অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সাক্ষী তানৱাৰ

সাক্ষী তানৱাৰ (Sakshi Tanwar, জন্ম: ১২ জানুৱাৰী ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন পৰিৱেশক। 'কাহানী ঘৰ ঘৰ কী', 'বড়ে অচ্চে লগতে হ্যেয়'ৰ দৰে ধাৰাবাহিক আৰু আমিৰ খান অভিনীত হিন্দী চলচ্চিত্ৰ দংগলত কৰা অভিনয়ৰ বাবে সাক্ষী পৰিচিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সাক্ষী তানৱাৰ (Sakshi Tanwar, জন্ম: ১২ জানুৱাৰী ১৯৭৩)১ হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন পৰিৱেশক। 'কাহানী ঘৰ ঘৰ কী', 'বড়ে অচ্চে লগতে হ্যেয়'ৰ দৰে ধাৰাবাহিক আৰু আমিৰ খান অভিনীত হিন্দী চলচ্চিত্ৰ দংগলত কৰা অভিনয়ৰ বাবে সাক্ষী পৰিচিত।

প্ৰাৰম্ভিক জীৱন

১৯৭৩ চনৰ ১২ জানুৱাৰীত সাক্ষী তানৱাৰৰ জন্ম হয়। সাক্ষীৰ পিতৃ ৰাজেন্দ্ৰ সিং তানৱাৰে ভাৰতীয় কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ এগৰাকী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজস্থানস্থিত আলৱাৰৰ এটি মধ্যবিত্ত পৰিয়ালত সাক্ষী তানৱাৰে জন্মলাভ কৰে। নতুন দিল্লীত থকা লেডি শ্ৰীৰাম কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ আগতে তেখেতে ভাৰতৰ কেইবাখনো কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে। প্ৰাক্-বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম শেষ কৰাৰ পাছত, ১৯৯০ চনৰ ঠিক আগে আগে সাক্ষীয়ে এখন পঞ্চতাৰকা হোটেলত ছেলছ ট্ৰেইনি হিচাপে কাম কৰে।২ মহাবিদ্যালয়ৰ নাট্য সমাজৰ সম্পাদক আৰু সভাপতিৰ পদত তেখেত অধিষ্ঠিত হৈছিল।১ স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত প্ৰশাসনিক সেৱা আৰু গণমাধ্যমৰৰ বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থাকোঁতে সাক্ষীয়ে দূৰদৰ্শন কেন্দ্ৰৰ বাবে এটা অডিশ্যন দিয়ে। সেইটো আছিল 'আলবেলা সুৰ মেলা' নামৰ এটি গীতৰ অনুষ্ঠান। ১৯৯৮ চনত তেখেতক অনুষ্ঠানটোৰ পৰিৱেশিকা হিচাপে নিৰ্বাচন কৰা হয়।

কৰ্মজীৱন

১৯৯৮ চনত 'আলবেলা সুৰ মেলা' নামৰ গীত অনুষ্ঠানটোৰ জৰিয়তে টেলিভিছনৰ জগতত ভৰি দিয়া সাক্ষীয়ে ইয়াৰ পিছত 'কাহানী ঘৰ ঘৰ কী'ত অভিনয় কৰে। এইখন ধাৰাবাহিকত তেখেতে পাৰ্ৱতী আগৰৱালাৰ চৰিত্ৰটো ৰূপায়ণ কৰে আৰু প্ৰশংসাৰ পাত্ৰী হয়।৩ ২০১১ আৰু ২০১৪ চনৰ ভিতৰত সাক্ষীয়ে অভিনেতা ৰাম কাপুৰৰ বিপৰীতে 'বড়ে অচ্চে লগতে হ্যেয়' নামৰ ধাৰাবাহিকখনত অভিনয় কৰে।৪ ২০১২ চনৰ ডিচেম্বৰ মাহত সাক্ষীয়ে 'কৌন বনেগা ক্ৰৌড়পতি'ত তৃতীয়বাৰৰ বাবে ভাগ লয়।৫

২০১৬ চনত সাক্ষীয়ে 'দংগল' নামৰ হিন্দী ভাষাৰ ছবিখনত অভিনয় কৰে। ছবিখনত সাক্ষীয়ে দয়া কৌৰ নামৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল। দয়া কৌৰ হৈছে প্ৰাক্তন মল্লযুঁজাৰু মহাবীৰ সিং ফোগাতৰ পত্নী। মহাবীৰ সিঙৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল অভিনেতা আমিৰ খানে। ছবিখনত পিতৃ মহাবীৰ সিঙে নিজৰ কন্যা দুগৰাকীক সামাজিক নীতিৰ বাধা নেওচি বিশ্বৰ আগশাৰীৰ মল্লযুঁজাৰু হিচাপে গঢ়ি তোলাৰ কাহিনীটো উপস্থাপন কৰা হয়।৬ সাক্ষীয়ে ইয়াৰ পিছত 'ত্যোহাৰ কি থালী'ৰ জৰিয়তে টেলিভিছনলৈ পুনৰাগমন কৰে। ২০১৮ চনৰ ফেব্ৰুৱাৰি মাহত এপিক নামৰ চেনেলটোত এইখনৰ সম্প্ৰচাৰ হয়।৭

মনোজ বাজপেয়ী, নীনা গুপ্তাৰ লগত সাক্ষীয়ে 'ডায়েল হাণ্ড্ৰেড' নামৰ থ্ৰিলাৰ এখনত অভিনয় কৰিছে।৮ জি-ফাইভযোগে মুক্তি হোৱা এই ছবিখনৰ পৰিচালক আৰু লিখক হৈছে ৰেঞ্জিল ডি ছিলভা। ছবিখনৰ সাক্ষীয়ে আৰক্ষী বিষয়া নিখিল সুদ (অভিনয়ত মনোজ বাজপেয়ী)ৰ পত্নী প্ৰেৰণা সুদৰ ভূমিকা ৰূপায়ণ কৰে।৯

ব্যক্তিগত জীৱন

২০১৮ চনত সাক্ষীয়ে দ্বিতীয়া তানৱাৰ নামৰ নমহীয়া কন্যা সন্তান তুলি লয় আৰু সন্তানটিৰ একক মাতৃ হৈ পৰে।১০

সন্মান

  • ২০১৩ চনত সাক্ষীক ৰাম কাপুৰৰ সৈতে যুটিয়াভাৱে 'ইণ্ডিয়া টুডে'ৰ যোগেদি হোৱা নিৰ্বাচনৰ ভিত্তিত 'টেলিভিছনৰ সবাতোকৈ জনপ্ৰিয় প্ৰেমিকযুগল' বুলি ঘোষণা কৰা হয়।১১
  • ২০১৩ চনৰ এপ্ৰিলত অৰমেক্স মিডিয়াৰ দ্বাৰা সম্পন্ন হোৱা জৰীপৰ ভিত্তিত সাক্ষীক শীৰ্ষ পাঁচগৰাকী বিশ্বাসযোগ্য চেলিব্ৰিটি হিচাপে চিহ্নিত কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ Sakshi Tanwar. FilmiBeat
  2. ↑ Kaushik, Divya. (21 March 2017). Sakshi Tanwar: Worked in a Delhi five-star, bought a sari with first salary. The Times of India
  3. ↑ (3 April 2013). Chhote acche lagte hain... dna
  4. ↑ (18 May 2011). Ekta's next on Sony with Sakshi & Ram titled Bade Achhe Lagte Hain
  5. ↑ KBC 6: Ram Kapoor, Sakshi Tanwar on hot seat again!. IBNLive
  6. ↑ (14 December 2016). This is Why Aamir wanted Sakshi Tanwar to play his onscreen wife in Dangal. Hindustan Times
  7. ↑ (19 February 2018). Sakshi Tanwar to come back with new season of Tyohaar Ki Thaali. India TV
  8. ↑ MumbaiDecember 1, Rishita Roy Chowdhury; December 1, 2020UPDATED; Ist, 2020 11:40. Manoj Bajpayee, Neena Gupta, Sakshi Tanwar come together for thriller Dial 100. India Today
  9. ↑ www.imdb.com/title/tt13562940/
  10. ↑ (20 October 2018). Sakshi Tanwar adopts baby girl Dityaa, calls it greatest moment of her life. See pic. Hindustan Times
  11. ↑ (31 January 2013). Ram Kapoor, Sakshi Tanwar favourite TV couple. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাক্ষী তানৱাৰ” প্ৰবন্ধৰ সংশোধন ৩৮৩০৭৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।