সমাজকৰ্মী
৩৯৮ প্ৰবন্ধ
-
অনুপমা দেৱী
অনুপমা দেৱী ( Anupama Devi) অসমৰ এগৰাকী অনুবাদক তথা সাহিত্যিক আৰু সমাজকৰ্মী৷ অসমীয়া, বাংলা, ইৰাজী আৰু সংস্কৃত ভাষাত ব্যুৎপত্তি থকা অনুপমা দেৱীয়ে বিভিন্ন ভাষাৰ সাহিত্য অসমীয়া ভাষালৈ অনুবাদ কৰিছে৷ আৰু বৰ্তমান তেওঁ নলবাৰীৰ “ক’লেজ পথ’’ত বাস কৰে৷
-
অনুসূয়া সেনগুপ্তা
অনুসূয়া সেনগুপ্তা (Anasuya Sengupta)এগৰাকী ভাৰতীয় কবি, লেখিকা, কৰ্মী, আৰু ইণ্টাৰনেটত প্ৰান্তীয় কণ্ঠৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰৰ বিশেষজ্ঞ।
-
অনুৰাধা ৰামানন
অনুৰাধা ৰামানন (২৯ জুন ১৯৪৭ – ১৬ মে' ২০১০) এগৰাকী তামিল লেখিকা, শিল্পী আৰু সমাজ কৰ্মী।
-
অপৰ্ণা বসু
অপৰ্ণা বসু (Aparna Basu; ৩১ অক্টোবৰ ১৯৩১ – ৩ ডিচেম্বৰ ২০১৮) এগৰাকী ভাৰতীয় ইতিহাসবিদ, লেখিকা, সমাজকৰ্মী আৰু মহিলাৰ অধিকাৰৰ সমৰ্থক আছিল। আধুনিক ভাৰতীয় ইতিহাসৰ অধ্যাপিকা আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ তেওঁ মুৰব্বী আছিল।
-
অমল বাশা
অমল বাশা (জন্ম ১৯ নৱেম্বৰ, ১৯৬২) এগৰাকী য়েমেনৰ মহিলা অধিকাৰ কৰ্মী, চিষ্টাৰছ আৰব ফ'ৰাম ফৰ হিউমেন ৰাইটছ (SAF)ৰ অধ্যক্ষ। এছ এ এফৰ অধ্যক্ষ হিচাপে তেওঁ "মহিলা, বন্দী আৰু শৰণাৰ্থীৰ অধিকাৰ ৰক্ষা কৰে আৰু অধিক ৰাজনৈতিক স্বাধীনতাৰ বাবে যুঁজে।" বাশাই কায়ৰোৰ আমেৰিকান বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান, অৰ্থনীতি…
-
অম্মু স্বামীনাথন
অম্মু স্বামীনাথন বা এ ভি আম্মাকুটি(Ammu Swaminathan or A. V. Ammakuti, ২২ এপ্ৰিল ১৮৯৪ – ৪ জুলাই ১৯৭৮) ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ৰাজনৈতিক কৰ্মী৷ তেওঁ ভাৰতৰ সংবিধান সভাৰ সদস্য আছিল।
-
অশোকা গুপ্তা
অশোকা গুপ্তা (Ashoka Gupta; ১৯১২ নৱেম্বৰ – ৮ জুলাই ২০০৮) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী আছিল। তেওঁ মহিলা সেৱা সমিতিৰ প্ৰতিষ্ঠাপক, সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সদস্য আৰু ইণ্ডিয়ান ছ'চাইটি ফৰ স্পনছৰশ্বিপ এণ্ড এডপচনৰ সভানেত্ৰী আছিল।
-
অহল্যা গগৈ
অহল্যা গগৈ ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু সমাজসেৱী। তেওঁ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ কন্যা অহল্যা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিছৰ অধীনৰ এম.আই.ই পাঠ্যক্ৰমৰ অংশকালীন ইনষ্ট্ৰাক্টৰ হিচাপেও কৰ্মৰত আছিল।
-
আইৰিছ ষ্টাৰন লেভি
আইৰিছ ষ্টাৰন লেভি (Iris Stern Levi, জন্ম: ১১ মে', ১৯৫৩) মহিলা আৰু মানৱ অধিকাৰৰ বিষয়ত মনোনিৱেশ কৰা এগৰাকী ইজৰাইলী সামাজিক কৰ্মী। তেওঁ অ-লাভজনক সংস্থা হাৰ একাডেমী (২০১৬) আৰু টাৰ্নিং দ্য টেবলছ (২০১১)ৰ সহ-প্ৰতিষ্ঠাপক, যি দুটা সংস্থাই বেশ্যাবৃত্তি আৰু হিংসাৰ পৰা ৰক্ষা পোৱা মহিলাসকলক বৃত্তিমূলক…
-
আজিজা আব্দুল্লাহ আবু লাহুম
আজিজা আব্দুল্লাহ আবু লাহুম (Azizah Abd Allah Abu Lahum) (জন্ম ১৯৪৫) য়েমেনৰ এগৰাকী ঔপন্যাসিকা আৰু লেখক। নিহম জিলাৰ এটা বিশিষ্ট শ্বেখ পৰিয়ালত তেখেতে জন্মগ্ৰহণ কৰিছিল৷ তেখেতৰ আনুষ্ঠানিক স্কুলীয়া শিক্ষা নাছিল যদিও সাংস্কৃতিকভাৱে সচেতন পৰিৱেশত ডাঙৰ-দীঘল হৈছিল।
-
আজিজা ছিদ্দিকী
আজিজা ছিদ্দিকী (জন্ম-প্ৰায় ১৯৮৩) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী। তেওঁ আফগান বেচৰকাৰী সংগঠন একচন এইডৰ সৈতে মহিলা অধিকাৰ সমন্বয়ক আছিল৷ য'ত তেওঁ গ্ৰাম্য আফগান মহিলাসকলৰ পৰিস্থিতিৰ ওপৰত গৱেষণা কৰিছিল আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে জ্ঞান দিছিল৷ ইয়াৰ লগতে তেওঁৰ কামৰ বাবে ব্যক্তিগতভাৱে ভাবুকি পোৱাৰ পিছতো…
-
আদৱা আবোয়া
আডৱোৱা কেটলিন মাৰিয়া আবোয়া এগৰাকী ব্ৰিটিছ ফেশ্বন মডেল আৰু অভিনেত্ৰী। ২০১৭ চনৰ ডিচেম্বৰ মাহত তেওঁ ব্ৰিটিছ ভ'গৰ কভাৰত দেখা যায়। ইয়াৰ উপৰিও তেওঁ আমেৰিকান ভোগ, ভোগ ইটালিয়া, ভোগ পোলেণ্ড আৰু আই-ডিৰ কভাৰত অংশগ্ৰহণ কৰিছে। ২০১৭ চনত ফেশ্বন উদ্যোগে তেওঁক models.comৰ বাবে বছৰৰ মডেল হিচাপে ভোট দিয়ে।
-
আনোৱাৰা বাহাৰ চৌধুৰী
আনোৱাৰা বাহাৰ চৌধুৰী (Anwara Bahar Chowdhury; ১৩ ফেব্ৰুৱাৰী ১৯১৯ – ২৭ অক্টোবৰ ১৯৮৭) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু সাহিত্যিক।
-
আব্বাছ আব্দি
আব্বাছ আব্দি (Abbas Abdi) ( ( জন্ম ১ অক্টোবৰ ১৯৫৬) এজন ইৰাণী সংস্কাৰবাদী। তেখেত এজন সাংবাদিক, স্ব-শিক্ষিত সমাজবিজ্ঞানী, সমাজ কৰ্মী ব্যক্তি।
-
আভা খেতৰপাল
আভা খেতৰপাল (ইংৰাজী: Abha Khetarpal; জন্ম: ১০ জুন ১৯৬৮) ভাৰতৰ নতুন দিল্লীত বাস কৰা এগৰাকী ভাৰতীয় প্ৰতিবন্ধকতা অধিকাৰ কৰ্মী আৰু পৰামৰ্শদাতা। তেওঁ হৈছে “ক্ৰছ দ্য হাৰ্ডলছ” নামৰ এটা বিশেষভাৱে সক্ষম লোকৰ বাবে নিৰ্মাণ কৰা পৰামৰ্শ/শৈক্ষিক সমলৰ ৱেবছাইট আৰু মোবাইল এপ্লিকেচনৰ প্ৰতিষ্ঠাপক।
-
আভাবাই বোমাঞ্জী ৱাডিয়া
আভাবাই বোমাঞ্জী ৱাডিয়া (Avabay Bomanji Wadia; ১৮ ছেপ্টেম্বৰ ১৯১৩ – ১১ জুলাই ২০০৫) আছিল চিল'নত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় সমাজকৰ্মী, লেখক তেওঁ যৌন স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাৰ প্ৰসাৰৰ বাবে কাম কৰা দুটা বেচৰকাৰী সংস্থা আন্তঃৰাষ্ট্ৰীয় পৰিকল্পিত পিতৃ-মাতৃত্ব ফেডাৰেচন আৰু ভাৰতীয় পৰিয়াল…
-
আমলা ৰুইয়া
আমলা অশোক ৰুইয়া পৰম্পৰাগত জল সংৰক্ষণ কৌশল প্ৰয়োগৰ বাবে জনাজাত এগৰাকী ভাৰতীয় সমাজ সেৱিকা।
-
আমৰাণ মহম্মদ আহমেদ
আমৰাণ মহম্মদ আহমেদ ( Amran Mohamed Ahmed; জন্ম: ১২ এপ্ৰিল ১৯৫৪ চনত হাৰগেইছাত) এগৰাকী ছোমালি লেখিকা, কবি আৰু সাংবাদিক, যিয়ে ২০০৫ চনত ফিনলেণ্ডৰ শৰণাৰ্থী পৰিষদে "বছৰৰ শৰণাৰ্থী মহিলা" হিচাপে নিৰ্বাচিত হয়।
-
আশা গেলে ডিৰি
আশা গেলে ডিৰি ( Asha Gelle Dirie; জন্ম: ১৯৬৬) এগৰাকী ছোমালি ৰাজনীতিবিদ আৰু নাগৰিক সমাজৰ কৰ্মী। ২০০৫ চনৰ পৰা ২০১২ চনলৈকে তেওঁ উত্তৰ-পূব ছোমালিয়াৰ স্বায়ত্তশাসিত পুণ্টলেণ্ড আঞ্চলিক ৰাজ্যখনৰ মহিলা উন্নয়ন আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
আৰতি দত্ত
আৰতি দত্ত (ইংৰাজী: Aroti Dutt; ১৯২৪ – ২০০৩) ভাৰতৰ এগৰাকী সমাজকৰ্মী আছিল। ১৯৬৫ চনৰ পৰা ১৯৭১ চনলৈকে দুটা কাৰ্যকালৰ বাবে “এছ'চিয়েটেড কাণ্ট্ৰিউইমেন অৱ দ্য ৱৰ্ল্ড”ৰ বিশ্ব সভানেত্ৰী আছিল আৰু তাৰ পিছত তেওঁলোকৰ সন্মানীয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
আৰিয়ানা ছয়ীদ
আৰিয়ানা ছয়ীদ (দাৰি/পাস্তু:, Aryana Sayeed) এগৰাকী আফগান কণ্ঠশিল্পী, গীতিকাৰ আৰু টিভি ব্যক্তিত্ব। তেওঁ মুখ্যতঃ দাৰি ভাষাত গীত গায় যদিও তেওঁৰ যথেষ্ঠ সংখ্যক পাস্তু গীতো আছে। তেওঁ আফগানিস্তানৰ অতি প্ৰখ্যাত সংগীত শিল্পীসকলৰ অন্যতম।
-
ই কিচ চাইল্ডছ
ই কিচ চাইল্ডছ (E. Kitch Childs) এগৰাকী আমেৰিকান ক্লিনিকেল চাইক'লজিষ্ট আছিল৷ ইয়াৰ লগতে তেওঁ উত্তৰ আমেৰিকাৰ মহিলা মুক্তি আন্দোলন; সংখ্যালঘু মহিলা, বেশ্যা, সমকামী আৰু লেছবিয়ানসকলৰ পোষকতা কৰাৰ বাবে পৰিচিত এগৰাকী লেছবিয়ান কৰ্মী।
-
ইঞ্জি আফ্লাটুন
ইঞ্জি আফ্লাটুন(Inji Aflatoun; আৰবী: إنجي أفلاطون; ১৬ এপ্ৰিল ১৯২৪ – ১৭ এপ্ৰিল ১৯৮৯) এগৰাকী ইজিপ্তৰ চিত্ৰশিল্পী আৰু মহিলা আন্দোলনৰ কৰ্মী আছিল। তেওঁ আছিল "১৯৪০ আৰু ১৯৫০ চনৰ শেষৰ ফালে মাৰ্ক্সবাদী-প্ৰগতিশীল-জাতীয়তাবাদী-নাৰীবাদী আন্দোলনৰ আগশাৰীৰ মুখপাত্ৰ" থকাৰ, লগতে "আধুনিক ইজিপ্তৰ শিল্পৰ পথ প্ৰদৰ্শক"…
-
ইডোলা চেইণ্ট-জাঁ
ইডোলা চেইণ্ট-জাঁ ( Idola Saint-Jean), জন্ম: ১৯ মে', ১৮৮০ চন – মৃত্যু: ৬ এপ্ৰিল, ১৯৪৫ চন, কিউবেকৰ এগৰাকী সাংবাদিক, শিক্ষাবিদ আৰু নাৰীবাদী মহিলা আছিল। তেওঁ কিউবেকত মহিলাসকলৰ সম অধিকাৰৰ সন্ধানত নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু তেওঁৰ প্ৰচেষ্টাৰ ফলত ১৯৪০ চনত কিউবেকত মহিলাসকলক ভোটাধিকাৰ দিয়া হয়।
-
ইনি এডো
ইনিঅবং এডো একিম(Iniobong Edo Ekim; জন্ম: ২৩ এপ্ৰিল ১৯৮২) আকোৱা ইবোম ৰাজ্যৰ এগৰাকী প্ৰবীণ নাইজেৰিয়ান অভিনেত্ৰী। ২০০০ চনত ইনি ইডোৱে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে, আৰু এতিয়ালৈকে তেওঁ ২০০ খনতকৈও অধিক চিনেমাত অভিনয় কৰিছে৷ ২০১৩ চনত ইনি এডো মিছ ব্লেক আফ্ৰিকা ইউ কে পেজেণ্ট হিচাপে বিবেচিত হয়৷ তেওঁ…
-
ইন্দিৰা বাজৰামোভিচ
ইন্দিৰা বাজৰামোভিচ এগৰাকী ৰোমা কৰ্মী আৰু অৰ্থনীতিবিদ, যিয়ে ২০ বছৰতকৈও অধিক সময় ধৰি বছনিয়া আৰু হাৰ্জেগোভিনাৰ ৰোমা মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ বাবে কাম কৰি আহিছে। তেওঁ টুজলাৰ এছ'চিয়েচন অৱ ৰোমা উইমেনৰ 'বেটাৰ ফিউচাৰ' (স্থানীয় নাম 'বলজা বুডুচনষ্ট')ৰ পৰিচালিকা।
-
ইলা পাল চৌধুৰী
ইলা পাল চৌধুৰী (১৯০৮ – ৯ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় সংসদ সদস্য আৰু ৰাষ্ট্ৰবাদী সমাজকৰ্মী আছিল।.
-
উৰ্মি বসু
উৰ্মি বসু (Urmi Basu) হৈছে এগৰাকী সমাজকৰ্মী৷ তেওঁ কলকাতাত যৌনকৰ্মীক সুৰক্ষাৰ হকে মাত মাতি আহিছে আৰু বাস্তৱ দিশত অনেক কাম সক্ৰিয়ভাৱে জড়িত হৈ সম্পন্ন কৰিছে৷ ২০১৯ চনত তেওঁ ভাৰতীয় মহিলাৰ বাবে উছৰ্গীকৃত সৰ্বোচ্চ বঁটা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে।
-
ঋতু সিং
ঋতু সিং (জন্ম ১৯৮৯ চনৰ আশে-পাশে) এগৰাকী ভাৰতীয় দলিত অধিকাৰ মহিলা কৰ্মী। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দৌলত ৰাম মহাবিদ্যালয়ৰ সৈতে জড়িত আছিল। তেওঁ আছিল মনোবিজ্ঞানৰ পণ্ডিত আৰু অন্যায়ভাৱে তেওঁক চাকৰিৰপৰা বৰ্খাস্ত কৰাৰ কৰা প্ৰতিবাদৰ বাবে উল্লেখযোগ্য।
-
এগনেছ খাৰসিং
এগনেছ খাৰসিং (Agnes Kharshiing) ভাৰতৰ মেঘালয়ৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। তেওঁ নাগৰিক সমাজৰ মহিলা সংগঠন (CSWO) ৰ সভানেত্ৰী। তেওঁৰ স্পষ্টবাদিতাৰ পোষকতা কৰে৷ তেওঁ মহিলা আৰু সম্প্ৰদায়ৰ অধিকাৰৰ হকে মাত মতাৰ বাবে তেওঁ গ্ৰেপ্তাৰৰ সন্মুখীন হৈছিল৷