন্ন হোৱা দেউতাকৰ প্ৰথমখন বিবাহৰ সূত্ৰে প্ৰমিলাই তিনিগৰাকী ভ্ৰাতৃ-ভগ্নী লাভ কৰিছিল আৰু দ্বিতীয় বিবাহৰসূত্ৰে লাভ কৰিছিল ছগৰাকী ভ্ৰাতৃ-ভগ্নী।
এস্থাৰে কলিকতা ছোৱালী হাইস্কুলত শিক্ষাগ্ৰহণ কৰিছিল আৰু পাছত চেইণ্ট জেমছত নামভৰ্তি কৰিছিল। এস্থাৰে পঢ়া-শুনাৰ লগতে খেলা-ধূলাতো নৈপুণ্য অৰ্জন কৰিছিল। এস্থাৰ এগৰাকী হকী চেম্পিয়ন আছিল। বিভিন্ন ক্ৰীড়াত তেখেতে ভালেমান পুৰস্কাৰ অৰ্জন কৰিছিল। ইয়াৰোপৰি চিত্ৰাংকনতো তেখেতে পাৰদৰ্শিতা দেখুৱাইছিল। পৰৱৰ্তী সময়ত তেখেত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ স্নাতক হৈছিলগৈ। এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰথমখন বিবাহৰ পৰা তেখেতে এটি সন্তান লাভ কৰিছিল। সতীৰ্থ অভিনেতা ছৈয়দ হাছান আলী জায়িদীৰ (পৰিচিত নাম "কুমাৰ") লগত সম্পন্ন হোৱা দ্বিতীয় বিবাহৰ ফলত তেখেত চাৰিটি সন্তানৰ মাতৃ হৈছিল। জায়িদী এজন ছিয়া মুছলমান আছিল। তেওঁ মোগল-ঈ-আজম, শ্ৰী ৪২০ৰ দৰে ছবিত অভিনয় কৰিছিল। এস্থাৰ ভিক্টোৰিয়া আছিল তেওঁৰ দ্বিতীয় পত্নী। ১৯৬৩ চনত কুমাৰ অৰ্থাৎ জায়িদী পাকিস্তানলৈ প্ৰব্ৰজন ঘটোৱাৰ পাছত, এস্থাৰে ভাৰততে থকাৰ সিদ্ধান্ত লয়। ভাৰতত থাকিয়েই এস্থাৰে ছবিত অভিনয় আৰু ছবি-প্ৰযোজনা কৰি গৈ থাকিল। ভাৰতীয় পৰিচালক, চিত্ৰাভিনেতা বাবুৰাও পেন্দৰকাৰে এস্থাৰক "প্ৰমিলা" নামটো দিছিল,ছবিত ব্যৱহাৰ কৰা স্বাৰ্থত।৪
এস্থাৰৰ কনিষ্ঠ পুত্ৰ হাইদৰ আলীয়েও ছবি আৰু টেলিভিছন জগততে নিজৰ কেৰিয়াৰ বাছি লয়। জীয়েক নকি জাহানে ১৯৬৭ চনত ভাৰতসুন্দৰীৰ মুকূট পিন্ধে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা "কুইন অৱ দ্য পেচিফিক কুৱেষ্ট" সুন্দৰী প্ৰতিযোগিতাত নকি জাহানে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।৫ মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰা তেওঁলোকেই হৈছে একমাত্ৰ মাতৃ-জী।
মৃত্যু
২০০৬ চনৰ ৬ আগষ্টত এস্থাৰ ভিক্টোৰিয়া আব্ৰাহামে শেষ নিশ্বাস ত্যাগ কৰে।৬
কৰ্মজীৱন
১৯৪৭ চনত অনুষ্ঠিত হোৱা ভাৰতসুন্দৰী (ফেমিনা মিছ ইণ্ডিয়া) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰমিলাই বিজয়িনীৰ মুকূট পিন্ধিবলৈ সক্ষম হৈছিল। তেখেতৰ বয়স তেতিয়া ৩১ বছৰ।৭৮৯ মনোৰঞ্জনধৰ্মী উদ্যোগত প্ৰমিলাৰ প্ৰথমটো কাম পাইছিল এটা পাৰ্ছী থিয়েটাৰ কোম্পানীৰ নৃত্যশিল্পী হিচাপে। .১০ উল্টি গংগা, বিজলি, বছন্ত আৰু জংগল কিংগকে মুঠ ৩০খন ছবিত প্ৰমিলাই এগৰাকী সাহসী ষ্টাণ্ট তাৰকা হিচাপে কাম কৰি গৈছিল। তেখেতক ভাৰতৰ প্ৰথমগৰাকী উল্লেখযোগ্য মহিলা ছবি পৰিচালক হিচাপে গণ্য কৰা হয়। মুঠ ১৬খন ছবি তেখেতে নিজৰ প্ৰযোজনাগোষ্ঠী ছিলভাৰ প্ৰডাকছনৰ অধীনত নিৰ্মাণ কৰিছে। মোৰাৰজী দেশাই,সেইসময়ৰ বোম্বাইৰ মুখ্য মন্ত্ৰীৰ নিৰ্দেশত প্ৰমিলাক আটক কৰা হৈছিল। পাকিস্তানলৈ সঘন আহ-যাহৰ বাবে তেওঁক এগৰাকী পাকিস্তানী চোৰাংচোৱা বুলি সন্দেহ কৰা হৈছিল। অৱশ্যে পাছলৈ প্ৰমাণিত হ'ল যে, তেখেতে নিজৰ ছবিসমূহৰ প্ৰচাৰ-প্ৰসাৰৰ বাবেহে পাকিস্তানলৈ গৈছিল।১১
প্ৰমিলা এগৰাকী বহুগুণী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেখেতে কেৱল এগৰাকী অভিনেত্ৰী আৰু ছবি-পৰিচালকেই নাছিল; তেখেত বিশ্বখ্যাত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতকো আছিল। তেখেত এগৰাকী দক্ষ শিক্ষকো হৈছিল, যি নিজৰ ছবিৰ সাজসজ্জা আৰু অলংকাৰৰ আৰ্হি নিজে প্ৰস্তুত কৰিছিল।
চলচ্চিত্ৰ
বিভিন্ন পৰিচালকৰ লগত এস্থাৰে ৩০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে। তাৰে কেইখনমানৰ নাম তলত উল্লেখ কৰা হ'ল-
- ভিকৰণ,পি.কে. আথাৰ্টিৰ পৰিচালনাত (১৯৩৫)
- মাদাৰ ইণ্ডিয়া, গুঞ্জলৰ পৰিচালনাত(১৯৩৮)
- ছাহজাদী,জে.পি. আদৱানীৰ পৰিচালনাত(১৯৪১)
- বড়ে নৱাব চাহেব,বি.ডি. বেদীৰ পৰিচালনাত (১৯৪৪)
- নেহলে পে দেহলা,এছ.এম. ইউছুফৰ পৰিচালনাত(১৯৪৬)
- আপ বিটী, এম. কুমাৰৰ পৰিচালনাত(১৯৪৮)
- ফাইটিং কুইন,নাৰী ঘড়িয়ালীৰ পৰিচালনাত(১৯৫৬)
- থাং, আমোল পালেকাৰৰ পৰিচালনাত(২০০৬)
তথ্যসূত্ৰ
- ↑ feminisminindia.com/2018/03/12/pramila-esther-ab
- ↑ Jewish stars of Bollywood
- ↑ Meet Pramila, the first Miss India
- ↑ Pramila: Esther Victoria Abraham – A Star Studded Bollywood and Glamour Family in India . Jewish Calcutta
- ↑ "History of India's Jewish beauty queens". YNet
- ↑ Pramila – The first Miss India
- ↑ Pramila - Esther Victoria Abraham - PramilaFirst Miss India 1947 - A Tribute - Pictures. Zimbio
- ↑ (20 Oct 1997). Mama Hindustani. Outlook
- ↑ Pramila, Esther Victoria Abraham-A biography
- ↑ Esther Abraham Was 31 & Pregnant When She Was Crowned The 1st Miss India In 1947. Here’s Her Story
- ↑ Meet Pramila, the first Miss India. Rediff News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৯৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।