ডায়েনা হেইডেন (Diana Hayden; জন্ম ১ মে' ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন পৰিৱেশিকা, মডেল আৰু ১৯৯৭ চনত অনুষ্ঠিত হোৱা 'বিশ্ব সুন্দৰী' (মিছ ৱৰ্ল্ড)-ৰ বিজয়িনী। 'বিশ্ব সুন্দৰী'ৰ খিতাপ জয় কৰা ডায়েনা হৈছে তৃতীয়গৰাকী ভাৰতীয় নাৰী। একেটা প্ৰতিযোগিতাতে তেখেতে অইন তিনিটা উপ-খিতাপো জয় কৰিবলৈ সমৰ্থৱান হৈছিল। এই সফলতা লাভ কৰা তেখেত প্ৰথমগৰাকী বিশ্ব সুন্দৰী। ২০০৮ চনত তেখেতে টেলিভিছনৰ ৰিয়েলিটি অনুষ্ঠান 'বিগ বছ'ত এগৰাকী ছেলিব্ৰেটি প্ৰতিযোগীৰ ৰূপত অংশগ্ৰহণ কৰে।
প্ৰাৰম্ভিক জীৱন
ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদৰ এটি এংলো-ইণ্ডিয়ান খ্ৰীষ্টান পৰিয়ালত হেইডেনৰ জন্ম হয়।১ ছেকেণ্ডেৰাবাদত থকা ছেইণ্ট এন'ছ হাইস্কুলৰ পৰা তেখতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে।২ বিদ্যালয়ত পঢ়ি থকাৰ সময়তে পিতৃ-মাতৃৰ মাজত বৈবাহিক বিচ্ছেদ হয় আৰু ডায়েনাই তেৰবছৰ বয়সৰ পৰাই কাম কৰিবলৈ আৰম্ভ কৰে। এনকোৰত থকা এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানীত তেখেতে পোনপ্ৰথমতে কিছুমান মডেলিঙৰ এছাইনমেণ্টত জড়িত হয়।৩ একৈশ বছৰত বয়সত, ডায়েনাই বিএমজি ক্ৰেছেণ্ডোত এগৰাকী জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কাম কৰে। ইয়াত তেখেতে মেহনাজ হুছেইন আৰু আনাইডাৰ দৰে কণ্ঠশিল্পীৰ কেৰিয়াৰ পৰিচালনাত সহযোগী হিচাপে কাম কৰিছিল।২
সুন্দৰী প্ৰতিযোগিতাত
তেইশ বছৰ বয়সত ডায়েনাই সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰিক্ৰমাটো আৰম্ভ কৰে। তেখেতৰ এগৰাকী বন্ধুৱে "ফেমিনা মিছ ইণ্ডিয়া"ত অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।৪১৯৯৭ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ বাবে ডায়েনাৰ নামটো ছৰ্টলিষ্ট কৰা হয়। তেখেতে প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে আৰু মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ খিতাপটোৰ অধিকাৰীনী হয়। ছেইছিলিছৰ বেই লাজাৰেত অনুষ্ঠিত হোৱা বিশ্ব সুন্দৰীৰ ৪৭তম সংস্কৰণত ডায়েনাই ভাৰতক প্ৰতিনিধিত্ব কৰে।৫ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ৮৬গৰাকী অভ্যাগতই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু প্ৰতিযোগিতাৰ শেষত ডায়েনক ১৯৯৭ চনৰ বিশ্ব সুন্দৰী হিচাপে ঘোষণা কৰা হয়।৬
প্ৰতিযোগিতাৰ প্ৰশ্নোত্তৰ শিতানত ডায়েনক সোধা হৈছিল, “আপুনি কিয় বিশ্ব সুন্দৰী হ'ব বিচাৰে?” উত্তৰত ডায়েনাই কৈছিল:
“I draw inspiration from a famous writer and poet, William Butler Yeats, who once wrote - 'With Dreams Begin Responsibility.' Well for me, this title is that dream and the responsibility it brings, I cherish that in a small way I could make a difference and help the dreams of others. Thank you.”৭
ইয়াৰোপৰি ডায়েনাক "মিছ ৱৰ্ল্ড ১৯৯৭- এছিয়া আৰু অচেনিয়া"ৰ খিতাপটোও প্ৰদান কৰা হয়। আনহাতে "মিছ ফটোজেনিক" আৰু "স্পেক্টেকুলাৰ ছুইমৱেৰ" খিতাপ দুটাও তেখেতে অৰ্জন কৰে। একেখন প্ৰতিযোগিতা তিনিটাকৈ উপ-খিতাপ অৰ্জন কৰা হেইডেন প্ৰথমগৰাকী বিশ্ব সুন্দৰী হৈ পৰে। উল্লেখ্য যে, ১৯৬৬ চনৰ ৰীতা ফাৰিয়া আৰু ১৯৯৪ চনৰ ঐশ্বৰ্যা ৰায়ৰ পিছত বিশ্ব সুন্দৰীৰ খিতাপ অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় নাৰী হিচাপে ডায়েনা হেইডেনৰ নামটো লিপিবদ্ধ হয়।
তথ্যসূত্ৰ
- ↑ (23 November 1997). With Yeats on her lips, India's own Diana Hayden crowned Miss World. Rediff.com
- ↑ Biography of Diana Hayden. WhereInCity India Information
- ↑ Babbar, Sonakshi. (25 June 2012). I worked day and night: Diana Hayden. The Hindustan Times
- ↑ (27 April 2018). These photos prove that Miss World 1997 Diana Hayden is no less beautiful than Aishwarya Rai. Zoom TV
- ↑ (27 April 2018). When Diana Hayden was crowned Miss World 1997. Indiatimes
- ↑ (28 April 2018). Diana Hayden: Being brown skinned, I've had to fight the 'light skin is better' issue.. The Indian Express
- ↑ 6 Answers That Made India Win The Miss World Title. New Woman
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডায়েনা হেইডেন” প্ৰবন্ধৰ সংশোধন ৫০৭৫৮৩ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।