অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছায়া কদম

ছায়া কদম'(Chhaya Kadam) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মাৰাঠী আৰু হিন্দী ছবিত অভিনয় কৰে। নাগৰাজ মঞ্জুলেৰ ছবি ফাণ্ড্ৰি (২০১৩), ছাইৰাট (২০১৬)কেপ্ৰমুখ্য কৰি ঝুণ্ড (২০২২), ৰেডু (২০১৮), নুড (Nude) (২০১৮) আৰু একাধিক মাৰাঠী ছবিত তেওঁ অভিনয় কৰিছে।নুড ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ…

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৬৫৪ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

'ছায়া কদম'(Chhaya Kadam) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মাৰাঠী আৰু হিন্দী ছবিত অভিনয় কৰে।১ নাগৰাজ মঞ্জুলেৰ ছবি ফাণ্ড্ৰি (২০১৩), ছাইৰাট (২০১৬)কেপ্ৰমুখ্য কৰি ঝুণ্ড (২০২২), ৰেডু (২০১৮), নুড (Nude) (২০১৮) আৰু একাধিক মাৰাঠী ছবিত তেওঁ অভিনয় কৰিছে।২৩৪'নুড ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ 'মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা' লাভ কৰে।৫৬কদমে ২০২৪ চনত কমেডী-ড্ৰামা লাপাতা লেডিজ, মাদগাঁও এক্সপ্ৰেছ আৰু স্বতন্ত্ৰ ড্ৰামা অল উই ইমাজিন এজ লাইটত অভিনয় কৰি বহল স্বীকৃতি লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ছায়া কদমৰ জন্ম হৈছিল মধ্য মুম্বাইৰ উপকণ্ঠ অঞ্চল কালিনাৰ এটা মধ্যবিত্ত পৰিয়ালত।৭ তেওঁৰ দেউতাক কাৰখানাৰ শ্ৰমিক আছিল। তেওঁ পিতৃক ছাই বাবাৰ অন্যতম ন্যাসৰক্ষক হিচাপে উল্লেখ কৰিছে।.৮ দ্বাদশ শ্ৰেণীত অনুত্তীৰ্ণ হোৱাৰ সন্দৰ্ভত তেওঁ কৈছিল, "জীৱনত সফলতা আৰু বিফলতা আহে, কিন্তু সেয়া নিৰুৎসাহিত হোৱাৰ কোনো কাৰণ নহয়। কাৰণ জীৱনত নিজকে প্ৰমাণ কৰাৰ দ্বিতীয়টো সুযোগ পায়। কিন্তু জীৱনটো দ্বিতীয়বাৰৰ বাবে নাহে৷ কোৱা হয় যে, পৰীক্ষাত বিফল হোৱাৰ বাবে কিছুমান শিক্ষাৰ্থীয়ে আত্মহত্যাৰ পথ বাছি লয়৷"৯১০ ভিলে পাৰ্লেৰ সথায়ে কলেজত পঢ়ি ছায়া কদমে ৰাজ্যিক পৰ্যায়ত কাবাডী খেলি টেক্সটাইল ডিজাইনত স্নাতক ডিগ্ৰী লাভ কৰে। হাইস্কুল আৰু কলেজৰ সময়ছোৱাত তেওঁ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিল।১১

কৰ্মজীৱন

২০০৯ চনত চলচ্চিত্ৰত প্ৰৱেশ কৰাৰ আগতে ছায়াই মঞ্চত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ ৱামান কেন্দ্ৰৰে নিৰ্মাণ কৰা জুলভা ছবিখনৰ জৰিয়তে মঞ্চত অভিষেক ঘটায়৷ তেওঁৰ প্ৰথমখন ছবি বাইমানুছ (২০১০)-এ এতিয়ালৈকে মুক্তি লাভ নকৰিলে।১২ ইয়াৰ পিছতে মি সিন্ধুতাই সাপকাল (২০১০), বাবু বন্দ বাজা (২০১১), আৰু কুনি ঘৰ দেতা কা ঘৰ (২০১৩) আদি ছবি। তেওঁৰ প্ৰথম হিন্দী ছবি আছিল সিংঘম ৰিটাৰ্নছ (২০১৩), য'ত তেওঁৰ অজয় দেৱগনৰ সৈতে একক দৃশ্য আছিল।[2]১৩

নাগৰাজ মঞ্জুলেৰ পৰিচালনাত নিৰ্মিত ফাণ্ড্ৰি (২০১৩) ছবিখনত তেওঁৰ এটা প্ৰধান চৰিত্ৰ আছিল। তেওঁ ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবিখনত নানীৰ চৰিত্ৰত অভিনয় কৰি সমালোচকৰ প্ৰশংসা লাভ কৰে। ইয়াৰ পিছত তেওঁ হাইৱে (২০১৫) আৰু গৌৰ হৰি দস্তান (২০১৫) ছবিত অভিনয় কৰে।

পৰৱৰ্তী সময়ত তেওঁ ২০১৬ চনত নাগৰাজ মঞ্জুলেৰ ছাইৰাত অভিনয় কৰিছিল৷ ছবিখনে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে। ছবিখনত এগৰাকী হায়দৰাবাদী তেলেগু ডোছাৰ দোকানী হিচাপে তেওঁ অভিনয় কৰিছিল। ইয়াৰ বাবে শ্বুটিঙৰ কেমেৰামেনসকলৰ পৰা তেওঁ তেলেগু শিকিছিল।১৪ ছবিখনৰ জৰিয়তে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী – মাৰাঠীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ আতুমগিৰি (২০১৭), হালাল (২০১৭), আৰু হাম্পি (২০১৭) আদি ছবিত অভিনয় কৰিছিল।

ইয়াৰ পিছত ২০১৮ চনত ৰবি যাদৱৰ পৰিচালনাত নিৰ্মিত ন্যুড তেওঁ ছবিত অভিনয় কৰে। গোৱাত অনুষ্ঠিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ প্ৰডাকচন হাউচ জি ষ্টুডিঅ’ বিপদত পৰে। মহোৎসৱত ভাৰতীয় পেনোৰামা শাখাৰ মুকলি শিৰোনাম হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশত ছবিখন বাদ দিয়া হয়। অৱশেষত কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণীকৰণ পৰিষদে ছবিখনক প্ৰাপ্তবয়স্কৰ প্ৰমাণপত্ৰৰ সৈতে অনুমোদন জনায় আৰু ছবিখনত কোনো ধৰণৰ কৰ্তন নকৰে।১৫১৬ মুক্তিৰ লগে লগে ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু কদমে তেওঁৰ অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰে।১৭১৮ ইয়াৰ পিছত এই ছবিখনে ২০১৮ চনৰ নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে।১৯২০ ইয়াৰ পিছত তেওঁ বহু জনপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা ৰেডু ছবিত অভিনয় কৰে আৰু ৫৬ সংখ্যক মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাত কেইবাটাও মনোনয়ন লাভ কৰে।২১২২২৩ তেওঁ অন্ধাধুন (২০১৮) আৰু জেলিয়া (২০১৮) ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

তেওঁৰ দ্বাৰা অভিনীত ২০২২ চনত মুক্তি পোৱা নয় বৰণভাট লঞ্চা কন নয় কঞ্চাই ছবিখনৰ ট্ৰেইলাৰে মুক্তিৰ লগে লগে বিতৰ্কৰ সৃষ্টি কৰিছিল। ভাৰতীয় ষ্ট্ৰী শক্তিয়ে ছবিখনৰ ট্ৰেইলাৰত “মহিলা আৰু নাবালকক আক্ৰমণাত্মক ৰূপত চিত্ৰিত কৰা হৈছে” বুলি অভিযোগ কৰে৷ এই অভিযোগ পোৱাৰ পিছতে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি ছবিখনৰ ট্ৰেইলাৰ চেঞ্চৰ কৰিবলৈ অনুৰোধ জনায়।২৪২৫ মুক্তিৰ লগে লগে ছবিখনে বাস্তৱিক কাহিনীভাগৰ বাবে প্ৰশংসা লাভ কৰাৰ লগতে তেওঁৰ অভিনয়ৰ বাবে সমাদৰো লাভ কৰে। মহাৰাষ্ট্ৰ টাইমছৰ কল্পেশৰাজ কুবালে লিখিছে, "বায়েৰ চৰিত্ৰত অভিনয় কৰা ছায়া কদমে অভিনয়ৰ দক্ষতাৰে আমাক বাকৰুদ্ধ কৰি তুলিছে। তেওঁৰ শৰীৰৰ ভাষা আৰু মৌখিক আদান-প্ৰদানে ভূমিকাটোক উচ্চ কৰি তোলে।২৬ তেওঁ ড্ৰামা ছয়ৰিকত অভিনয় কৰিছিল আৰু বিশিষ্ট ভূমিকা পালন কৰিছিল।২৭ তেওঁৰ পৰৱৰ্তী দুখন মুক্তিপ্ৰাপ্ত ছবি আছিল বহু প্ৰশংসিত হিন্দী ছবি গংগুবাই কঠিয়াৱাড়ী আৰু ঝুণ্ড। প্ৰথমখন ছবিত আলিয়া ভাটে অভিনীত চৰিত্ৰটোৰ প্ৰতিদ্বন্দ্বী ৰশ্মীবাইৰ ৰূপত তেওঁ অভিনয় কৰিছিল। ঝুণ্ড আছিল তেওঁৰ সৈতে নাগ্ৰজ মঞ্জুলেৰ তৃতীয়টো সহযোগিতা৷ অমিতাভ বচ্চনৰ চৰিত্ৰ বিজয় বৰাডেৰ পত্নীৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল। দুয়োটা ভূমিকাৰ জৰিয়তে তেওঁ স্বীকৃতি লাভ কৰে।২৮২৯ সেইটো বছৰতে মুক্তি লাভ কৰা আনকেইখনমান চলচ্চিত্ৰ আছিল কৌন প্ৰবীণ টাম্বে?, ভাৰত মাজা দেশ আজে, আৰু য়েৰে য়েৰা পৌছা।৩০'' ইয়াৰ পিছত তেওঁ কিৰণ ৰাওৰ লাপাতা লেডিজত অভিনয় কৰিছিল।

বঁটা আৰু সন্মান

বৰ্ষকামবঁটাশিতানফলাফলতথ্যসূত্ৰ
২০১৬সৈৰতমাৰাঠী ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা-মাৰাঠী
সৈৰতমহাৰাষ্ট্ৰচা ফেভাৰিট কন?প্ৰিয় সহযোগী অভিনেত্ৰীৰ বাবে এম এফ কে বঁটা
২০১৮নুডমহাৰাষ্ট্ৰচা ফেভাৰিট কন?প্ৰিয় সহযোগী অভিনেত্ৰীৰ বাবে এম এফ কে বঁটা
২০১৮নুডমহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী
২০১৯ৰেডুবিশেষ জুৰী বঁটা
২০২০আটপাড়ী নাইটছ্ফিল্মফেয়াৰ বঁটা-মাৰাঠীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা – মাৰাঠী

তথ্যসূত্ৰ

  1. ↑ 'Redu'. The Times of India
  2. ↑ आपटे, अंकिता. (2023-01-18). Chhaya Kadam Interview: सहायक भूमिकाही मुख्य भूमिकेसारखीच करते. MaTa Gold
  3. ↑ Pawar, Yogesh. (2022-03-07). Chhaya Kadam interview: 'Every role is a challenge'. Scroll.in
  4. ↑ From Nana Patekar, Swapnil Joshi to Chhaya Kadam; Marathi celebrities who stunned us with their performances!. The Times of India
  5. ↑ (2019-05-27). असा रंगला दिमाखदार 56 वा राज्य मराठी चित्रपट पुरस्कार सोहळा, वाचा विजेत्यांची संपूर्ण यादी. www.timesnowmarathi.com
  6. ↑ (2019-05-27). 'भोंगा'ने पटकावला उत्कृष्ट चित्रपट पुरस्कार. My Mahanagar
  7. ↑ Not quite in the shadows. DNA India
  8. ↑ 'मेरे साई' मालिकेत काम करणं खुद्द देवानंच दिलेला एक संकेत. Maharashtra Times
  9. ↑ Chaya Kadam
  10. ↑ टीम, एबीपी माझा वेब. (2022-06-08). Result: निकाल काहीही येवो, निराश होऊ नका; 'हे' दिग्गजही परीक्षेत नापास पण जीवनात मात्र टॉपर. marathi.abplive.com
  11. ↑ (2018-04-22). Ground Beneath Her Feet. The Indian Express
  12. ↑ The journey of an actor can never stop
  13. ↑ (2020-04-26). ग्रामीण प्रेक्षक, सर्वसामान्य लोक यांच्या जीवावरच मी मोठी झाले, अभिनेत्रीने व्यक्त केल्या भावना. Maharashtra Times
  14. ↑ (2021-12-24). सोशल मीडियावर सैराट मधल्या 'सुमन अक्का'च्या स्टायलिश लूकला मिळते अधिक पसंती. Lokmat
  15. ↑ Raman, Sruthi Ganapathy. (2018-03-09). Ravi Jadhav on 'Nude': 'We are saying a lot of things, but we are doing it subtly'. Scroll.in
  16. ↑ Scroll Staff. (2017-11-14). Watch: The trailer of Ravi Jadhav's 'Nude', which IFFI has refused to screen. Scroll.in
  17. ↑ (2018-04-28). Movie Review: Nude. Nagpur Today: Nagpur News
  18. ↑ Thombare, Suparna. Nude review: Strong performances drive this evocative tale. Cinestaan
  19. ↑ Marathi film 'Nude' wins the 'Best Film' award at the New York Indian Film Festival 2018. DNA India
  20. ↑ (2019-05-27). 56 वा मराठी चित्रपट पुरस्कार प्रदान सोहळा दिमाखात. Jaimaharashtra news
  21. ↑ (2018-04-11). Redu bags 10 nominations at State Awards. The Times of India
  22. ↑ Ramnath, Nandini. (2018-05-18). 'Redu' film review: A short-wave transmission that is limited in ambition. Scroll.in
  23. ↑ Lookhar, Mayur. Redu review: Entertaining tale of loss with fine acting, visuals. Cinestaan
  24. ↑ नाय वरनभात लोन्चा कोन नाय कोन्चा. Maharashtra Times
  25. ↑ Entertainment, Quint. (2022-01-12). NCW Writes to I&B Ministry to Censor 'Nay Varan Bhat Loncha..' Trailer. TheQuint
  26. ↑ (2022-06-16). YeRe YeRe Pavsa Marathi Movie: ..म्हणून छाया कदम यांनी स्वीकारला 'येरे येरे पावसा', उद्या येतोय भिजवायला..!. Lokmat
  27. ↑ Seta, Keyur. Soyrik review: Makarand Mane's experiment is able to keep the audience interested. Cinestaan
  28. ↑ अभिनयाचं नाणं खणखणीत असेल, तर ते वाजणारंच..छाया कदम यांच्या अभिनयाचं कौतुक. Maharashtra Times
  29. ↑ Seta, Keyur. Sanjay Leela Bhansali thinks about work 24x7, says Gangubai Kathiawadi actress Chhaya Kadam. Cinestaan
  30. ↑ (2022-05-18). 'येरे येरे पावसा' चित्रपट लवकरच येणार प्रेक्षकांच्या भेटीला, टीझर पाहिलात का? · yere yere pausa teaser release milind shinde chhaya kadam sandesh jadhav. Loksatta

সম্পৰ্কিত শ্ৰেণী

অভিনয় শিল্পীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমহাৰাষ্ট্ৰৰ ব্যক্তিমাৰাঠী ব্যক্তিভাৰতীয় অভিনেত্ৰীবঁটা বিজয়ীচলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছায়া কদম” প্ৰবন্ধৰ সংশোধন ৬৩৭১২৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।