কৃতি সেনন (Kriti Sanon; জন্ম: ২৭ জুলাই ১৯৯০) হিন্দী আৰু তেলেগু ভাষাৰ ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। জয়পী ইনষ্টিটিউট অফ ইনফৰ্মেশ্যন টেকনোল’জীৰ পৰা অভিযান্ত্ৰিক বিষয়ত ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ চমু সময়ৰ বাবে ফেশ্বন মডেল হিচাপে কাম কৰিছিল। ২০১৪ চনৰ একচন ছবি ১: নেনোক্কাডিনে আৰু হিৰ’পাণ্টীত মূল নাৰী চৰিত্ৰত অভিনয় কৰি সেননে অভিনয় জীৱন আৰম্ভ কৰে। দ্বিতীয়খন ছবিৰ বাবে তেওঁক শ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ বঁটা পায়।
বাণিজ্যিকভাৱে সফল ৰোমান্টিক কমেডী ছবি বেৰেলি কি বৰ্ফি (২০১৭) আৰু লুকাচুপ্পিত (২০১৯) অভিনয় কৰি সেননে অভিনয় জীৱন আগবঢ়াই নিয়ে। তেওঁৰ কমেডী দিলৱালে (২০১৫) আৰু হাউছফুল ৪ (২০১৯) তেওঁৰ শীৰ্ষৰ উপাৰ্জনকাৰী ছবি আছিল। এগৰাকী ছেৰ’গেট মাতৃৰ ভূমিকাত অভিনয় কৰা মিমি (২০২১) ছবিখনৰ বাবে সেননে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা পাবলৈ সক্ষম হয়।
২০১৯ চনৰ ‘ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ তালিকা’ত সেননে স্থান লাভ কৰিছে। তেওঁ নিজাকৈ বস্ত্ৰ আৰু ফিটনেছ কোম্পানী স্থাপন কৰিছে আৰু লগতে কেইবাটাও ব্ৰেণ্ড আৰু প্ৰডাক্টৰ এম্বেছাদৰ হিচাপেও কাম কৰিছে।
প্ৰাৰম্ভিক জীৱন
১৯৯০ চনৰ ২৭ জুলাইত ১ নতুন দিল্লীত চাৰ্টাৰ্ড একাউণ্টেণ্ট ৰাহুল সেনন আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা গীতা সেননৰ ঘৰত জন্মগ্ৰহণ কৰে।২৩ তেওঁ পাঞ্জাবী সম্প্ৰদায়ৰ।৪ প্ৰাৰম্ভিক পঢ়া-শুনা দিল্লী পাব্লিক স্কুল, আৰ.কে.পুৰমত।৫ পিছলৈ নয়ডাৰ জেপী ইনষ্টিটিউট অফ ইনফৰ্মেচন টেকন'লজিৰ পৰা ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিং প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে।৬৭ অভিনেত্ৰী হোৱাৰ আগতে তেওঁ চমু সময়ৰ বাবে মডেল হিচাপে কাম কৰিছিল।৮ তেওঁৰ ভনীয়েক নুপুৰো এগৰাকী অভিনেত্ৰী।৯
অভিনয় জীৱন
২০১৪ চনত তেলেগু চাইকোল’জীকেল একচন থ্ৰিলাৰ ১: নেনোক্কাদিনত মহেশ বাবুৰ চৰিত্ৰৰ প্ৰেমাস্পদৰ চৰিত্ৰত অভিনয় কৰি সেননে অভিনয়ত আত্মপ্ৰকাশ কৰে।১০ ছবিখনৰ বাবে তেওঁ সাগৰত চিত্ৰগ্ৰহণ কৰা একচন ছিকুৱেন্সত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল; এই অভিজ্ঞতা সম্পৰ্কে তেওঁ কৈছিল যে তেওঁ যথেষ্ঠ পৰিমাণএ নাৰ্ভাছ অনুভৱ কৰিছিল, কাৰণ তেওঁ সাঁতুৰিব নাজানিছিল।১১ ‘দ্য টাইমছ অফ ইণ্ডিয়া’ আৰু ‘চিফী’ৰ পৰ্যালোচনতা তেওঁৰ সৌন্দৰ্য্য আৰু অভিনয় পাৰদৰ্শিতাৰ উল্লেখ কৰা হৈছিল।১২ ১: নেনোক্কাডিনৰ প্ৰথম সূচী সম্পূৰ্ণ কৰাৰ পিছত সেননে নৱাগত টাইগাৰ শ্ৰফৰ বিপৰীতে হিন্দী একচন ছবি হিৰোপাণ্টিৰ বাবে চুক্তিবদ্ধ হয়। তেওঁ দুয়োখন ছবিৰ বাবে সময়ৰ ভাগবতৰা কৰিবলগীয়া হৈছিল।১৩ বাণিজ্য সাংবাদিক তৰণ আদৰ্শই মতামত দিছিল যে ছাননৰ "এগৰাকী তাৰকাৰ গুণ আছে"।১৪ কিন্তু ‘দ্য টাইমছ অফ ইণ্ডিয়া’ৰ সমালোচক সৃজনা দাসে তেওঁৰ আৱেগপ্ৰৱণতাক সমালোচনা কৰি ইয়াক "তীব্ৰতাকৈ অধিক নৰম" বুলি অভিহিত কৰিছিল।১৫ হিৰ'পেন্টিয়ে এখন ব্যৱসায় সফল ছবি হিচাপে সাব্যস্ত হয়। ১: নেনোক্কাডিনৰ বাবে সেনন শ্ৰেষ্ঠ নৱাগতাৰ SIIMA বঁটাৰ বাবে মনোনীত হয় আৰু হিৰোপান্তিৰ বাবে শ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।১৬
তথ্যসূত্ৰ
- ↑ Mangaokar, Shalvi. (27 July 2015). Varun Dhawan and I think in the same filmy way: Kriti Sanon. হিন্দুস্তান টাইমছ
- ↑ Parkar, Shaheen. (8 May 2016). Mother's Day Special: Meet the star moms of Bollywood. Mid-day
- ↑ (29 July 2015). Dilwale: Will start shooting with Shah Rukh and Kajol in mid-August, says Kriti Sanon. ইণ্ডিয়া টুডে
- ↑ (24 February 2018). Kriti Sanon is speaking to her parents in Punjabi, here's why!. DNA
- ↑ Kriti Sanon Visited Her School After 15 Years. See What She Posted
- ↑ Sharma, Garima. (18 March 2010). Ticket to Bollywood. The Times of India
- ↑ Chakravorty, Vinayak. (14 June 2015). Engineering student Kriti Sanon says life in B-Town was meant to be. India Today
- ↑ (29 August 2021). Kriti Sanon recalls being publicly yelled at by 'rude' choreographer during modelling days: 'I cried to my mother'. Hindustan Times
- ↑ (31 March 2022). Kriti Sanon's sister 'Nupur Sanon' makes her film debut with Ravi Teja's 'Tiger Nageswara Rao'. The Times of India
- ↑ (26 January 2013). Most Wanted: Kriti Sanon has her kitty full with movies. India Today
- ↑ (14 January 2014). 'I was late on first day', says Kriti Sanon. Deccan Chronicle
- ↑ 1-Nenokkadine Movie Review. The Times of India
- ↑ (21 January 2013). Kriti Sanon finalized opposite Tiger in Heropanti. বলিউড হাংগামা
- ↑ Adarsh, Taran. (23 May 2014). Movie Review: 'Heropanti'. বলিউড হাংগামা
- ↑ Das, Srijana. (23 May 2014). Heropanti Movie Review. The Times of India
- ↑ Dohchay Movie Review. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃতি সেনন” প্ৰবন্ধৰ সংশোধন ৬০৩৮৫৭ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।