অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উষা কিৰণ

উষা কিৰণ (Usha Kiran; ২২ এপ্ৰিল ১৯২৯-৯ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। চাৰি দশক জোৰা অভিনয় জীৱনত তেওঁ ৩০০খনৰো অধিক হিন্দী, গুজৰাটী আৰু মাৰাঠী ভাষাৰ ছবিত অভিনয় কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য দাগ (১৯৫২),পাতিলা (১৯৫৩),বাদবান (১৯৫৪),বাৱৰ্চী (১৯৭২)চুপকে চুপকে (১৯৭৫), আৰু মিলি (১৯৭৫)।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৪ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

উষা কিৰণ (Usha Kiran; ২২ এপ্ৰিল ১৯২৯-৯ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। চাৰি দশক জোৰা অভিনয় জীৱনত তেওঁ ৩০০খনৰো অধিক হিন্দী ভাষা, গুজৰাটী ভাষা আৰু মাৰাঠী ভাষা ভাষাৰ ছবিত অভিনয় কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য দাগ (১৯৫২),পাতিলা (১৯৫৩),বাদবান (১৯৫৪),বাৱৰ্চী (১৯৭২)চুপকে চুপকে (১৯৭৫), আৰু মিলি (১৯৭৫)। তেওঁ ১৯৯৬-ৰ পৰা ১৯৯৭-লৈ মুম্বাইৰ নগৰপাল আছিল।১

ব্যক্তিগত জীৱন

তেওঁৰ দেউতাকৰ নাম আছিল বালকৃষ্ণ বিষ্ণু মাৰাথে আৰু মাকৰ নাম আছিল ৰাধা। মাক-দেউতাৰ পাঁচজনী জীয়েকৰ ভিতৰত তেওঁ আছিল দ্বিতীয়। মুম্বাইৰ এল.টি.এম.এম.জি হাস্পাতালৰ ডীন ডাঃ মনোহৰ খেৰৰ সৈতে তেওঁ বিবাহ সম্পন্ন হয়। তেওঁ তেওঁ দুই সন্তানৰ মাতৃ, পুত্ৰ অদ্বৈত খেৰ আৰু জীয়ৰী তন্বী আজমী। পুত্ৰ অদ্বৈত পুৰ্বে ম়ডেল আছিল আৰু বৰ্তমান পত্নী, ১৯৮২ৰ ‘ফেমিনা মিচ ইণ্ডিয়া’ উত্তৰা মাত্ৰে খেৰৰ সৈতে নাচিকত বসতি স্থাপন কৰি আছে।২ উষা কিৰণৰ জীয়ৰী তন্বী আজমী এগৰাকী প্ৰখ্যাত দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ শাবানা আজমীৰ ভাতৃ, প্ৰখ্যাত চিনেমেটোগ্ৰাফাৰ বাবা আজমীৰ পত্নী।৩

কৰ্মজীৱন

এম.জি. ৰংগেকাৰৰ মাৰাঠী নাটক আশীৰ্বাদৰ যোগেদি তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।৪ তেওঁৰ প্ৰথম চলচ্চিত্ৰাভিনয় ১৯৪৩ চনত, মাৰাঠী ছবি কুবেৰত। অমিয় চক্ৰৱৰ্তীয়ে গৌণ(১৯৫০) ছবিৰে তেওঁৰ হিন্দী দৰ্শকৰ সৈতে পৰিচিত কৰাই দিয়ে, য’ত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল ৱাস্তিয়ে। তাপপিছত তেওঁ মনোহৰ দেশাইৰ সৈতে অভিনয় কৰে জে.বি.এইচ. ৱাডিয়াৰ মদহোচত। হ’লেও তেওঁৰ অভিনয় জীৱনৰ উত্তৰণ হয় দাগ (১৯৫২) আৰু পাতিলা (১৯৫৩) ছবিৰ যোগে। এই ছবি দুখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল ক্ৰমে দিলীপ কুমাৰ আৰু দেবানন্দই।১ তেওঁ অসংখ্য জনপ্ৰিয় হিন্দী ছবি, যেনে- নজৰানা (১৯৬১),বাদবান (১৯৫৪),কাবুলিৱালা (১৯৬১), মিলি (১৯৭৫),বাৱৰ্চী (১৯৭২),চুপকে চুপকে (১৯৭৫) আদিত অভিনয় কৰিছে। বানবান''ৰ অভিনয়ৰ বাবে তেওঁ ১৯৫৫ চনৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।৫৬

তেওঁৰ প্ৰখ্যাত মাৰাঠী ছবিৰ ভিতৰত আছে- শিকলেলি বায়কো, জসছ তছে, পোষ্টালি মুলগি, দুধ ভাকৰ, স্ত্ৰী জন্ম হী তুজি কাহানী, কন্যাদান, গৰীব গাৰ্চি লেক আৰু কাঞ্চনজংঘা। কন্যাদানৰ বাবে তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।

তেওঁ ৰাজ কাপুৰ, অশোক কুমাৰ, ৰাজেন্দ্ৰ কুমাৰ, ৰাজেশ খান্না, ধৰ্মেন্দ্ৰ, অমিতাভ বচ্চন আদি তাৰকা অভিনেতাৰ সৈতে অভিনয় কৰিছে।১

মৃত্যু

৯ মাৰ্চ ২০০০ত নাচিক কৰ্কটৰোগ চিকিৎসালয়ত একসত্তৰ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। তেওঁ কৰ্কট ৰোগত ভুগি আছিল।১

তথ্যসূত্ৰ

  1. ↑ (10 March 2000). Actress Usha Kiran passes away at 71. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  2. ↑ Romancing Old Pieces Newblaze, 17 August 2009
  3. ↑ THE DYNAMIC DYNASTIES: What would the world of films be without them? Screen, 22 September 2000
  4. ↑ Mass media 2001. Ministry of Information and Broadcasting. Research, Reference, and Training Division. Government of India, 2001. . p. 152
  5. ↑ Awards ইণ্টাৰনেট মুভি ডাটাবেছ
  6. ↑ Filmography ইণ্টাৰনেট মুভি ডাটাবেছ

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উষা কিৰণ” প্ৰবন্ধৰ সংশোধন ৪৫৬৮২৫ (২২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।