সমাজকৰ্মী
৩৯৮ প্ৰবন্ধ
-
ছেম অল্টমেন
ছেমুৱেল হেৰিছ অল্টমেন (Sam Altman; জন্ম: ২২ এপ্ৰিল, ১৯৮৫) এজন আমেৰিকান প্ৰযুক্তি-উদ্যোগী আৰু বিনিয়োগকাৰী। তেওঁ ২০১৯ চনৰ পৰা অ’পেনএআই-ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অধিক পৰিচিত। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক কম সময়ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰি পুনৰ নিযুক্তি দিয়া হয়।
-
জগতৰাম ডাভে
জগতৰাম চিমনলাল ডাভে (১৮৯২–১৯৮৫) ভাৰতৰ গুজৰাটৰ এগৰাকী গান্ধীবাদী সমাজকৰ্মী, স্বাধীনতা সংগ্ৰামী আৰু লেখক আছিল, যি দক্ষিণ গুজৰাটৰ জনজাতীয়সকলৰ মাজত সামাজিক কামৰ বাবে স্মৰণীয়।
-
জয়াশ্ৰী ৰাইজী
জয়াশ্ৰী নৈষধ ৰায়জী (Jayashri Raiji, ১৮৯৫–১৯৮৫) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, সংস্কাৰবাদী আৰু ৰাজনীতিবিদ। তেওঁ বম্বে ছাবাৰবান আসনৰ পৰা ১নং লোকসভাৰ সদস্য নিৰ্বাচিত হৈছিল।
-
জুপকা সুভদ্ৰা
জুপকা সুভদ্ৰা ( Joopaka and Jūpaka) জন্ম ১৯৬২ চন। এগৰাকী তেলুগু দলিত সমাজ কৰ্মী, কবি আৰু সাহিত্যিক। তেওঁ ঘাইকৈ কবিতা আৰু চুটিগল্প লিখে, যাৰ দ্বাৰা তেওঁ দলিত, বিশেষকৈ দলিত মহিলাসকলৰ জীৱনৰ ওপৰত আলোকপাত কৰে। বৰ্তমান তেওঁ অন্ধ্ৰ প্ৰদেশ সচিবালয়ত কাম কৰি আছে।
-
ঝাও লুচি
ঝাও লুচি (; জন্ম: ৯ নৱেম্বৰ ১৯৯৮), ৰ’জি ঝাও নামেৰে পৰিচিত, এগৰাকী চীনা অভিনেত্ৰী আৰু গায়িকা। তেওঁ দ্য ৰোমাঞ্চ অৱ টাইগাৰ এণ্ড ৰোজা (২০২০), ডেটিং ইন দ্য কিচেন (২০২০), দ্য লং বেলাড (২০২১), হু ৰুলচ দ্য ৱাৰ্ল্ড (২০২২), লভ লাইক দ্য গেলেক্সি (২০২২), হিডেন লভ (২০২৩), আৰু দ্য ষ্ট'ৰী অৱ পাৰ্ল গাৰ্ল (২০২৪)-ৰ…
-
তামানা জাৰয়াব পৰ্যানি
তামানা জাৰয়াব পৰ্যানি (Tamana Zaryab Paryani; জন্ম-১৯৯৭) এগৰাকী আফগান সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী যি ২০২১ৰ আফগানিস্তানত তালিবান শাসনৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ বাবে পৰিচিত। আফগানিস্তানৰ নাৰী সংগ্ৰামৰ প্ৰতীক হিচাপে তেওঁক বহুলভাৱে স্বীকৃতি দিয়া হৈছে।
-
ত্ৰুপ্তি দেশাই
ত্ৰুপ্তি দেশাই Trupti Desai (জন্ম ১২ ডিচেম্বৰ ১৯৮৫) এজন ভাৰতীয় সমাজ কৰ্মী আৰু পুনে ভিত্তিক সংস্থা ভূ-মাতা ব্ৰিগেড আৰু ভু-মাতা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক।
-
দুৰু শ্বাহ
দুৰু শ্বাহ (Duru Shah) মুম্বাইৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু সমাজ-কৰ্মী। তেওঁ ভাৰতৰ পিচিঅ'এছ ছ'চাইটিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আৰু ভাৰতৰ কিশোৰী-মহিলাৰ স্বাস্থ্য আৰু বন্ধ্যাত্বৰ প্ৰচাৰক। তেওঁ শ্বাহ মেট্ৰ'পলিছ হেল্থকেয়াৰ লিমিটেডৰ প্ৰচাৰকো।
-
দুৰ্গা চোব
দুৰ্গা চোব ( Durga Sob) জন্ম ৩ জুলাই, ১৯৬৬ চন; এগৰাকী নেপালী নাৰীবাদী সমাজ কৰ্মী আৰু ৰাজনীতিবিদ। চোবে নিজকে দলিত বুলিও পৰিচয় দিয়ে আৰু নেপালত নাৰীবাদী দলিত সংগঠন (FEDO)ৰ তেওঁ প্ৰতিষ্ঠাপক। দেশৰ মানৱ অধিকাৰ কৰ্মী হিচাপে কাম কৰা চোবে নেপাল ছ’চিয়েলিষ্ট পাৰ্টিৰ সৈতে জড়িত।
-
দেৱেন দত্ত
দেৱেন দত্ত (Deven Dutta) অসমৰ এগৰাকী লেখক, শিক্ষাবিদ আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী আছিল। কটন কলেজৰ উপাধ্যক্ষ ৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত আছিল আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ভাষাৰ শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত তেওঁ জোৰ দিছিল।
-
ধনবন্তী ৰামা ৰাউ
ধনবন্তী লেডী ৰামা ৰাউ (Dhanvanthi, Lady Rama Rau, ১৮৯৩–১৯৮৭) ভাৰতীয় পৰিয়াল পৰিকল্পনা সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিকল্পিত অভিভাৱকত্ব ফেডাৰেচনৰ প্ৰতিষ্ঠাপক আৰু সভাপতি আছিল। তেওঁ ছাৰ বেনেগল ৰামা ৰাউৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷
-
ধৰমপাল ছাইনি
ধৰম পাল ছাইনি(Dharampal Saini) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু সমাজ কৰ্মী, যিয়ে ১৯৯৫ চনত বাষ্টাৰত জনজাতীয় ছোৱালীক শিক্ষা দিয়াৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটা লাভ কৰিছিল।
-
নন্দিনী সুন্দৰ
নন্দিনী সুন্দৰ (জন্ম ১৯৬৭) দিল্লী স্কুল অৱ ইকনমিক্সৰ এগৰাকী ভাৰতীয় সমাজবিজ্ঞানৰ অধ্যাপিকা, যাৰ গৱেষণামূলক আগ্ৰহৰ ভিতৰত ৰাজনৈতিক সমাজবিজ্ঞান, আইন, আৰু অসমতা আদি অন্তৰ্ভুক্ত। ২০১০ চনত তেওঁ সমাজ বিজ্ঞানৰ বাবে ইনফ'ছিছ বঁটা, আৰু ২০১৬ চনত উন্নয়ন গৱেষণাৰ বাবে এষ্টাৰ ব’চেৰুপ বঁটা লাভ কৰে।
-
নলিনী জমীলা
নলিনী জমিলা (Nalini Jamela; জন্ম: ১৮ আগষ্ট ১৯৫৪) এগৰাকী ভাৰতীয় বেষ্ট চেলাৰ লেখিকা, যৌনকৰ্মীৰ সক্ৰিয় প্ৰবক্তা আৰু কেৰালাৰ থ্ৰিছুৰৰ প্ৰাক্তন যৌনকৰ্মী। তেখেত দ্য অটোবায়’গ্ৰাফী অৱ এ চেক্স-ৱৰ্কাৰ (২০০৫) আৰু ৰোমাণ্টিক এনকাউণ্টাৰছ অৱ এ চেক্স ৱৰ্কাৰ (২০১৮) নামৰ গ্ৰন্থৰ লেখিকা।
-
নাৰায়ণ দেশাই
নাৰায়ণ দেশাই ( Narayan Desai; ২৪ ডিচেম্বৰ ১৯২৪ – ১৫ মাৰ্চ ২০১৫) এজন ভাৰতীয় গান্ধীবাদী আৰু লেখক।
-
নুজোদ আলী
{{Infobox person | name = নুজোদ আলী | image = | alt = | caption = | birth_name = | birth_date = ১৭ জুন ১৯৯৮ | birth_place = | death_date = | death_place = | nationality = য়েমেনী | other_names = নুজোম | spouse = ফায়েজ আলী থামাৰ (২০০৮–২০০৮), অজ্ঞাত (২০১৪) | known_for = সৰ্বকনিষ্ঠ বিবাহ-বিচ্ছেদিত…
-
পুষ্পাবেন মেহতা
পুষ্পাবেন মেহতা নামেৰে পৰিচিতপুষ্পা জনাৰ্দনৰাই মেহতা, (২১ মাৰ্চ ১৯০৫ ― ২ এপ্ৰিল ১৯৮৮), ভাৰতৰ গুজৰাটৰ এগৰাকী সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ আহমেদাবাদ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ কেইবাটাও মহিলা আৰু শিশু কল্যাণ সংস্থা প্ৰতিষ্ঠা কৰি নেতৃত্ব দিছিল।
-
পেট্ৰিচিয়া মুখিম
পেট্ৰিচিয়া মুখিম (Patricia Mukhim) এগৰাকী সামাজিক কৰ্মী, লেখিকা আৰু সাংবাদিক। তেওঁ 'শ্বিলং টাইমছ্' নামৰ কাকতখনৰ সম্পাদক। মুখিম তেওঁৰ সমাজৰ আৰু নাগৰিক জীৱনৰে জড়িত বিষয়সমূহৰ কৰ্মৰ বাবে জনাজাত।
-
ফ্ৰান্সিছ কিছলিং
ফ্ৰান্সিছ কিছলিং (জন্ম ১৫ জুন ১৯৪৩) ধৰ্ম, প্ৰজনন, আৰু নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত কাম কৰা এগৰাকী সক্ৰিয় কৰ্মী। তেওঁ চেণ্টাৰ ফৰ হেল্থ, এথিক্স এণ্ড ছ’চিয়েল পলিচিৰ সভানেত্ৰী।
-
বিনালক্ষ্মী নেপ্ৰাম
বিনালক্ষ্মী নেপ্ৰাম (Binalakshmi Nepram) এগৰাকী মানৱসেৱা কৰ্মী, লেখিকা আৰু সমাজসেৱিকা৷ তেওঁ উত্তৰ-পূব ভাৰত বিশেষকৈ মণিপুৰৰ হিংসা আৰু সন্ত্ৰাসৰ বিৰুদ্ধে জনমত গঠন কৰাৰ প্ৰচেষ্টা চলাই আহিছে৷ হিংসাৰ বলি হোৱা মহিলা আৰু পৰিয়ালসমূহৰ আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈকো তেওঁ অৱদান আগবঢ়াইছে৷ এইক্ষেত্ৰত…
-
বিলকিছ এধি
বিলকিছ বানু এধি (Bilquis Edhi; জন্ম: ১৪ আগষ্ট ১৯৪৭) এগৰাকী পাকিস্তানী পেছাদাৰী নাৰ্ছ আৰু এধি ফাউণ্ডেচনৰ সহ-মুৰব্বী। তেওঁক পাকিস্তানৰ আটাইতকৈ সক্ৰিয় সমাজসেৱকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। তেওঁক 'পাকিস্তানৰ মাতৃ' বুলিও কোৱা হয়।
-
বৃন্দা কাৰাট
বৃন্দা কাৰাট ( Brinda Karat; জন্ম: ১৭ অক্টোবৰ ১৯৪৭) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ আৰু ২০০৫ চনৰ ১১ এপ্ৰিলৰ পৰা ২০১১ চনলৈকে পশ্চিম বংগক প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য। ২০০৫ চনত তেওঁ চিপিআই(এম) পলিটব্যুৰোৰ প্ৰথম মহিলা সদস্য।
-
ভগিনী নিবেদিতা
ভগিনী নিবেদিতা (Sister Nibedita; জন্ম:এলিজাবেথ ন’বেল; ২৮ অক্টোবৰ ১৮৬৭ – ১৩ অক্টোবৰ ১৯১১) এগৰাকী আয়াৰলেণ্ড দেশীয় শিক্ষয়িত্ৰী, লেখিকা, সমাজ কৰ্মী, বিদ্যালয় প্ৰতিষ্ঠাপক আৰু স্বামী বিবেকানন্দৰ শিষ্যা আছিল। শৈশৱ আৰু যৌৱনৰ আৰম্ভণিৰ কালছোৱা আয়াৰলেণ্ডত কটায়।
-
মণিকুন্তলা সেন
মণিকুন্তলা সেন (ইংৰাজী: Manikuntala Sen; প্ৰায় ১৯১১–১৯৮৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী সক্ৰিয় সদস্য। তেওঁৰ বাংলা ভাষাত লিখিত ভাৰতৰ ইতিহাসৰ কিছুমান অতি অশান্ত সময়ত এগৰাকী মহিলা কৰ্মী হিচাপে তেওঁৰ অভিজ্ঞতাৰ বৰ্ণনা কৰা স্মৃতিগ্ৰন্থ সেইদিনৰ কথাৰ (ইংৰাজীত…
-
মণিবেন কাৰা
মণিবেন কাৰা (Maniben Kara, ১৯০৫-১৯৭৯) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ট্ৰেড ইউনিয়নৰ সদস্য আছিল।তেওঁ হিন্দ মাজদুৰ সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল আৰু ইয়াৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ অৱদানৰ বাবে ১৯৭০ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
-
মালেকা খান
মালেকা খান (Maleka Khan; জন্ম: ১৯৪৩) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু বীৰাংগনাৰ অধিকাৰ কৰ্মী। ১৯৭১ চনত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ধৰ্ষণৰ সন্মুখীন হোৱা মহিলাসকলক বীৰাংগনা বোলা হৈছিল।
-
মীনা কান্দাচামি
ইলাভেনিল মীনা কান্দাচামি (Ilavenil Meena Kandasamy; জন্ম:১৯৮৪) তামিলনাডুৰ চেন্নাই নিবাসী এগৰাকী ভাৰতীয় কবি, কল্প কাহিনী লেখক, অনুবাদক আৰু সমাজকৰ্মী। ২০০৬ আৰু ২০১০ চনত মীনাৰ ক্ৰমে টাচ আৰু মিচ মিলিটেন্সি শীৰ্ষক দুখন কবিতাৰ কিতাপ প্ৰকাশ পাইছে।
-
মুনিবা মাজাৰি
মুনিবা মাজাৰি (منیبہ مزاری; জন্ম ৩ মাৰ্চ ১৯৮৭) এজনী পাকিস্তানী মানৱাধিকাৰ কৰ্মী, চিত্ৰশিল্পী, টেলিভিচন উপস্থাপক, প্ৰেৰণাদায়ী বক্তা আৰু গায়িকা। ২০০৫ চনত মুনিবা মাজাৰি এজন পাকিস্তানী বিমান বাহিনীৰ কৰ্মকৰ্তাৰ লগত বিবাহ বন্ধনত আবদ্ধ হয়। বিয়াৰ দুইবছৰৰ ভিতৰতে মুনিবা এটা পথ দুৰ্ঘটনাৰগ্ৰস্ত হয়।
-
মেৰী ক্লাৱৱালা যাদৱ
মেৰী ক্লাৱৱালা যাদৱ (Mary Clubwala Jadhav, ১৯০৯–১৯৭৫) এগৰাকী ভাৰতীয় জনহিতৈষী আৰু সমাজকৰ্মী। তেওঁ চেন্নাই আৰু সমগ্ৰ ভাৰতত বহুতো বেচৰকাৰী সংগঠন স্থাপন কৰিছিল। তেওঁক প্ৰায়ে দেশৰ আটাইতকৈ পুৰণি সংগঠিত সামাজিক-কৰ্ম সংস্থা স্থাপনৰ কৃতিত্ব দিয়া হয়।
-
মেৰী ৰয়
মেৰী ৰয় (১৯৩৩ – ১ ছেপ্টেম্বৰ ২০২২) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু নাৰী অধিকাৰ কৰ্মী আছিল আৰু ১৯৮৬ চনত কেৰালাৰ ছিৰিয়াৰ মালাবাৰ নাছৰানী সম্প্ৰদায়ৰ ভিতৰত প্ৰচলিত উত্তৰাধিকাৰ আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ গোচৰত জয়ী হোৱাৰ বাবে পৰিচিত হৈছিল।