অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুৰাধা ৰামানন

অনুৰাধা ৰামানন (২৯ জুন ১৯৪৭ – ১৬ মে' ২০১০) এগৰাকী তামিল লেখিকা, শিল্পী আৰু সমাজ কৰ্মী।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

অনুৰাধা ৰামানন (২৯ জুন ১৯৪৭ – ১৬ মে' ২০১০)১ এগৰাকী তামিল লেখিকা, শিল্পী আৰু সমাজ কৰ্মী।

জীৱনী

অনুৰাধা ৰামাননৰ ১৯৪৭ চনত তামিলনাডুৰ থাঞ্জাভুৰত জন্ম হৈছিল। তেওঁৰ ককাক আৰ বালাসুব্ৰমণিয়াম আছিল এজন অভিনেতা যিয়ে অনুৰাধাক লেখক হ'বলৈ প্ৰেৰণা দিছিল।২অনুৰাধাই জনপ্ৰিয় আলোচনীসমূহৰ সৈতে চাকৰি লাভৰ কেইবাবাৰো বিফল প্ৰচেষ্টা চলোৱাৰ পূৰ্বে শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।২ ইয়াৰ ফলত সম্পাদকে তেওঁৰ লেখাবোৰ অতি আকৰ্ষণীয় বুলি বিবেচনা কৰাৰ পিছত তামিল আলোচনী মাংগাইত যোগদান কৰে। ১৯৭৭ চনত আলোচনীখনৰ বাবে কাম কৰি থকাৰ সময়তে অনুৰাধাৰ সাহিত্য জীৱন আৰম্ভ হয়। সাহিত্যিক অৱদানৰ উপৰিও তেওঁ "বিবাহ বিচ্ছেদ বিৰোধী পৰামৰ্শ"ৰ বাবে সুপৰিচিত আছিল।৩ ৩০ বছৰতকৈও অধিক সময়ৰ সৃষ্টিশীল জীৱনত অনুৰাধাই প্ৰায় ৮০০খন উপন্যাস আৰু ১২৩০ খন চুটিগল্প লিখিছিল। তেওঁৰ ৰচনাসমূহ মূলতঃ পৰিয়াল আৰু দৈনন্দিন পৰিঘটনাক কেন্দ্ৰ কৰি আছিল। তেওঁৰ প্ৰাৰম্ভিক ৰচনাসমূহৰ ভিতৰত ছিৰাইয়ে আনন্দ বিকাটনৰ পৰা শ্ৰেষ্ঠ চুটিগল্পৰ বাবে সোণৰ পদক লাভ কৰে।৪ ইয়াক একে নামৰ এখন ছবিলৈ ৰূপান্তৰিত কৰা হৈছিল।ইয়াৰ পিছত তেওঁৰ আন উপন্যাস কুট্টু পুজুক্কল, অৰু মালাৰিন পায়ানম আৰু অৰু বীদু ইৰুভাছাল তামিল, তেলুগু আৰু কানাড়া আদি বিভিন্ন ভাষাৰ ছবিলৈ ৰূপান্তৰিত কৰা হয়।২ বালাচন্দৰৰ পৰিচালনাত নিৰ্মিত অৰু ভিডু ইৰু ভাছালে ১৯৯১ চনত অন্যান্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১৯৮৮ চনত তেওঁৰ কৰ্মৰাজিৰ আধাৰত নিৰ্মিত তেলুগু ছবি ওকা বৰিয়া কথাই পাঁচটা নন্দী বঁটা লাভ কৰে।৫চলচ্চিত্ৰৰ উপৰিও তেওঁৰ বহুতো গল্প যেনে-অৰ্চনাই পূকাল, পাছম আৰু কনকান্দেন থোজি টেলিভিছনৰ ধাৰাবাহিকলৈ ৰূপান্তৰিত কৰা হৈছে। তামিলনাডুৰ তেতিয়াৰ মুখ্যমন্ত্ৰী এম জি ৰামচন্দ্ৰনে তেওঁক স্বৰ্ণ পদক প্ৰদান কৰে।

মৃত্যু

২০১০ চনৰ ১৬ মে'ত চেন্নাইত ৬২ বছৰ বয়সত অনুৰাধা ৰামাননৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। ৰামাননৰ সৈতে তেওঁৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ দুগৰাকী কন্যা আছে।৪

তথ্যসূত্ৰ

  1. ↑ (1 May 2010). Noted writer Anuradha Ramanan passes away. Zee News
  2. ↑ (17 May 2010). Popular Tamil writer Anuradha Ramanan dead. The New Indian Express
  3. ↑ (21 November 2003). Saadhanai Penn – Anuradha Ramanan. দ্য হিন্দু
  4. ↑ (17 May 2010). Anuradha Ramanan dead. দ্য হিন্দু
  5. ↑ (16 May 2010). Noted writer dead. হিন্দুস্তান টাইমছ

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতৰ মহিলা সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা ৰামানন” প্ৰবন্ধৰ সংশোধন ৪৮৭৬৬৪ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।