অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আনোৱাৰা বাহাৰ চৌধুৰী

আনোৱাৰা বাহাৰ চৌধুৰী (Anwara Bahar Chowdhury; ১৩ ফেব্ৰুৱাৰী ১৯১৯ – ২৭ অক্টোবৰ ১৯৮৭) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু সাহিত্যিক।

হালনাগাদ: ২৭ মাৰ্চ ২০২৫ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আনোৱাৰা বাহাৰ চৌধুৰী (Anwara Bahar Chowdhury; ১৩ ফেব্ৰুৱাৰী ১৯১৯ – ২৭ অক্টোবৰ ১৯৮৭) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু সাহিত্যিক।১

নেপথ্য আৰু শিক্ষা

১৯১৯ চনৰ ১৩ ফেব্ৰুৱাৰীত মুৰ্ছিদাবাদ জিলাৰ আজিজগঞ্জ চহৰত জন্মগ্ৰহণ কৰা চৌধুৰী মাণিকগঞ্জত ডাঙৰ-দীঘল হৈছিল।২ মহিলা অধিকাৰ কৰ্মী বেগম ৰকেয়াই প্ৰতিষ্ঠা কৰা সাখাৱট মেম’ৰিয়েল গাৰ্লছ হাইস্কুলত তেওঁৰ নামভৰ্তি হয়। ১৯৩৪ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কলকাতাৰ বেথুন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু বি এ ডিগ্ৰী সম্পূৰ্ণ কৰে। ১৯৪১ চনত স্কটিছ চাৰ্চ কলেজৰ পৰা শিক্ষকতাত স্নাতক ডিগ্ৰী লাভ কৰে।১

কৰ্মজীৱন

চৌধুৰী কলিকতা বিশ্ববিদ্যালয়ৰ লেডী ব্ৰাবৰ্ণ কলেজৰ বাংলা সাহিত্যৰ অধ্যাপক আছিল। বেগম ৰকেয়াই প্ৰতিষ্ঠা কৰা অঞ্জুমান-ই-খাৱতীন-ই-ইছলাম বা সদৌ বংগ মুছলিম মহিলা সন্থাৰ সম্পাদিকা হৈছিল। তেওঁ বিদ্যাময়ী ছোৱালী হাইস্কুল, কামৰুন্নেছা ছোৱালী হাইস্কুল আৰু বাংলা বজাৰ চৰকাৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১

১৯৫৫ চনত তেওঁ শিক্ষা সঞ্চালকালয়ৰ মহিলা শিক্ষাৰ বিশেষ বিষয়া হয়।১ ১৯৫৫ চনত ঢাকাত স্থাপিত বুলবুল একাডেমী অৱ ফাইন আৰ্টছ (BAFA)ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল তেওঁ।১ ১৯৬৯ চনত তেওঁ হাবিবুল্লাহ বাহাৰ মহাবিদ্যালয় স্থাপন কৰে।৩

চৌধুৰীয়ে কেইবাখনো গ্ৰন্থ লিখিছিল য’ত জীৱনী, স্কুলৰ পাঠ্যপুথি আৰু শিশুৰ বাবে কিতাপ আদি অন্তৰ্ভুক্ত। তেওঁৰ কবিতা সংকলন "অমৰ চেটোনাৰ ৰং" প্ৰকাশ কৰে।১

তথ্যসূত্ৰ

  1. ↑ (27 March 2015). Remembrance: Anwara Bahar Choudhury: Educationist, Writer and Cultural Activist. The Daily Star
  2. ↑ Chowdhury, Anwara Bahar - Banglapedia. en.banglapedia.org
  3. ↑ National University:: College Details. www.nubd.info

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ লেখকবাংলাদেশৰ ব্যক্তিবাংলাদেশৰ নাৰী অধিকাৰ কৰ্মীবাংলাদেশৰ নাৰীবাদীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনোৱাৰা বাহাৰ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪৯৮৫৭৮ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।