অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বি. সৰোজা দেৱী

ভাইৰাপ্পা সৰোজা দেৱীৰ (Bhairappa Saroja Devi) জনপ্ৰিয় নাম হৈছে বি. সৰোজা দেৱী (জন্ম:৭ জানুৱাৰী ১৯৩৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলেগু, কানাড়া আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে৷ তেখেতে প্ৰায় দুইশতাধিক ছবিত যোৱা ছয় দশতকৈও অধিক কাল অভিনয় কৰিছে৷ ১৭ বছৰ বয়সত সৰোজা দেৱীয়ে…

হালনাগাদ: ১৩ মে’ ২০২৫ ৪৪৮ শব্দ · ২ মিনিট সংগৃহীত ৪৬
সংশোধনৰ পৰামৰ্শ

ভাইৰাপ্পা সৰোজা দেৱীৰ (Bhairappa Saroja Devi)১ জনপ্ৰিয় নাম হৈছে বি. সৰোজা দেৱী (জন্ম:৭ জানুৱাৰী ১৯৩৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলেগু, কানাড়া আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে৷ তেখেতে প্ৰায় দুইশতাধিক ছবিত যোৱা ছয় দশতকৈও অধিক কাল অভিনয় কৰিছে৷২৩৪

১৭ বছৰ বয়সত সৰোজা দেৱীয়ে কন্নড় ভাষা ছবি মহাকৱি কালিদাসা (১৯৫৫)ত অভিনয় কৰি ছবি জগতত দীৰ্ঘস্থায়িত্বৰ ইংগিত দিয়ে৷ তেলেগু ছবিত, তেখেতে পাণ্ডুৰাংগা মহাত্যামৰ জৰিয়তে অভিষেক কৰে আৰু ১৯৭০ৰ দশকৰ অন্তিম সময়লৈকে তেখেতে বহুকেইখন তেলেগু ছবি উপহাৰ দিয়ে৷ ১৯৫৮ চনৰ তামিল ছবি নাদোডি মন্ননৰ জৰিয়তে তেখেত তামিল ভাষাৰ এগৰাকী শীৰ্ষস্থানীয় অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰে৷ ১৯৬৭ চনত বৈবাহিক জীৱনৰ পাতনি মেলিও সৰোজা দেৱীয়ে ১৯৭৪ চনলৈকে দ্বিতীয়গৰাকী চাহিদাসম্পন্ন অভিনেত্ৰী হিচাপে কৰ্মৰত হৈ থাকে৷ ১৯৫৮ চনৰ পৰা ১৯৮০ৰ দশকলৈকে তেখেতে তেলেগু আৰু কানাড়া ছবিৰ জগতৰ শীৰ্ষত আৰোহণ কৰি থাকে৷ ১৯৫৯ চনত সৰোজা দেৱীয়ে হিন্দী ছবি পেয়গামত অভিনয় কৰে৷ তেখেতে ৭০ৰ দশকলৈকে হিন্দী ছবিত অভিনয় কৰে৷

ক্ৰমাগতভাৱে ১৬১ খন ছবিত বি. সৰোজা দেৱীয়ে মুখ্য অভিনেত্ৰী হিচাপে কাম কৰে৷৫ ১৯৫৫ চনৰ পৰা ১৯৮৪ চনলৈকে প্ৰায় ২৯ বছৰৰ সময়ত তেখেত এই অসাধাৰণ কৃতিত্বৰ অধিকাৰীনী হয়৷ ভাৰত চৰকাৰৰ পৰা ১৯৬৯ চনত সৰোজা দেৱীয়ে পদ্মশ্ৰী আৰু ১৯৯২ চনত পদ্মভূষণ সন্মান লাভ কৰে৷ ইয়াৰ লগতে তেখেতে বাংগালোৰ বিশ্ববিদ্যালয় আৰু কালাইমমাণিৰ পৰা সন্মানীয় ডক্তৰেট ডিগ্ৰী লাভ কৰে৷

প্ৰাৰম্ভিক জীৱন

১৯৩৮ চনৰ ৭ জানুৱাৰীত কৰ্ণাটকৰ মহীশূৰ প্ৰদেশত সৰোজা দেৱীৰ জন্ম হৈছিল৷৬ তেখেতৰ পিতৃ আছিল ভায়ৰাপ্পা, যিয়ে আৰক্ষী বাহিনীত কাম কৰিছিল৷ আনহাতে মাতৃ ৰুদ্ৰমা আছিল এগৰাকী গৃহিণী৷ সৰোজা তেওঁলোকৰ চতুৰ্থটি সন্তান আছিল৷ সৰোজাই পিতৃৰ পৰামৰ্শ অনুসৰণ কৰি নৃত্যৰ শিক্ষা গ্ৰহণ কৰে৷ আৰু তেখেতৰ কথা মতেই অভিনয়ক নিজৰ বৃত্তি হিচাপে নিৰ্বাচন কৰে৷ পিতৃৰ লগত তেখেত প্ৰায়েই ফিল্ম ষ্টুডিঅ'লৈ গৈছিল৷৭ মাতৃয়ে সৰোজাৰ বেশভূষাৰ বাবে এক নিৰ্দিষ্ট নিয়ম বান্ধি দিছিল৷ ৮১৩ বছৰ বয়সত বি.আৰ. কৃষ্ণমূৰ্তিয়ে এখনি অনুষ্ঠানত সৰোজাক গীত গাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷ অৱশ্যে সৰোজাই সেই প্ৰস্তাৱ নাকচ কৰে৷৯

কৰ্মজীৱন

১৯৫৫ চনত সৰোজা দেৱীয়ে প্ৰথমখন উল্লেখযোগ্য ছবিত অভিনয় কৰে৷ বহুলভাৱে সফলতা অৰ্জন কৰা এই অভিষেককাৰী ছবিখনৰ নাম আছিল মহাকৱি কালিদাসা৷ ছবিখনত তেখেতে সহকাৰী-অভিনেত্ৰী হিচাপে কাম কৰে৷ ছবিখনে কানাড়া ভাষাত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷১০

৭০'ৰ দশকত সৰোজা দেৱী দক্ষিণ ভাৰতীয় নাৰীসমাজত এগৰাকী ফেছন আইকন হিচাপে জনপ্ৰিয় হৈ উঠে৷ বহুতেই তেখেতৰ বেশভূষা, কেশসজ্জা, আ-অলংকাৰ আদি অনুকৰণ কৰিবলৈ ধৰে৷ বিশেষকৈ ১৯৬৫ চনত মুক্তিপ্ৰাপ্ত ছবি এংগা ভিট্টু পিল্লাইত সৰোজাই পিন্ধা শাৰী আৰু অলঙ্কাৰ-পাতি আলোচনী-পত্ৰিকাৰ জৰিয়তে জনপ্ৰিয় হৈ উঠিছিল৷১১

সুদীৰ্ঘ কেৰিয়াৰত সৰোজা দেৱীয়ে যদিও ৰোমাণ্টিকধৰ্মী চৰিত্ৰ ৰূপায়ণ কৰিছিল, পাছলৈ অৰ্থাৎ ৭০ আৰু আশীৰ দশকত তেখেতে আৱেগবিহ্বল আৰু সামাজিক ছবিক অগ্ৰাধিকাৰ দিয়ে৷

গুণমুগ্ধ আৰু ছবি-প্ৰযোজকসকলৰ পৰা উৎসাহ লাভ কৰি সৰোজা দেৱীয়ে ১৯৯৩ চনত শিৱাজী গণেশানৰ বিপৰীতে পৰমবৰিয়ম নামৰ ছবিখনত অভিনয় কৰে৷ ইয়াৰ পিছত কেইখনমান ছবিত তেখেতে সহকাৰী অভিনেত্ৰী হিচাপে কাম কৰে৷১২

১৯৯৮ আৰু ২০০৫ চনত দুবাৰকৈ সৰোজা দেৱীয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিচাৰক হিচাপে নিজৰ দায়িত্ব পালন কৰে৷১৩১৪

তেখেতৰ শেহতীয়া চলচ্চিত্ৰ-কৰ্ম হৈছে-নটস্বৰভাৱমা৷ ছবিখন ২০১৯ চনত মুক্তি হয়৷

২০০৮ চনত সৰোজা দেৱীক ভাৰত চৰকাৰে ৬০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্-ক্ষণত "জীৱনজোৰা সাধনাৰ বঁটা" প্ৰদান কৰে৷১৫

তথ্যসূত্ৰ

  1. ↑ Sweet bird of southern cinema. Hindustan Times.com
  2. ↑ (11 July 2011). Documentary on legendary Saroja Devi - Chitramala.com
  3. ↑ Aruna Chandaraju. (30 June 2006). Journey down a glorious lane. The Hindu
  4. ↑ Taniya Talukdar. (5 May 2013). B Saroja Devi in the list of greatest Indian actresses ever. The Times of India
  5. ↑ Meet the Heroes of Malleshwaram. The New Indian Express
  6. ↑ T.M. Ramachandran. (1964). Film World, Volume 1. পৃ. 145
  7. ↑ Pavithra Srinivasan. Celebrating Saroja Devi: The Beginning. rediff.com
  8. ↑ Renuka Narayanan. (5 September 2008). The sweet bird of Southern cinema. Hindustan Times
  9. ↑ B Saroja Devi in the list of greatest Indian actresses ever - Times of India. The Times of India
  10. ↑ Pavithra Srinivasan. Celebrating Saroja Devi: Foray into movies. rediff.com
  11. ↑ Pavithra Srinivasan. Celebrating Saroja Devi: A style icon. rediff.com
  12. ↑ (17 October 2009). Aadhavan is clean fun. Rediff.com
  13. ↑ (29 July 2006). Film awards: Saroja Devi to head jury
  14. ↑ 1998, National Film Awards Archives. 45th National Film Festival. পৃ. viii
  15. ↑ Pavithra Srinivasan. Celebrating Saroja Devi. rediff.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীদাক্ষিণাত্যৰ অভিনেত্ৰীপদ্মভূষণ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বি. সৰোজা দেৱী” প্ৰবন্ধৰ সংশোধন ৫০৮১৯০ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।