আডৱোৱা কেটলিন মাৰিয়া আবোয়া ১২এগৰাকী ব্ৰিটিছ ফেশ্বন মডেল আৰু অভিনেত্ৰী। ২০১৭ চনৰ ডিচেম্বৰ মাহত তেওঁ ব্ৰিটিছ ভ'গৰ কভাৰত দেখা যায়।৩ ইয়াৰ উপৰিও তেওঁ আমেৰিকান ভোগ, ভোগ ইটালিয়া, ভোগ পোলেণ্ড আৰু আই-ডিৰ কভাৰত অংশগ্ৰহণ কৰিছে।৪৫৬ ২০১৭ চনত ফেশ্বন উদ্যোগে তেওঁক models.comৰ বাবে বছৰৰ মডেল হিচাপে ভোট দিয়ে।৭ তেওঁ গাৰ্লছ টক নামৰ এখন মঞ্চৰ প্ৰতিষ্ঠাপক যি যুৱতী আৰু কিশোৰীসকলক মানসিক স্বাস্থ্যৰ বিষয়ে আলোচনা কৰিবলৈ সমল আৰু নিৰাপদ স্থান প্ৰদান কৰে।৮
চমু জীৱনী
ইংলেণ্ডৰ লণ্ডনৰ ৱেষ্টমিনিষ্টাৰত চাৰ্লছ আবোয়া আৰু কেমিলা ল'থাৰৰ ঘৰত আবোয়াই জন্মগ্ৰহণ কৰিছিল৷৯ ঘানাৰ আকান জনগোষ্ঠীৰ আকান ভাষাত আডৱোৱা নামৰ অৰ্থ হৈছে "সোমবাৰে জন্ম" (তেওঁৰ জন্ম এটা সোমবাৰে হৈছিল৷)১০
আবোয়াৰ পিতৃ-মাতৃ দুয়োগৰাকীয়েই ফেশ্বন উদ্যোগৰ সৈতে জড়িত।১১১২১৩ তেওঁৰ ভনীয়েক কেছেৱা আবোয়াও এগৰাকী মডেল। মিলফিল্ডত শিক্ষা গ্ৰহণ কৰা আবোয়ায়ে পিছলৈ ২০১৩ চনত ব্ৰুনেল বিশ্ববিদ্যালয়ৰ পৰা আধুনিক নাটকত স্নাতক ডিগ্ৰী লাভ কৰে।১৪
নিজৰ ব্যক্তিগত সংগ্ৰাম আৰু যুৱতীসকলৰ বাবে মানসিক-স্বাস্থ্য সম্পদৰ অভাৱৰ বাবে উদ্বেগ প্ৰকাশ কৰাৰ পিছত ২০১৭ চনত আবোৱাহে যুৱতীসকলৰ বাবে গাৰ্লছ টক নামৰ এটা সংস্থা আৰম্ভ কৰে।১৫১৬১৭ কৰ'নাভাইৰাছ ৰোগ ২০১৯ মহামাৰীৰ সময়ত আবোয়াহে '#CreativeTogether' পদক্ষেপৰ সৃষ্টি কৰিছিল, এই আশাৰে যে সৃষ্টিশীলতা মানুহক সংযোগ কৰাৰ এটা উপায় হ'ব পাৰে আৰু লকডাউনক কেন্দ্ৰ কৰি থকা কিছুমান উদ্বেগৰ বিৰুদ্ধে যুঁজিব পাৰে।১৮
তথ্যসূত্ৰ
- ↑ Adwoa Caitlin Maria ABOAH – Personal Appointments (free information from Companies House). Companies House, Government of the United Kingdom
- ↑ Adwoa Aboah. findmypast.com
- ↑ Theodosi, Natalie. (7 November 2017). Adwoa Aboah Fronts Edward Enninful's First Issue of British Vogue. Women's Wear Daily
- ↑ (12 April 2016). Girl Crush: Adwoa Aboah. Vogue
- ↑ get the first look at i-D's female gaze issue! · read · i-D. i-D
- ↑ Ashley Graham, Liu Wen, and More Vogue March 2017 Cover Models' Beauty Secrets. Vogue
- ↑ Model of the Year Awards 2017 | models.com MDX. MODELS.com
- ↑ (2023-10-10). Adwoa Aboah Isn't Afraid to Have the Hard Conversations. wmagazine.com
- ↑ (11 January 2003). Woman with great literary mind. Cumberland and Westmorland Herald
- ↑ (18 September 2017). Adwoa Aboah, Hailey Baldwin, Dilone And More.. The Topshop Models Told Us What Their Names Mean To Them. Topshop
- ↑ Camilla Lowther · #BoF500 · The Business of Fashion. The Business of Fashion
- ↑ (3 December 2002). Location, Location, Location. Women's Wear Daily
- ↑ Branch, Kate. (7 April 2018). Adwoa Aboah Is Changing What a Supermodel Looks Like—One Fashion Campaign at a Time. Vogue
- ↑ (20 July 2017). Adwoa Aboah opens up about feeling unattractive, drug addiction and her new mental health project. London Evening Standard
- ↑ About. Gurls Talk
- ↑ (4 January 2017). Adwoa Aboah Is the Fashion Activist Our Industry Needs. ELLE
- ↑ Why Model Adwoa Aboah Has Girls Talking. Vogue
- ↑ Petter, Oliver. (26 March 2020). Adwoa Aboah launches #CopingTogether scheme to encourage creativity during lockdown. The Independent
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদৱা আবোয়া” প্ৰবন্ধৰ সংশোধন ৫৬৮৮১১ (৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।