অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মোথে বেদকুমাৰী

মোথে বেদাকুমাৰী (Mothey Vedakumari; ২৪ ছেপ্টেম্বৰ ১৯৩১ – ১৯৭৭) এগৰাকী ভাৰতীয় সংসদ সদস্য তেওঁ এগৰাকী গায়কো আছিল।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৫ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মোথে বেদাকুমাৰী (Mothey Vedakumari; ২৪ ছেপ্টেম্বৰ ১৯৩১ – ১৯৭৭) এগৰাকী ভাৰতীয় সংসদ সদস্য১ তেওঁ এগৰাকী গায়কো আছিল।

জীৱন আৰু কেৰিয়াৰ

১৯৩১ চনৰ ২৪ ছেপ্টেম্বৰত অন্ধ্ৰ প্ৰদেশৰ এলুৰুত জন্মগ্ৰহণ কৰা মোথে বেদাকুমাৰীৰ পিতৃৰ নাম মোথেই নাৰায়ণ ৰাও।

বেদাকুমাৰী এলুৰুৰ ছাত্ৰ কংগ্ৰেছৰ সম্পাদক আছিল। তেওঁ আছিল সৰ্বভাৰতীয় মহিলা সন্মিলনৰ পশ্চিম গোদাবৰী শাখাৰ সম্পাদিকা। হিন্দী, টেইলাৰিং, টাইপৰাইটিং ইত্যাদিত মহিলাক বিনামূলীয়া কোচিং দিয়াৰ বাবে তেওঁ এটা প্ৰতিষ্ঠান আৰম্ভ কৰিছিল।

বেদাকুমাৰীয়ে অল ইণ্ডিয়া ৰেডিঅ’ই প্ৰথম শ্ৰেণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু নিয়মিতভাৱে কৰ্ণাটকী সংগীত সম্প্ৰচাৰ কৰিছিল।

বেদাকুমাৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ১৯৫৭ চনত এলুৰু সমষ্টিৰ পৰা ২য় লোকসভালৈ নিৰ্বাচিত হয়।

১৯৭৭ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ বেদাকুমাৰীৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ Biodata of Vedakumari Mothey at Parliament of India.
  2. ↑ (22 March 2019). Kumari Mothey Vedakumari: One Of The First Women MPs Of Andhra Pradesh. Feminism in India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোথে বেদকুমাৰী” প্ৰবন্ধৰ সংশোধন ৪৭৯৬৪৩ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।