ভাৰ্গৱী থাংকাপ্পন (Bhargavi Thankappan, জন্ম-১৯৪২) ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অষ্টম কেৰালা বিধানসভাৰ উপাধ্যক্ষ আছিল।
প্ৰাথমিক জীৱন
১৯৪২ চনৰ ২৪ জুলাইত আদূৰত কে ইশ্বৰন আৰু তেওঁৰ পত্নী কে কুট্টীৰ ঘৰত ভাৰ্গৱীৰ জন্ম হয়।১২ তেওঁ কোল্লামৰ শ্ৰী নাৰায়ণ কলেজৰ পৰা বাণিজ্য শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১
কৰ্মজীৱন
১৯৬৮ চনত ভাৰ্গৱীয়ে কিছু সময়ৰ বাবে ৰবৰ ব'ৰ্ডত চাকৰি লয়৷ তাৰ পিছত ১৯৭১ চনলৈকে কেৰেলা ৰাজ্যিক বিদ্যুৎ ব'ৰ্ডত কাম কৰে।১ নেদুৱথূৰ সমষ্টিৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই)ৰ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰৰ বাবে কেৰালা বিধানসভাত তেওঁ প্ৰৱেশ কৰে।২ পিছলৈ ১৯৭১ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আদূৰ আসনৰ পৰা ভাৰ্গৱী জয়ী হয়।১ ষষ্ঠ, ৭ম, ৮ম আৰু দশম কেৰেলা বিধানসভাত কিলিমানুৰক তেওঁ প্ৰতিনিধিত্ব কৰিছিল। ১৯৮৭ চনৰ পৰা ১৯৯১ চনলৈকে তেওঁ অষ্টম বিধানসভাৰ উপ-সভাপতি আছিল। তেওঁ চিপিআইৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য।২
ন্যায়াধীশ মোহন কুমাৰ আয়োগে এজন সুৰা ঠিকাদাৰৰ পৰা চৰকাৰী হস্তক্ষেপ অবিহনে তেওঁৰ ব্যৱসায় সুচাৰুৰূপে চলাবলৈ ভাৰ্গৱীয়ে উৎকোচ লোৱা বুলি ধৰা পৰাৰ পিছত চিপিআইয়ে ভাৰ্গৱীক বহিষ্কাৰ কৰে।৩ পাঁচ বছৰৰ পিছত ভিজিলেন্স বিশেষ আদালতে প্ৰমাণৰ অভাৱত তেওঁক দোষমুক্ত কৰে।৪
ব্যক্তিগত জীৱন
১৯৬৭ চনৰ ২৯ জুনত ভাৰ্গৱীয়ে এ.কে.থাংকাপ্পনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১ তেওঁলোকৰ এজন পুত্ৰ আৰু দুগৰাকী কন্যা আছে।২
তথ্যসূত্ৰ
- ↑ Members Bioprofile: Thankappan, Shrimati Bhargavi. লোকসভা
- ↑ Bhargavi Thankappan. Kerala Legislative Assembly
- ↑ Devasia, T.K. (1 December 2002). CPI expels Kerala legislators for taking bribe. Rediff.com
- ↑ (18 December 2005). Bhargavi Thankappan, former ADM acquitted. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰ্গৱী থাংকাপ্পন” প্ৰবন্ধৰ সংশোধন ৬৩৭৬১৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।