ভাৱনা পুণ্ডলিকৰাও গাৱালি (Bhavana Pundlikrao Gawali, (জন্ম ২৩ মে' ১৯৭৪) শিৱসেনাৰ এগৰাকী প্ৰতিনিধি৷ তেওঁ যৱতমল-ৱাছিম লোকসভাক প্ৰতিনিধিত্ব কৰা পাঁচবাৰৰ সংসদ সদস্য৷ তেওঁ শিৱসেনাৰ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন এম.পুণ্ডলিক্ৰাও গাৱালিৰ কন্যা১ তেওঁ ১৯৯৯ চনৰ পৰা এই সমষ্টিৰ বাবে সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ ২৩
২০২১ চনৰ ৩০ আগষ্টত গাৱালিৰ সৈতে জড়িত কেইবাটাও স্থানত বলৱৎকাৰী সঞ্চালকালয়ে অভিযান চলাইছিল।৪৫৬
প্ৰাথমিক জীৱন আৰু পটভূমি
ভাৱনা পুণ্ডলিক্ৰাও গাৱালিক ভাৱনাতাই বুলিও কোৱা হয়৷ তেওঁ ১৯৭৩ চনৰ ২৩ মে'ত ৰিছ'ডৰ এটা পৰম্পৰাগত ঘাটোলে কুনবি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। শিৱসেনাৰ প্ৰাক্তন জ্যেষ্ঠ নেতা আৰু সংসদ সদস্য ৱাছিম পুণ্ডলিকৰাও ৰামজী গাৱালী আৰু শ্ৰীমতী শলিনাই গাৱালীৰ কন্যা। অমৰাৱতী বিশ্ববিদ্যালয়ৰ পৰা বি এ আৰ্টছ ৰিছ’দ, ৱাছিম (বাবাছাহেব ধাবেকাৰ আৰ্টছ কলেজ, ৰিছ’দ) সম্পূৰ্ণ কৰে। কেপ্তেইন প্ৰশান্ত সুৰবে পাটিলৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হৈছিল।
অধিষ্ঠিত পদসমূহ
| + | |
| বৰ্ষ | অৱস্থান |
|---|---|
| ১৯৯৯ | ত্ৰয়োদশ লোকসভালৈ নিৰ্বাচিত (১ম কাৰ্যকাল) |
| ১৯৯৯–২০০০ | সদস্য, বাণিজ্য সমিতি |
| ২০০০–২০০১ | সদস্য, মহিলা সবলীকৰণ সমিতি |
| ২০০৪ | পুনৰ চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত (দ্বিতীয় কাৰ্যকাল) |
| ২০০৭–০৯ | সদস্য, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সমিতি |
| ২০০৯ | ১৫ নং লোকসভালৈ পুনৰ নিৰ্বাচিত (তৃতীয় কাৰ্যকাল) |
| ২০০৯ | সদস্য, পৰিবহণ, পৰ্যটন, আৰু সংস্কৃতি সমিতি |
| ২০১৪ | পুনৰ ১৬ নং লোকসভালৈ নিৰ্বাচিত (৪ৰ্থ কাৰ্যকাল) |
| ছেপ্টেম্বৰ ২০১৪ | সদস্য, মহিলা সবলীকৰণ, মানৱ সম্পদ উন্নয়ন আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্থায়ী সমিতি |
| ২০১৯ | ১৭ নং লোকসভালৈ পুনৰ নিৰ্বাচিত (৫ম কাৰ্যকাল) |
| ছেপ্টেম্বৰ ২০১৯ | সদস্য, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ স্থায়ী সমিতি |
| অক্টোবৰ ২০২০ | সদস্য, পৰামৰ্শদাতা সমিতি, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, সদনৰ বৈঠকত সদস্যৰ অনুপস্থিতি |
| ২০২৪ | মহাৰাষ্ট্ৰ বিধান পৰিষদলৈ নিৰ্বাচিত (১ম কাৰ্যকাল)৭ |
তথ্যসূত্ৰ
- ↑ (23 May 2019). Loksabha Election Results 2019: महाराष्ट्रातील विजयी उमेदवारांची यादी
- ↑ Constituency Wise Detailed Results. Election Commission of India. পৃ. 87
- ↑ Maharashtra – Yavatmal-Washim. Election Commission of India
- ↑ (2021-08-30). ED raids multiple locations linked to Shiv Sena MP in money laundering case. Firstpost
- ↑ (2021-08-31). Money laundering case: ED raids 7 places linked to Shiv Sena MP Bhavana Gawali. Hindustan Times
- ↑ (2021-08-31). ED raids Sena MP's premises in money laundering case. Hindustan Times
- ↑ The Hindu. (28 July 2024). গ্ৰহণ/article68456573.ece এঘাৰটা এম এল চিয়ে মহাৰাষ্ট্ৰত শপত গ্ৰহণ কৰে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৱনা গাৱালি” প্ৰবন্ধৰ সংশোধন ৬৪০১১৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।