অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অমল বাশা

অমল বাশা (জন্ম ১৯ নৱেম্বৰ, ১৯৬২) এগৰাকী য়েমেনৰ মহিলা অধিকাৰ কৰ্মী, চিষ্টাৰছ আৰব ফ'ৰাম ফৰ হিউমেন ৰাইটছ (SAF)ৰ অধ্যক্ষ। এছ এ এফৰ অধ্যক্ষ হিচাপে তেওঁ "মহিলা, বন্দী আৰু শৰণাৰ্থীৰ অধিকাৰ ৰক্ষা কৰে আৰু অধিক ৰাজনৈতিক স্বাধীনতাৰ বাবে যুঁজে।" বাশাই কায়ৰোৰ আমেৰিকান বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান, অৰ্থনীতি…

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৫ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

অমল বাশা (জন্ম ১৯ নৱেম্বৰ, ১৯৬২) এগৰাকী য়েমেনৰ মহিলা অধিকাৰ কৰ্মী, চিষ্টাৰছ আৰব ফ'ৰাম ফৰ হিউমেন ৰাইটছ (SAF)ৰ অধ্যক্ষ। এছ এ এফৰ অধ্যক্ষ হিচাপে তেওঁ "মহিলা, বন্দী আৰু শৰণাৰ্থীৰ অধিকাৰ ৰক্ষা কৰে আৰু অধিক ৰাজনৈতিক স্বাধীনতাৰ বাবে যুঁজে।"১

বাশাই কায়ৰোৰ আমেৰিকান বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান, অৰ্থনীতি আৰু গণসংযোগ অধ্যয়ন কৰিছিল। তেখেতে ৰাজহুৱা প্ৰশাসন, নেচনেল ইনষ্টিটিউট অৱ এডমিনিষ্ট্ৰেটিভ ছায়েন্স (এন আই এ এছ)ৰ পৰা আৰু ছানা বিশ্ববিদ্যালয়ৰ পৰা মহিলা অধ্যয়ন আৰু ব্ৰিটেইনৰ ছাচেক্স বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় উন্নয়ন আৰু লিংগ অধ্যয়নত এম.এ. কৰে৷ ১তেওঁৰ দেশত আইন চৰ্চা কৰাৰ অনুজ্ঞাপত্ৰও আছে। ২ কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত বাশাই য়েমেন চৰকাৰৰ বিভিন্ন অৰ্থনৈতিক পদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু য়েমেনৰ তৃতীয় খণ্ডৰ সংস্থাসমূহৰ বাবে মানৱ সম্পদ নিযুক্তিৰ ক্ষেত্ৰত তেওঁক এগৰাকী আগশাৰীৰ ব্যক্তিত্ব হিচাপে গণ্য কৰা হৈছিল।২

২০১৩ চনৰ এপ্ৰিল মাহত তেওঁ য়েমেনৰ ৰাষ্ট্ৰীয় আলোচনা সন্মিলনৰ কনফাৰেন্স হলত শ্বেইখ ছাদিক আল-আহমাৰৰ সৈতে ৰাজহুৱাভাৱে মুখামুখি হয়৷ বাশাই তেওঁক এই "ৰাজহুৱা ফ্লেয়িং" নিদিয়ালৈকে আহমেৰে নাৰীবাদী নাবিলা আল-জুবাইৰক বিবাদিত চহৰ ছা'দাহৰ ভৱিষ্যত নিৰ্ণয় কৰা সংস্থাটোৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পৰা পিছুৱাই যোৱা যেন লাগিছিল।৩

২০১৪ চনত তেওঁ টাক্ৰিম আৰব বছৰৰ মহিলা বঁটা লাভ কৰে।একে বছৰতে (২০১৪) ডেনিছ ইনষ্টিটিউট ফৰ হিউমেন ৰাইটছে তেওঁৰ ৰচনা "য়েমেনৰ সংবিধানত লিংগ সমতাৰ বক্তৃতা" প্ৰকাশ কৰে। ৪ ২০১৫ চনত তেওঁ "যুদ্ধ বন্ধ কৰিবলৈ মহিলাৰ শক্তি" সন্মিলনত (য়েমেনত) ভাষণ দিছিল।৫

২০১৭ চনত টৰণ্টো বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।৬

৮ বছৰীয়া শিশু হিচাপে তেওঁৰ বিয়া হৈছিল আৰু পিছলৈ বিবাহ বিচ্ছেদ কৰিবলৈ সক্ষম হৈছিল।৭

তেওঁৰ পুত্ৰ লুয়াই আহমেদ, এজন ছুইডেনৰ সাংবাদিক আৰু স্তম্ভলেখক, যিয়ে ২১ বছৰ বয়সত ছুইডেনত উপস্থিত হ’বলৈ সক্ষম হয় আৰু তাত ৰাজনৈতিক আশ্ৰয় লাভ কৰে, আৰু পিছলৈ ছুইডেনৰ নাগৰিকত্বও লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Amal Basha – Director, Sisters' Arab Forum for Human Rights, Sana'a. Salzburg Global Seminar
  2. ↑ Amal Basha- Yemen – Outstanding Arab Woman – 2014. Takreem Foundation
  3. ↑ Farea al-Muslimi, Yemen's National Dialogue is already faltering, Executive Magazine, April 16, 2013
  4. ↑ Basha, Amal. (2014). GENDER EQUALITY DISCOURSE IN YEMINI CONSTITUTIONS RIGHTS AND DUTIE. The Danish Institute for Human Rights, No. 2014/3
  5. ↑ Ford, Liz. (April 30, 2015). Yemen Conflict Must End Without Delay, Demand Female Peace Activists. The Guardian
  6. ↑ Levine, Romi. (June 15, 2017). #UofTGrad17: Three things you should know about honorary grad Amal Basha. University of Toronto
  7. ↑ Gareth's Guests: Luai Ahmed (Interview with her son Luai Ahmed), December 5, 2023 (from 2:30-minute)

সম্পৰ্কিত শ্ৰেণী

য়েমেনৰ মহিলা সমাজকৰ্মীয়েমেনৰ ব্যক্তিসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমল বাশা” প্ৰবন্ধৰ সংশোধন ৫৬২৬৬৩ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।