আমলা অশোক ৰুইয়া পৰম্পৰাগত জল সংৰক্ষণ কৌশল প্ৰয়োগৰ বাবে জনাজাত এগৰাকী ভাৰতীয় সমাজ সেৱিকা।
কৰ্মজীৱন
১৯৯৯/২০০০ আৰু ২০০৩ চনত ৰাজস্থানত সৃষ্টি হোৱা ভয়ংকৰ খৰাং পৰিস্থিতিয়ে ৰুইয়াক জল সংৰক্ষণ কৌশল প্ৰয়োগৰ বাবে অনুপ্ৰেৰণা যোগায়।১২ তেখেতে গাওঁবাসীক লগত লৈ এই গাওঁসমূহত বান্ধ নিৰ্মাণৰ বাবে “আকাৰ দাতব্য ন্যাস” নামেৰে এখন ন্যাস গঠন কৰে।৩
ৰাজস্থানৰ মাণ্ডাৱাৰ গাঁৱত ৰুইয়াৰ প্ৰথমটো সফল প্ৰকল্পৰ কাম আৰম্ভ হৈছিল।১ আকাৰ দাতব্য ন্যাসৰ অধীনত নিৰ্মিত দুটা নিৰীক্ষণ বান্ধৰ সহায়ত কৃষকসকলে বছৰি প্ৰায় ১২০ লাখ টকা পৰ্য্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।১ ২০১৭ৰ শেষৰফালে, আকাৰ চেৰিটেবল ট্ৰাষ্টে ৰাজস্থানৰ ১১৫ খনতকৈও অধিক গাঁৱত প্ৰায় ২০০ চেক বান্ধ সাজি উলিয়াবলৈ সক্ষম হৈছে।৪৫৬ প্ৰতিটো নিৰীক্ষণ বান্ধৰ নিৰ্মাণ কাৰ্যত প্ৰয়োজনীয় ৬০-৭০% সামগ্ৰী ট্ৰাষ্টে যোগান ধৰিছিল। তদুপৰি ৩০ৰ পৰা৪০% গাওঁবাসীয়ে অনুদান আহবঢ়ায়।৩৪ গাঁৱৰ ছোৱালী সকলে পানী আনিব যোৱা কামৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁলোকে বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰে।৪ ৰুইয়াক “পানী মাতা” বুলি সম্বোধন কৰা হয়।১৭
ৰাজস্থানত অভূতপূৰ্ব সফলতাৰ পাছত আমলাই তেওঁৰ কাৰ্যক্ষেত্ৰ মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা আৰু ছত্তীসগঢ় দান্তেৱাৰা জিলা আদিলৈ সম্প্ৰসাৰণ কৰিছে। তদুপৰি তেখেতে বিহাৰ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশলৈও কাৰ্যক্ষেত্ৰ বঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে।
ব্যক্তিগত জীৱন
উত্তৰ প্ৰদেশত আমলা ৰুইয়াৰ জন্ম হৈছিল।৮ বৰ্তমান তেখেত মুম্বাইৰ মালৱাৰ হিলত বসবাস কৰে।৯
তথ্যসূত্ৰ
- ↑ (18 April 2017). ‘Water Mother’ Amla Ruia, transformed over 100 villages of Rajasthan using traditional water harvesting. Vishwa Samvad Kendra. NewsBharati
- ↑ Jayakumar, P.B. (8 October 2017). Healing Drought. Business Today
- ↑ Dey, Anindo. (23 September 2012). Water idea, sir ji!. The Times of India
- ↑ Peerzeda, Aamir Rafiq. (12 September 2017). Meet India's dam-building grandmother. BBC News
- ↑ Kumar, Pavan Manikanta. (5 August 2018). Meet The Woman Who Rescued 2 Lakh Villagers From Poverty And Tripled Their Revenue In 10 Years. The Logical Indian
- ↑ (2016-02-11). Women of Worth: About the Nominee - Amla Ruia. Women Of Worth
- ↑ (2015-12-15). One Woman Made 100 Villages in Rajasthan Fertile Using Traditional Water Harvesting Methods. The Better India
- ↑ About the Trust. Aakar Charitable Trust
- ↑ Merchant, Cyrus H. (18 May 2016). Brightly flows the river. Marwar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমলা ৰুইয়া” প্ৰবন্ধৰ সংশোধন ৪৪৫০৮১ (১৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।