অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শশীকলা

শশীকলা চাইগল (বিবাহৰ পূৰ্বে: জাৱালকৰ; Shashikala Saigal; ৪ আগষ্ট ১৯৩২-৪ এপ্ৰিল ২০২১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল, যাক বেছিকৈ প্ৰথম নামটোৰে জনা যায়।১৯৪০ৰ দশকৰ পৰা শতাধিক বলিউডী চলচ্চিত্ৰত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২১ ৩৫৫ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

শশীকলা চাইগল (বিবাহৰ পূৰ্বে: জাৱালকৰ; Shashikala Saigal; ৪ আগষ্ট ১৯৩২-৪ এপ্ৰিল ২০২১)১ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল, যাক বেছিকৈ প্ৰথম নামটোৰে জনা যায়।১৯৪০ৰ দশকৰ পৰা শতাধিক বলিউডী চলচ্চিত্ৰত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।২

প্ৰাৰম্ভিক জীৱন

শশীকলা মাক-দেউতাকৰ ছয়টা সন্তানৰ অন্যতম আছিল। তেওঁৰ মহাৰাষ্ট্ৰৰ চোলাপুৰত এটা হিন্দু মাৰাঠীভাষী পৰিয়ালত জন্ম হয়।৩ শশীকলা যেতিয়া এজনী কিশোৰী, তেতিয়াই তেওঁৰ দেউতাক দেৱলীয়া হৈ চোলাপুৰৰ পৰা পৰিয়াল সহ বোম্বেলৈ (বৰ্তমানৰ মুম্বাই) গুছি আহিছিল। আশা কৰা হৈছিল, নাচে-গান পাকৈত আৰু দেখাত শুৱনী শশীকলাই মুম্বাইৰ চলচ্চিত্ৰ উদ্যোগত মূৰ গুজিব পাৰিব।শশীকলাই এটা ষ্টুডিঅ’ৰ পৰা আন এটা ষ্টুডিঅ’লৈ কামৰ সন্ধানত ঘূৰি ফুৰিছিল। শুভাকাংক্ষী বন্ধুৰ সহযোগত ঘৰখন কোনোমতে চলি আছিল। ৰূপালী পৰ্দাৰ সম্ৰাজ্ঞী নুৰ জাহানক লগ নোপোৱালৈকে শশীকলাই টুকটাককৈ উপাৰ্জন কৰি আছিল। নুৰ জাহানৰ স্বামী চৌকত হুছেইন ৰিজৱিয়ে জীন্নত (১৯৫৫) নামেৰে ছবি এখন নিৰ্মাণ কৰি আছিল। তাত শশীকলাই এটা কাৱালীৰ দৃশ্যত অভিনয় সুযোগ পায়।৪ তেওঁ সংগ্ৰাম চলাই যায় আৰু পি.এন. আৰোৰা, অমিয় চক্ৰৱৰ্তী আৰু দুজনমান অন্য প্ৰযোজকৰ ছবিত সৰু-সৰু চৰিত্ৰত অভিনয় কৰে।৫ বয়স বিছ বছৰ পাৰ হৈ য়োৱাক পিছত তেওঁ কুন্দনলান চাইলগৰ সম্পৰ্কীয় ওম প্ৰকাশ চাইগলক লগ পায় আৰু দুয়ো বিবাহ বন্ধনত আবদ্ধ হয়।যুগ্মজীৱনৰ স্বাক্ষৰ স্বৰূপে তেওঁলোকৰ দুজনী ছোৱালী জন্মে।৬

কৰ্মজীৱন

শশীকলাই ভাৰত বিভাজনৰ পূৰ্বে পি.এন. আৰোৰা, অমিয় চক্ৰৱৰ্তী আৰু অন্যান্য চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে মাহিলী ৪০০ টকা দৰমহাত কাম কৰে। এই সময়ছোৱাত তেওঁ অশোক কুমাৰ আৰু কৰণ দেৱানৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৫৩ চনত তেওঁ ভি শান্তাৰামৰ তিন বাট্টি চাৰ ৰাষ্টাত অভিনয় কৰাৰ সুযোগ পায়। তেওঁ শাম্মী কাপুৰৰ সৈতে ডাকুত (১৯৫৫) কাম কৰিছিল। ১৯৫৯ চনত সুজাতাত অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন পায়।৭

১৯৬২ চনত তেওঁ তাৰাচান্দ বৰজাত্যৰ আৰতিত মীনা কুমাৰী, অশোক কুমাৰ আৰু প্ৰদীপ কুমাৰৰ সৈতে খলনায়িকাৰ চৰিত্ৰত অভিনয় কৰে। ছবিখন চুপাৰহিট হয় আৰু তেওঁ এই কামৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। এই ছবিখনৰ সফলতাৰ পিছত, তেওঁ অধিক ছবিৰ বাবে প্ৰস্তাৱ লাভ কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী বছৰত তেওঁ গুমৰাহৰ (১৯৬৩)বাবে একেৰাহে দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। পিছলৈ তেওঁ আয়ী মিলন কি বেলা (১৯৬৪),হিমালয় কি গোড মেঁ (১৯৬৫), ফুল ঔৰ পত্থৰ, অনুপমা (১৯৬৬), আৰু নীল কমলত (১৯৬৮) অভিনয় কৰি আৰু পাঁচখন চলচ্চিত্ৰৰ বাবে ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন পায়।৭

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ (4 April 2021). Veteran actor Shashikala dies at 88. The Economic Times
  2. ↑ (5 April 2021). Shashikala, who shone in shades of gray, dead. Avijit Ghosh. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (2021-04-04). Veteran actor Shashikala Om Prakash Saigal passes away. The Indian Express
  4. ↑ Zeenat (1945). Indiancine.ma
  5. ↑ Hindi Film Songs - Teen Batti Char Rasta (1953) · MySwar. myswar.co
  6. ↑ Vimla Patil. (7 March 1999). Peace that surpasseth understanding. The Tribune. পৃ. Sunday Reading
  7. ↑ Vimla Patil. (March 7, 1999). Peace that surpasseth understanding. THE TRIBUNE SUNDAY READING

সম্পৰ্কিত শ্ৰেণী

মাৰাঠী ব্যক্তিভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শশীকলা” প্ৰবন্ধৰ সংশোধন ২৯৪৩৬৪ (৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।