ঋতু সিং (জন্ম ১৯৮৯ চনৰ আশে-পাশে) এগৰাকী ভাৰতীয় দলিত অধিকাৰ মহিলা কৰ্মী। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দৌলত ৰাম মহাবিদ্যালয়ৰ সৈতে জড়িত আছিল। তেওঁ আছিল মনোবিজ্ঞানৰ পণ্ডিত আৰু অন্যায়ভাৱে তেওঁক চাকৰিৰপৰা বৰ্খাস্ত কৰাৰ কৰা প্ৰতিবাদৰ বাবে উল্লেখযোগ্য।১
প্ৰাথমিক জীৱন
ঋতু পঞ্জাৱৰ টাৰ্ণ তৰণ জিলাৰ পৰা অহা আৰু তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰপৰা মনোবিজ্ঞানত পি এইচ ডি সম্পূৰ্ণ কৰে।২
সক্ৰিয়তা
২০২৩ চনৰ ছেপ্টেম্বৰ মাহত দিল্লী বিশ্ববিদ্যালয়ৰ উত্তৰ কেম্পাছৰ কলা অনুষদৰ সম্মুখত জাতিগত হাৰাশাস্তি আৰু সেৱাৰপৰা অবৈধ খাৰিজ বন্ধ কৰাৰ অভিযোগৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ২০১৯ চনত দৌলাত ৰাম মহাবিদ্যালয়ত এড-হক সহকাৰী অধ্যাপিকা হিচাপে নামভৰ্তি কৰাৰ পাছত মাত্ৰ এবছৰৰ অন্তত ড° সিঙক চাকৰিৰপৰা বৰ্খাস্ত কৰা হয় আৰু তেওঁৰ চুক্তি বৃদ্ধি হোৱা নাছিল। তেওঁৰ প্ৰতিবাদ আছিল কলেজ প্ৰশাসনৰ বিৰুদ্ধে।২৩ কলেজৰ প্ৰশাসকগৰাকীয়ে এম এইচ আৰ ডিৰ নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে।৪
১৯২ দিনৰ প্ৰতিবাদৰ পিছত ডি ইউৰ কলা অনুষদৰ সম্মুখত তেওঁ পি এইচ ডি পকোড়ে ৱালি নামে এটা পকোড়াৰ ষ্টল খুলি দিয়ে।১ এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ডা° ঋতু সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ২৮৩ (ৰাজহুৱা পথ বা নেভিগেচনৰ লাইনত বিপদ বা বাধা) গোচৰ ৰুজু কৰে, ড° সিঙৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰা হৈছে।৩
মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অসামৰিক সমাজ তেওঁৰ সমৰ্থনত আগবাঢ়ি আহে। এই প্ৰতিবাদত দলিত ৰাজনৈতিক দল ভীম আৰ্মিৰ সমৰ্থকেও যোগ দিয়ে। তেওঁৰ দাবীক সংহতি দি তেওঁলোকে ন্যায়ৰ দাবী জনাইছে - 'নৌকৰি নেহি ন্যায় চাহিয়ে,' (মই মোৰ চাকৰিৰ বাবে যুঁজ দিয়া নাই, ন্যায়ৰ দাবী কৰিছোঁ)।২
তথ্যসূত্ৰ
- ↑ Ex DU Teacher Faces Police Case for Setting up a Pakoda Stall to Protest Termination, Caste Discrimination. The Wire
- ↑ Murari, Krishan. (2 February 2024). A professor is fighting DU casteism. She runs a street classroom clutching the Constitution. ThePrint
- ↑ (7 March 2024). Former Delhi University ad-hoc professor booked for opening 'pakoda' stall outside varsity. The Indian Express
- ↑ EJ, Ashfaque. (7 March 2024). I don't want to die, so I decided to fight: Dr Ritu Singh. Maktoob media
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋতু সিং” প্ৰবন্ধৰ সংশোধন ৫৯১৩৪৩ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।