অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্লাৱিতা বৰঠাকুৰ

প্লাৱিতা বৰঠাকুৰ এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁৰ জন্ম অসমৰ দুলিয়াজানত হৈছিল।

হালনাগাদ: ৬ জুন ২০২৪ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

প্লাৱিতা বৰঠাকুৰ এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।১ তেওঁৰ জন্ম অসমৰ দুলীয়াজানত হৈছিল।

প্ৰাৰম্ভিক জীৱন

প্লাৱিতা বৰঠাকুৰৰ পিতৃ প্ৰবীণ বৰঠাকুৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী আৰু মাতৃ এগৰাকী লেখিকা আৰু কবি। তেওঁৰ বায়েক পৰিণীতা বৰঠাকুৰ আৰু প্ৰিয়াংগী বৰঠাকুৰ দুয়োগৰাকী চলচ্চিত্ৰ জগতত সুপ্ৰতিষ্ঠিত। তেওঁ দুলিয়াজানৰ অইল ইণ্ডিয়া টাউনশ্বিপত নিজৰ শৈশৱ অতিবাহিত কৰে। তাৰ পিছত তেওঁ উচ্চশিক্ষাৰ বাবে মুম্বাইৰ জয় হিন্দ কলেজলৈ যায়। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ বিভিন্ন বিজ্ঞাপনৰ জৰিয়তে পেশাদাৰী জীৱন আৰম্ভ কৰে।

কৰ্মজীৱন

প্লাৱিতা বৰঠাকুৰে বলিউডৰ বহুচৰ্চিত তথা সমাদৃত ছবি "পিকে"ৰ জৰিয়তে তেওঁৰ অভিনয় জীৱনৰ পাতনি মেলে। তাত তেওঁ অনুষ্কা শৰ্মাৰ ভনীয়েকৰ এটি সৰু চৰিত্ৰ ৰূপায়িত কৰিছিল। তাৰ পিছত তেওঁ আন এখন বলিউড ছবি "লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা"ত এটি মুখ্য চৰিত্ৰত অভিনয় কৰে।

২০১৭ চনৰ ১৫ জুলাইত তেওঁ জনপ্ৰিয় ৰিয়েলিটি শ্ব' "দা কপিল শৰ্মা শ্ব'"ত একতা কাপুৰ আৰু প্ৰকাশ ঝাৰ লগত উপস্থিত হৈছিল। বৰ্তমান তেওঁ ৰাজস্থানত শ্বুটিং চলি থকা এখন নতুন ছবিৰ লগত ব্যস্ত হৈ আছে।

অভিনীত বোলছবি

শিৰোনামাচননিৰ্দেশকচৰিত্ৰ
পিকে২০১৪ৰাজকুমাৰ হিৰাণীজগ্গুৰ ভনী
লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা২০১৭অলংকৃতা শ্ৰীবাস্তৱৰেহেনা আবিদি
ৱাহ জিন্দেগী২০১৮দিনেশ যাদৱৰীনা
প্ৰতিশ্ৰুতি২০২৪কিশোৰ তহবিলদাৰচিমৰন

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Girl, You’ll be a Woman Soon

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্লাৱিতা বৰঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৪২২৩৩৫ (৬ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।