আজিজা আব্দুল্লাহ আবু লাহুম (Azizah Abd Allah Abu Lahum) (জন্ম ১৯৪৫) য়েমেনৰ এগৰাকী ঔপন্যাসিকা আৰু লেখক।১ নিহম জিলাৰ এটা বিশিষ্ট শ্বেখ পৰিয়ালত তেখেতে জন্মগ্ৰহণ কৰিছিল৷ তেখেতৰ আনুষ্ঠানিক স্কুলীয়া শিক্ষা নাছিল যদিও সাংস্কৃতিকভাৱে সচেতন পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। তেখেতে এজন কূটনীতিবিদক বিয়া কৰাইছিল যিয়ে তেওঁক বিদেশত থাকিবলৈ আৰু বিদেশী সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰিবলৈ অনুমতি দিছিল, তাৰ পিছত তেওঁ ছানাত থাকিবলৈ উভতি আহিছিল।
ৰামজিয়া আল-ইৰিয়ানীৰ লগতে আজিজাক সমসাময়িক য়েমেনৰ সাহিত্যৰ অন্যতম অগ্ৰণী মহিলা হিচাপে গণ্য কৰা হয়।২১৯৯৭ চনত কায়ৰোৰ পৰা তেওঁৰ প্ৰথম উপন্যাস আহলাম ৱা নবিলাহ প্ৰকাশ পাইছিল৷ তাৰ পিছত তেওঁৰ আৰু কেইবাখনো উপন্যাস প্ৰকাশ কৰিছে। অধিক বহলভাৱে ক’বলৈ গ’লে য়েমেনৰ মহিলা অধিকাৰ আন্দোলনত তেওঁ মুখ্য ভূমিকা পালন কৰিছে। ১৯৭০ চনত তেওঁ য়েমেন মহিলা সংস্থা স্থাপন কৰাত তেওঁ সহায় কৰিছিল৷ ইয়াৰ লগতে আমেৰিকাভিত্তিক আৰব মহিলা পৰিষদতো তেওঁ অংশগ্ৰহণ কৰিছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজিজা আব্দুল্লাহ আবু লাহুম” প্ৰবন্ধৰ সংশোধন ৪৯০৯৮৬ (১২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।