অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মণিষা কৈৰালা

মণিষা কৈৰালা (Manisha Koirala; জন্ম: ১৬ আগষ্ট ১৯৭০) ভাৰতীয় চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। তাৰোপৰি তেলেগু, বাংলা, মালয়ালম, নেপালী আৰু ইংৰাজী চলচ্চিত্ৰতো অভিনয় কৰিছে।

হালনাগাদ: ২৫ মাৰ্চ ২০২৫ ৩৮৩ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মণিষা কৈৰালা (Manisha Koirala; জন্ম: ১৬ আগষ্ট ১৯৭০) ভাৰতীয় চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। তাৰোপৰি তেলুগু ভাষা, বঙালী ভাষা, মালয়ালম ভাষা, নেপালী আৰু ইংৰাজী চলচ্চিত্ৰতো অভিনয় কৰিছে। বাণিজ্যিক আৰু স্বতন্ত্ৰ চিনেমা উভয়তে কৰা কামৰ বাবে পৰিচিত মণিষাই চাৰিটা ফিল্মফেয়াৰ বঁটাকে ধৰি বিভিন্ন বঁটা-বাহন লাভ কৰিছে। ২০০১ চনত নেপাল চৰকাৰে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ গোৰ্খা দক্ষিণা বাহুৰে সন্মানিত কৰে।১

ৰাজনৈতিকভাৱে বিশিষ্ট কৈৰালা পৰিয়ালত জন্মগ্ৰহণ কৰা মণিষা প্ৰকাশ কৈৰালাৰ কন্যা আৰু নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বিশ্বেশ্বৰ প্ৰসাদ কৈৰালাৰ নাতিনী। কৈৰালাই নেপালী ছবি ফেৰী ভেতাউলাৰ২ (১৯৮৯) জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। তেওঁ অভিনয় কৰা প্ৰথম হিন্দী ছবি সৌদাগৰ (১৯৯১)। ইয়াৰ পিছত ধাৰাবাহিকভাৱে ব্যৱসায়িক বিফলতাৰ পিছত ১৯৪২: এ লাভ ষ্ট’ৰী (১৯৯৪) আৰু তামিল ভাষাৰ বম্বে (১৯৯৫) নামৰ ৰোমান্টিক ছবিখনৰ জৰিয়তে তেওঁ নিজকে এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী পৰ্যায়ত তেওঁ ধাৰাবাহিকভাবে সফলতাৰ মুখ দেখা অগ্নিসাক্ষী (১৯৯৬), ইণ্ডিয়ান (১৯৯৬), গুপ্ত: দ্য হিডেন ট্ৰুথ (১৯৯৭), কচ্ছে ধাগে (১৯৯৯), মুধলৱন (১৯৯৯), কোম্পানী (২০০২) আৰু এক চোটিচি লাভ ষ্ট’ৰী (২০০২) আদি ছবিত অভিনয় কৰে।৩

অকেলে হম অকেলে তুমত (১৯৯৫) এগৰাকী অভিলাষী পত্নী, খামোছি: দ্য মিউজিকেলত (১৯৯৬) বধিৰ পিতৃ-মাতৃৰ কন্যা, দিল ছেত (১৯৯৮) এজনী সন্ত্ৰাসবাদী, লজ্জাত (২০০১) এগৰাকী দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা মহিলা আৰু এস্কেপ ফ্ৰম তালিবানত (২০০৩) সুস্মিতা বেনাৰ্জীৰ চৰিত্ৰত অভিনয় কৰা কৈৰালাই ভিন্নভিন্ন প্ৰকৃতিৰ চৰিত্ৰ ৰূপায়নৰ বাবে সমালোচনাত্মক স্বীকৃতি লাভ কৰিছে। ২০০৩ চনৰ পিছত কৈৰালাই স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে আৰ্ট-হাউছ প্ৰজেক্ট আৰু আঞ্চলিক চলচ্চিত্ৰত কাম কৰিবলৈ আৰম্ভ কৰে। ড্ৰামাফিল্ম তুলসী (২০০৮), মালয়ালম মনস্তাত্বিক ছবি ইলেক্ট্ৰা (২০১০),আৰু ৰোমান্টিক কমেডী মেপিল্লাইত (২০১১) অভিনয় কৰি তেওঁ প্ৰশংসিত হয়।৪৫

২০১২ চনত ডিম্বাশয়ৰ কৰ্কট ৰোগ ধৰা পৰাৰ পিছত অভিনয়ৰ পৰা বিৰতি লৈ পাঁচ বছৰৰ পিছত ডিয়েৰ মায়াৰ (২০১৭) যোগে পুনৰ চলচ্চিত্ৰ জগতলৈ উভতি আহে। পিছৰ বছৰত তেওঁ নেটফ্লিক্সৰ প্ৰডাকচন লাষ্ট ষ্ট’ৰীজ আৰু জীৱনীমূলক ছবি সঞ্জুত অভিনয় কৰে। সঞ্জুৱে সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ ভিতৰত স্থান পায়। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ ১৯৯৯ চনত ভাৰতৰ বাবে আৰু ২০১৫ চনত নেপালৰ বাবে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ সদিচ্ছা ৰাষ্ট্ৰদূত৬ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ২০১৫ চনৰ এপ্ৰিল মাহত নেপালৰ প্ৰলয়ংকৰী ভূমিকম্পৰ পিছত সাহায্যৰ কামতো জড়িত আছিল। তেওঁ নাৰীৰ অধিকাৰ, নাৰীৰ বিৰুদ্ধে হিংসা প্ৰতিৰোধ, মানৱ সৰবৰাহ প্ৰতিৰোধ আৰু কৰ্কট সজাগতা আদিত জড়িত।৭ তেওঁ ৰচনা কৰা হিল্ড (Healed) উপন্যাসখন ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সৈতে তেওঁৰ সংগ্ৰামৰ বিৱৰণ।

বঁটা-বাহন

  • ফিল্মফেয়াৰ বঁটা
    • ১৯৯৫: শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচক বঁটা (বোম্বে) ৮
    • ১৯৯৭: শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচক বঁটা (খামোচী: দ্য মিউজিকেল) ৯
    • ২০০৩: শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচক বঁটা (কোম্পেনী) ১০
  • ফিল্মফেয়াৰ বঁটা দক্ষিণ
    • ১৯৯৬: শ্ৰেষ্ঠ অভিনেত্ৰী-তামিল (বোম্বে) ১১

তথ্যসূত্ৰ

  1. ↑ (23 April 2014). Mahima, Manisha, Madhuri: Subhash Ghai's leading ladies, Then and Now!. Rediff.com
  2. ↑ The Tribune, Chandigarh, India – World. The Tribune
  3. ↑ (24 October 2002). The economics of moviemaking. Rediff.com
  4. ↑ (15 August 2020). Manisha Koirala @ 50: The actress's 13 most loved 90s songs
  5. ↑ (10 April 2013). 1990's Bollywood Beauties
  6. ↑ Manisha Koirala to support Nepali women, girls affected by quake - The Times of India. The Times of India
  7. ↑ Who's Who: Biographical notes. United Nations 26 July 2007
  8. ↑ Critics Award for Best Performance. Filmfare. Times Internet Limited
  9. ↑ Filmfare Awards. Filmfare
  10. ↑ Dixit, Rekha; Wallia, Kaajal. (21 February 2003). Devdas sweeps Filmfare Awards. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. TNN
  11. ↑ Agrawal, Vandita. (30 November 2012). ManishaKoirala's 12 Most Powerful Performances. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. Times Interner Limited

সম্পৰ্কিত শ্ৰেণী

ফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীনেপালী চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীচলচ্চিত্ৰ প্ৰযোজকনেপালী অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিষা কৈৰালা” প্ৰবন্ধৰ সংশোধন ৪৯৬৯৬১ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।