সমাজকৰ্মী
৩৯৮ প্ৰবন্ধ
-
লিয়া ডিস্কিন
লিয়া ডিস্কিন(Lia Diskin, জন্ম:২৭ অক্টোবৰ, ১৯৫০), সম্পূৰ্ণ নাম লিঅ'ন'ৰ বিট্ৰিজ ডিস্কিন প'ল'ভিচ এগৰাকী আৰ্জেণ্টিনাৰ সাংবাদিক আৰু ব্ৰাজিলৰ এটা দানশীল এন জি অ' এছ'চিয়েচন পালাছ এথেনা ৰ প্ৰতিষ্ঠাপক।
-
লীলা ৰায়
লীলা ৰয় নাগ (Leela Roy,২ অক্টোবৰ ১৯০০ – ১১ জুন ১৯৭০), এগৰাকী উগ্ৰ বাওঁপন্থী ভাৰতীয় মহিলা ৰাজনীতিবিদ, সংস্কাৰক, আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ঘনিষ্ঠ সহযোগী আছিল। অসমৰ গোৱালপাৰা জিলাৰ উপ-দণ্ডাধীশ গিৰীশ চন্দ্ৰ নাগৰ বাসগৃহত জন্মগ্ৰহণ কৰা লীলা ৰয়ৰ মাতৃ আছিল কুঞ্জলতা নাগ।
-
শালিনী মোঘে
শালিনী মোঘে (১৯১৪ - ২০১১) এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমাজকৰ্মী আৰু জনজাতীয় শিশুৰ বাবে কস্তুৰবা কন্যা স্কুল আৰু মধ্যপ্ৰদেশ ৰাজ্যৰ প্ৰথম মণ্টেছৰী বিদ্যালয় বাল নিকেতন সংঘৰ প্ৰতিষ্ঠাপক।, তেওঁ ভাৰতীয় গ্ৰামীণ মহিলা সংঘ, ইন্দোৰৰ অধ্যক্ষ আছিল, যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী সংস্থাটোৱে সমাজৰ বিশেষ…
-
শীতল সাঠে
শীতল সাঠে হৈছে মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী লোকগায়ক, কবি, আৰু দলিত অধিকাৰ কৰ্মী, যিয়ে ২০০০ চনৰ মাজভাগত কবীৰ কলা মঞ্চৰ অন্যতম মুখ্য গায়ক হিচাপে ভিতৰতে বিশিষ্টতা লাভ কৰিছিল।
-
শৈলবালা দাস
শৈলবালা দাস (Sailabala Das, ২৫ মাৰ্চ ১৮৭৫ – ২৯ এপ্ৰিল ১৯৬৮) এগৰাকী সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। ওড়িশাৰ পৰা ইংলেণ্ডলৈ উচ্চ শিক্ষাৰ বাবে যোৱা তেওঁ প্ৰথমগৰাকী মহিলা।
-
শ্বাহনাজ বুখাৰী
শ্বাহনাজ বুখাৰী (Shahnaz Bukhari) এগৰাকী পাকিস্তানী মনোবিজ্ঞানী আৰু মহিলা অধিকাৰ কৰ্মী। তেওঁ বেচৰকাৰী সংগঠন প্ৰগতিশীল মহিলা সন্থা চমুকৈ পিডব্লিউএৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক। এই সংগঠনে মহিলাৰ বিৰুদ্ধে হিংসাক নথিভুক্ত আৰু বিৰোধিতা কৰে।
-
শ্যাম সুন্দৰ পালিৱাল
শ্যাম সুন্দৰ পালিৱাল এজন সমাজ সেৱক, যি ভাৰতৰ ৰাজস্থানৰ ৰাজসমন্দ জিলাৰ পিপলান্ত্ৰী গাঁৱৰ বাসিন্দা। ২০২১ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক সমাজ সেৱাৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে। তেওঁ "ইকো-নাৰীবাদৰ জনক" হিচাপে পৰিচিত।
-
সিন্ধুতাঈ সপকাল
সিন্ধুতাঈ সপকাল (Sindhutai Sapkal, ১৪ নৱেম্বৰ ১৯৪৮ - ৪ জানুৱাৰী ২০২২) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু সামাজিক সক্ৰিয়বাদী। তেওঁ বিশেষকৈ ভাৰতত অনাথ শিশুক প্ৰতিপালন কৰাত তেওঁৰ অৱদানৰ বাবে জনা যায়। তেওঁক জনপ্ৰিয়ভাবে 'অনাথৰ মাতৃ' আৰু 'মাই' বুলি কোৱা হয়।
-
সুমেইৰা আব্দুলআলি
সুমেইৰা আব্দুলআলি (Sumaira Abdulali; জন্ম: ২২ মে’, ১৯৬১) মুম্বাই নিবাসী এগৰাকী ভাৰতীয় পৰিৱেশবিদ, বেচৰকাৰী সংস্থা আৱাজ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা আৰু এক্টিভিষ্টসকলৰ প্ৰতি সততে প্ৰদৰ্শিত ভীতি, ভাবুকি আৰু প্ৰতিশোধৰ বিৰুদ্ধে সংঘবদ্ধ আন্দোলন ‘মিত্ৰ’ৰ আহ্বায়ক।
-
স্নেহলতা নাথ
স্নেহলতা নাথ ( Snehlata Nath; জন্ম: ২৭ ডিচেম্বৰ ১৯৬৫) এগৰাকী ভাৰতীয় সমাজকৰ্মী, নীলগিৰিত কৰা সমাজসেৱাৰ কামৰ বাবে পৰিচিত। তেওঁ জামনালাল বাজাজ বঁটা আৰু নাৰী শক্তি বঁটা লাভ কৰিছে।
-
সৰলা ৰয়
সৰলা ৰয় (ইংৰাজী: Sarala Roy; ১৮৬১-১৯৪৬) এগৰাকী ভাৰতীয় শিক্ষাবিদ, নাৰীবাদী আৰু সমাজ কৰ্মী আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম, আৰু বিশ্ববিদ্যালয়ৰ চেনেটৰ সদস্য হোৱা প্ৰথম মহিলা।
-
সৰোজিনী মেহতা
সৰোজিনী মেহতা (Sarojini Mehta, (১৮৯৮-১৯৭৭) আছিল গুজৰাট, ভাৰতৰ এগৰাকী চুটিগল্পকাৰ। ১৮৯৮ চনত সৰোজিনী মেহতাৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল ৰমনভাই নীলকণ্ঠ আৰু মাতৃৰ নাম আছিল বিদ্যাগৌৰী নীলকণ্ঠ। তেওঁলোক উভয়েই সমাজ-সংস্কাৰক আৰু লেখক আছিল।
-
হান্না সেন
হান্না সেন (১৮৯৪–১৯৫৭) এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ আৰু নাৰীবাদী আছিল। ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ প্ৰথম ভাৰতীয় ৰাজ্যসভা (সংসদৰ উচ্চ সদন)ৰ সদস্য আৰু ১৯৫১–৫২ চনত সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সভানেত্ৰী আছিল। দিল্লীৰ লেডী আৰউইন কলেজৰ তেওঁ প্ৰতিষ্ঠাপক আৰু প্ৰথম পৰিচালক।
-
হীৰাবাই টাটা
হীৰাবাই টাটা (Herabai Tata, ১৮৭৯–১৯৪১) এগৰাকী ভাৰতীয় নাৰী অধিকাৰ কৰ্মী আৰু ভোটাধিকাৰী আছিল। ১৮৯৫ চনত বিবাহপাশত আবদ্ধ হোৱা টাটাৰ স্বামী প্ৰগতিশীল আছিল আৰু পত্নী আৰু কন্যাৰ শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিছিল৷ তেওঁ স্কুলীয়া শিক্ষাত সহায় কৰিবলৈ টিউটৰ নিয়োগ কৰিছিল।
-
ৰশ্মি আনন্দ
ৰশ্মি আনন্দ (Rashmi Anand;) এগৰাকী ভাৰতীয় লেখক আৰু ঘৰুৱা হিংসা বিষয়ত কাম কৰা এক্টিভিষ্ট। ২০১৪ চনত, নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক নাৰী শক্তি পুৰস্কাৰ বঁটা প্ৰদান কৰিছিল। এইটো ভাৰতৰ মহিলাসকলৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ বঁটা।
-
ৰাজীৱ গোস্বামী
ৰাজীৱ গোস্বামী (১২ জুন ১৯৭১ – ২৪ ফেব্ৰুৱাৰী ২০০৪) এগৰাকী ভাৰতীয় কৰ্মী আৰু দিল্লী বিশ্ববিদ্যালয়ৰ দেশবন্ধু মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰাক্তন ছাত্ৰ আছিল।
-
ৰামাদেৱী চৌধুৰী
ৰামাদেৱী চৌধুৰী (Ramadevi Choudhury; ৩ ডিচেম্বৰ ১৮৯৯ – ২২ জুলাই ১৯৮৫), যাক ৰামা দেৱী বুলিও কোৱা হয়, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক আছিল। ওড়িশাৰ মানুহে তেওঁক মা বুলি কৈছিল। ভুৱনেশ্বৰৰ ৰামাদেৱী মহিলা বিশ্ববিদ্যালয়ৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।
-
ৰেজিনা গুহ
ৰেজিনা গুহ (Regina Guha, মৃত্যু ১৯১৯) এগৰাকী ভাৰতীয় অধিবক্তা আৰু শিক্ষয়িত্ৰী আছিল। ১৯১৬ চনত তেওঁ ভাৰতত মহিলাসকলক আইন চৰ্চা কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰা আইনী বিধানসমূহৰ ব্যাখ্যাক প্ৰত্যাহ্বান জনোৱা এটা উল্লেখযোগ্য গোচৰত যুঁজিছিল।
-
ৰেণুকা ৰয়
ৰেণুকা ৰয় (Renuka Ray; ১৯০৪–১৯৯৭) ভাৰতৰ এগৰাকী প্ৰখ্যাত স্বাধীনতা সেনানী, সমাজ-কৰ্মী আৰু ৰাজনীতিবিদ। তেওঁ ব্ৰহ্ম সংস্কাৰক, নিবাৰণ চন্দ্ৰ মুখাৰ্জীৰ বংশধৰ আৰু আইচিএছ বিষয়া সতীশ চন্দ্ৰ মুখাৰ্জী আৰু এগৰাকী সমাজকৰ্মী আৰু ‘সৰ্বভাৰতীয় মহিলা সন্মিলন’ৰ সদস্য চাৰুলতা মুখাৰ্জীৰ কন্যা আছিল।
-
অজিতা শ্ৰীবাস্তৱ
অজিতা শ্ৰীবাস্তৱ এগৰাকী ভাৰতীয় গায়িকা, শিক্ষাবিদ আৰু এগৰাকী সমাজকৰ্মী। শ্ৰীবাস্তৱ মিৰ্জাপুৰ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলৰ লোক সংগীতৰ এক জনপ্ৰিয় ৰূপ কাজাৰী লোকগীতৰ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ বাবে জনাজাত। কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২২ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।
-
অঞ্জলী ভৰদ্বাজ
অঞ্জলী ভৰদ্বাজ (Anjali Bhardwaj, জন্ম-১৯৭৩) হৈছে এগৰাকী ভাৰতীয় সমাজকৰ্মী৷ তেখেতে স্বচ্ছতা আৰু দায়বদ্ধতা-জড়িত সামাজিক বিষয়সমূহত মাত মাতি আহিছে৷ অঞ্জলী ভৰদ্বাজ নাগৰিকৰ তথ্যৰ অধিকাৰৰ ৰাষ্ট্ৰীয় অভিযানৰ (NCPRI) সহ-আহ্বায়ক৷ আনহাতে সতৰ্ক নাগৰিক সংগঠনৰ প্ৰতিষ্ঠাপক সদস্য৷ ইয়াৰোপৰি তথ্যৰ অধিকাৰ,…
-
অটিলি বাডাৰ
অটিলি বাডাৰ (৩০ মে' ১৮৪৭–২৪ জুলাই ১৯২৫) এগৰাকী জাৰ্মান মহিলা অধিকাৰ কৰ্মী আৰু সমাজবাদী আছিল। ১৯০০ চনৰপৰা ১৯০৮ চনলৈ তেওঁ জাৰ্মানীৰ সমাজ গণতান্ত্ৰিক পাৰ্টিৰ কেন্দ্ৰীয় বিশ্বাসভাজন প্ৰতিনিধি (জেণ্ট্ৰালফেৰট্ৰাউএনছপাৰছোন) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
অনাৰকলি কৌৰ হনাৰায়ৰ
আনাৰকলি কৌৰ হনাৰায়ৰ (Anarkali Kaur Honaryar) এগৰাকী শিখ আফগান ৰাজনীতিবিদ।তেখেত এগৰাকী মহিলা অধিকাৰ কৰ্মী আৰু এগৰাকী দন্ত চিকিৎসক। আফগানিস্তানত মাত্ৰ প্ৰায় ৩০ হাজাৰ শিখ আৰু হিন্দু আছিল৷ তাৰ ভিতৰত অনাৰকলি কৌৰ হনাৰায়ৰ অন্যতম। আফগানিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ তেওঁ প্ৰথমগৰাকী অ-মুছলমান সদস্য।
-
অনিছা হাজিমুমিন
অনিছা আব্দুলকাদিৰ হাজিমুমিন ( Anisa Abdulkadir Hajimumin; জন্ম: ২০ নৱেম্বৰ, ১৯৭৮) এগৰাকী ছোমালি আমেৰিকান ৰাজনীতিবিদ, সমাজ কৰ্মী আৰু লেখিকা। তেওঁ পুণ্টলেণ্ডৰ মহিলা আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰী আছিল।
-
অনিতা আনন্দ
অনিতা ইন্দিৰা আনন্দ'পিচি এমপি (Anita Indira Anand; জন্ম: ১৯৬৭) এগৰাকী কানাডিয়ান অধিবক্তা আৰু ৰাজনীতিবিদ; যি জুলাই ২০২৩ চনৰপৰা কানাডিয়ান ট্ৰেজাৰী বোৰ্ডৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৯ চনৰ ফেডাৰেল নিৰ্বাচনৰপৰা তেওঁ হাউচ অফ কমন্সত লিবাৰেল পাৰ্টিৰ সদস্য হিচাপে অ’কভিলক প্ৰতিনিধিত্ব কৰি আহিছে।
-
অনিতা গুপ্তা
অনিতা গুপ্তা (Anita Gupta) এগৰাকী ভাৰতীয় সামাজিক উদ্যোক্তা, জৈৱিক কৃষক আৰু জনজাতীয় এক্টিভিষ্ট। তেওঁ পঞ্চাশ হাজাৰৰো অধিক গ্ৰাম্য মহিলাক স্ব-নিৰ্ভৰশীল কৰি তুলিছে।
-
অনিতা ৰেড্ডী
অনিতা ৰেড্ডী (Anita Reddy )কৰ্ণাটকৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু এছ'চিয়েচন ফৰ ভলাণ্টেৰী একচন এণ্ড চাৰ্ভিচেছ (AVAS)ৰ প্ৰতিষ্ঠাপক, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ বস্তিবাসীসকলৰ পুনৰ্বাসন আৰু উত্থানৰ বাবে তেওঁৰ সেৱাৰ বাবে পৰিচিত।
-
অনু আগা
অনু আগা (Anu Aga; জন্ম ১৯৪২) হৈছে এগৰাকী ভাৰতীয় বিলিয়নাৰ, উদ্যোগী মহিলা, এগৰাকী সমাজকৰ্মী, ৰাজ্যসভাৰ মনোনীত সাংসদ। শক্তি আৰু পৰিৱেশ অভিযান্ত্ৰিকৰ কোম্পানী থাৰ্মেক্স লিমিটেডৰ অধ্যক্ষা হিচাপে তেখেতে ১৯৯৬ চনৰ পৰা ২০০৪ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।
-
অনুকী প্ৰেমচন্দ্ৰ
অনুকী প্ৰেমচন্দ্ৰ (ইংৰাজী: Anuki Premachandra) এগৰাকী শ্ৰীলংকান সামাজিক কৰ্মী, মহিলা অধিকাৰ কৰ্মী, প্ৰেৰণাদায়ক বক্তা, যোগাযোগ বিশেষজ্ঞ, লেখিকা আৰু ইনষ্টাগ্ৰাম ব্যক্তিত্ব। তেওঁ বৰ্তমান এডভোকোটা ইনষ্টিটিউটত কৌশলগত যোগাযোগ মেনেজাৰ হিচাপে কৰ্মৰত।
-
অনুজা ত্ৰেহান কাপুৰ
অনুজা ত্ৰেহান কাপুৰ ( Anuja Trehan Kapur; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) এগৰাকী ভাৰতীয় অপৰাধমূলক মনোবিজ্ঞানী যি এগৰাকী পৰামৰ্শদাতা, সমাজ কৰ্মী আৰু অধিবক্তা হিচাপেও পৰিচিত।