দিব্যা দত্ত ( Divya Dutta; জন্ম: ২৫ ছেপ্টেম্বৰ ১৯৭৭)১২ এগৰাকী ভাৰতীয় অভিনেত্ৰী। মূলতঃ হিন্দী আৰু পাঞ্জাবী চিনেমাত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ অ’টিটি (OTT) বঁটাকে ধৰি বিভিন্ন প্ৰশংসা লাভ কৰিছে।
১৯৯৪ চনত “ইছক্ মে জীনা ইছক্ মে মৰনা” ছবিৰ জৰিয়তে হিন্দী চিনেমা জগতত দত্তই আত্মপ্ৰকাশ কৰে। তাৰ পিছত ১৯৯৫ চনৰ “বীৰগতি”ত মুখ্য চৰিত্ৰত অভিনয় কৰে। ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পটভূমিত নিৰ্মিত পাঞ্জাবী ছবি “শ্বহীদ-ই-মহব্বত বুটা সিঙ“ত শিখ স্বামীৰ পৰা বিচ্ছিন্ন হোৱা মুছলমান পত্নী জয়নাবৰ মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ দৃষ্টি আকৰ্ষণ কৰিছিল। ৰোমান্টিক ড্ৰামা “বীৰ-জাৰা“ (২০০৪), কমেডী “ৱেলকাম টু সজ্জনপুৰ“ (২০০৮),“দিল্লী-৬“ (২০০৯),“ষ্টেনলি কা ডাব্বা“ (২০১১) “হিৰোইন“ (২০১২), আৰু থ্ৰিলাৰ “বদলাপুৰ“ (২০১৫) ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি দত্তই অধিক চৰ্চিত হয়। ২০১৩ চনত বায়’পিক “ভাগ মিলখা ভাগ“ত মিলখা সিঙৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ প্ৰশংসা লাভ কৰে।৩৪ সামাজিক ড্ৰামা “ইৰাদা“ত (২০১৭) অভিনয় কৰা দত্তক শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত কৰা হয়।
টেলিভিছনত তেওঁ “সংবিধান“ (২০১৪) ধাৰাবাহিকত পূৰ্ণিমা বেনাৰ্জীৰ চৰিত্ৰত অভিনয় কৰিছিল। থ্ৰিলাৰ ছিৰিজ স্পেচিয়েল “ওপিএছ“ত (২০২০) অভিনয় কৰি ফিল্মফেয়াৰ ওটিটি বঁটা লাভ কৰে। তেওঁ “দ্য ষ্টাৰছ ইন মাই স্কাই“ নামৰ এখন গ্ৰন্থও লিখিছে।৫
তথ্যসূত্ৰ
- ↑ Divya Dutta: Movies, Photos, Videos, News, Biography & Birthday · eTimes. The Times of India
- ↑ Divya Dutta: Movies, Photos, Videos, News, Biography & Birthday · eTimes. The Times of India
- ↑ YouTube
- ↑ PTI. (14 October 2021). Actress Divya Dutta's second book, 'The Stars in My Sky', hits the stands on Oct 25. The Economic Times
- ↑ (25 September 2015). Divya Dutta's birthday made 'very special' by Shabana Azmi. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. Indo-Asian News Service
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিব্যা দত্ত” প্ৰবন্ধৰ সংশোধন ৪৯৩৯২৩ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।