মলিনা দেৱী (Molina Devi; ১৯১৭- ১৩ আগষ্ট ১৯৭৭) থিয়েটাৰ আৰু চলচ্চিত্ৰৰ এগৰাকী বঙালী অভিনেত্ৰী আছিল।১ অভিনেত্ৰী হিচাপে তেওঁ বহু ধৰণৰ চৰিত্ৰত অভিনয় কৰিছিল, পিছলৈ সঘনাই মাতৃস্থানীয় চৰিত্ৰত অভিনয় কৰিছিল। বিশেষকৈ ঊনবিংশ শতিকাৰ ৰামকৃষ্ণ পৰমহংসৰ পৃষ্ঠপোষক ৰাণী ৰাসমণিৰ ভূমিকাত দীৰ্ঘদিন মঞ্চ আৰু চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ মূলতঃ বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।<ref name=calcutheaters>Mukhopādhyāẏa, Suśīla Kumar. (1982). The Story of the Calcutta Theatres, 1753-1980. K.P. Bagchi</ref>
প্ৰাৰম্ভিক জীৱন
১৯১৬ অথবা ১৯১৭ চনত কলিকতাত মলিনা দেৱীৰ জন্ম হয়। তেওঁৰ প্ৰকৃত নাম আছিল মলিনমালা।২৩৪
কৰ্মজীৱন
অপৰেশ চন্দ্ৰ মুখোপাধ্যায়ৰ অধীনত প্ৰশিক্ষাৰ্থী হিচাপে কৰ্মজীৱনৰ আৰম্ভ কৰিছিল মলিনা দেৱীয়ে। ৮ বছৰ বয়সত এখন নিৰ্বাক ছবি যোগে চলচ্চিত্ৰ জগতত তেওঁৰ অভিষেক ঘটে।২১ ইয়াৰ পিছত ১৯২০ চনত বঙালী থিয়েটাৰত পৌৰাণিক আৰু ঐতিহাসিক নাটকত নৃত্যশিল্পী হিচাপে কাম কৰে। পিছলৈ মাজেমাজে সৰু ল'ৰাৰ ভূমিকাতো অভিনয় কৰিছিল। যেনে জাহাংগীৰ নাটকত (১৯২৯) তেওঁ দাৰাৰ ভূমিকা লৈছিল। পিছলৈ তেওঁ নায়িকাৰ ভূমিকাত অভিনয় কৰিবলৈ লয়।২ হিন্দী ছবিতো তেওঁ কিছুমান স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছে। তেওঁ যিকোনো চৰিত্ৰত অভিনয় কৰিছিল, আনকি প্ৰাৰম্ভিক সময়চোৱাত ভেম্পো কৰিছিল; যেনে প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ৰজত জয়ন্তীত।৫
১৯৫৪ চনত তেওঁ পুৰাণ ভগত৬ ছবিৰ যোগে এক বিশিষ্ট স্থান লাভ কৰিবলৈ সক্ষম হয়। ১৯৫৫ চনত তেওঁ ৰাণী ৰাসমণি ছবিত নাম ভূমিকাত অভিনয় কৰে। তেওঁ কলকাতা ভিত্তিক নাট্যদল ‘এম জি এণ্টাৰপ্ৰাইজ’ৰো পৰিচালনা কৰিছিল। মলিনাই ‘ৰঙ্গনা থিয়েটাৰ’ত মুখ্য শিল্পী হিচাপে কাম কৰিছিল। তেওঁ ৰেডিঅ’ত গায়িকা হিচাপে কণ্ঠদান কৰাৰ উপৰিও বংগৰ মহিলা শিল্পীৰ কল্যাণৰ হকে কাম কৰা সংস্থা ‘মহিলা শিল্পী মহল’ গঠনত অৰিহণা যোগাইছিল। নাটকৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ১৯৭৫ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।৩
মলিনা দেৱী আৰু অভিনেতা গুৰুদাস বেনাৰ্জীয়ে৭ একেলগে নিজা ভ্ৰাম্যমান থিয়েটাৰ দল এম জি এণ্টাৰপ্ৰাইজৰ পৰিচালনা কৰিছিল। এই থিয়েটাৰ দলতো ভক্তিমূলক নাটকৰ বাণিজ্যিক প্ৰযোজনাত বিশেষভাবে সিদ্ধহস্ত আছিল, য'ত বেনাৰ্জীয়ে ৰামকৃষ্ণ পৰমহংস আৰু অন্যান্য ঐশ্বৰিক পুৰুষৰ চৰিত্ৰত অভিনয় কৰিছিল।২
১৯৭৭ চনৰ ১৩ আগষ্টত কলকাতাত মলিনা দেৱীৰ মৃত্যু হয়।
সঁহাৰি
সুশীল মুখাৰ্জীৰ মতে, ১৯৪৮ চনৰ পৰা বহু মঞ্চ আৰু চলচ্চিত্ৰত মলিনা দেৱী আৰু গুৰুদাস বেনাৰ্জীয়ে একেলগে ৰাণী ৰাসমণি আৰু ৰামকৃষ্ণ দেৱৰ চৰিত্ৰত অভিনয়ত যোগেদি "প্ৰতিটো দৰ্শনীতে দৰ্শকক সংগলৈ আনিব পাৰিছে।"
১৯৬৬ চনত ‘দ্য ইলাষ্ট্ৰেটেড উইকলি অৱ ইণ্ডিয়া’ই দিল্লীত ১৯৬৫-৬৬ চনৰ নাট্য ঋতুৰ সমীক্ষাত মলিনা দেৱীৰ দলটোৰ অভিনয়ৰ কথা এনেকৈ উল্লেখ কৰিছে..৮
দিল্লীৰ মিলন সমিতিয়ে কলিকতাৰ এম জি এণ্টাৰপ্ৰাইজৰ পৃষ্ঠপোষকতা কৰিছিল। তেওঁলোকে ঠাকুৰ শ্ৰী ৰামকৃষ্ণ আৰু বৈকুণ্ঠেৰ উইল নামৰ দুখন নাটক আৰু পাৰদৰ্শী অভিনেতাৰ এটা দল লৈ আহিছিল। ৰাণী ৰাসমণিৰ কাহিনীক কেন্দ্ৰ ঠাকুৰ শ্ৰীৰামকষ্ণৰ ৰচনা আৰু এই কিংবদন্তি ব্যক্তিজনক মঞ্চত জীৱন্ত কৰি তোলাৰ কৃতিত্ব কোম্পানীটোৰ নেতৃত্ব দিয়া মলিনা দেৱী আৰু গুৰুদাসৰ.... এটা ধৰ্মীয় বিষয়বস্তুক মঞ্চলৈ লৈ অহা ইমান সহজ নহয়, কিন্তু মলিনা আৰু গুৰুদাসে পতিয়ন যোগ্যভাৱে তেনে কৰিছিল, পোহৰ আৰু সংগীতৰ প্ৰভাৱে যথেষ্ট সহায় কৰিছিল।[9]
বাহ্যিক সংযোগ
- Molina Devi at CITWF
তথ্যসূত্ৰ
- ↑ Ananda Lal The Oxford companion to Indian theatre 2004- Page 275 "Trained in acting by Aparesh Mukhopadhyay, she debuted in a silent movie as an 8-year-old. She began her stage career, like many of ... She teamed up with Gurudas Bandyopadhyay, her co-artist in theatres to form a troupe, M. G. Enterprise, which specialized in commercial productions of devotional drama where he enacted Ramakrishna and other holy men. She made quite a stir as the lead in the ..."
- ↑ Lal, Ananda. (2004). The Oxford companion to Indian theatre. Oxford University Press. ISBN 0195644468
- ↑ Molina Devi. sangeetnatak.gov.in
- ↑ Lal, Ananda. (2009). Theatres of India: A Concise Companion. Oxford University Press. ISBN 978-0-19-569917-3
- ↑ Anonymous. Rani Rashmoni (1955). Indiancine.ma
- ↑ Molina Devi
- ↑ Mantra Shakti (Chitta Bose) 1954
- ↑ G. S. Khosla. (1966). Theatre in the Capital. The Illustrated Weekly of India. পৃ. 59
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মলিনা দেৱী” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৪১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।