মাৰ্জাৰী গডফ্ৰে (Marjorie Godfrey, ২৯ মাৰ্চ ১৯১৯ – ২৭ অক্টোবৰ ২০০৩) পঞ্চম লোকসভা আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ এগৰাকী এংলো-ভাৰতীয় মনোনীত সদস্য আছিল।
আৰম্ভণিৰ জীৱন
১৯১৯ চনৰ ২৯ মাৰ্চত হাইদৰাবাদ, অন্ধ্ৰপ্ৰদেশতমাৰ্জাৰীৰ জন্ম হৈছিল৷ তেওঁ অছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে।১
কৰ্মজীৱন
এগৰাকী শিক্ষাবিদ হিচাপে গডফ্ৰেই ১৭ বছৰ ধৰি পৰীক্ষা আৰু নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত অধীক্ষক হিচাপে কাম কৰিছিল।২ তেওঁ হায়দৰাবাদৰ দ্য কেথলিক এছ'চিয়েচন প্ৰতিষ্ঠা কৰিছিল।৩ তেওঁ পঞ্চম লোকসভাৰ বাবে মনোনীত হোৱা দুগৰাকী এংলো-ইণ্ডিয়ান সদস্যৰ ভিতৰত অন্যতম আছিল৷ তেওঁ ১৯৭১ চনত মনোনয়ন পাইছিল।৪ ইয়াৰ পূৰ্বে তেওঁ চাৰি বছৰ ধৰি অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ মনোনীত সদস্য আৰু সৰ্বভাৰতীয় এংলো-ইণ্ডিয়ান সংস্থাৰ উপ-সভাপতি আছিল।২
গডফ্ৰেই কেন্দ্ৰীয় সমাজ কল্যাণ পৰামৰ্শদাতা পৰিষদতো কাৰ্যনিৰ্বাহ কৰিছিল আৰু এংলো-ইণ্ডিয়ান শিক্ষাৰ আন্তঃৰাজ্যিক ব’ৰ্ডত অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰিছিল।১
ব্যক্তিগত জীৱন
১৯৪৯ চনৰ ১০ জানুৱাৰীত মাৰ্জাৰীৰ এলেন গডফ্ৰেৰ সৈতে বিবাহ হয়। দম্পতীটোৰ দুটা সন্তান আছিল।১ ২০০৩ চনৰ ২৭ অক্টোবৰত তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ কাৰণ হৃদযন্ত্ৰৰ প্ৰক্ৰিয়া বন্ধ হৈ তেওঁ মৃত্যুমুখত পৰিছিল৷ তেওঁৰ মৃত্যুত অন্ধ্ৰ প্ৰদেশ কাউন্সিল অৱ চাৰ্চ আৰু দ্য কেথলিক এছ'চিয়েচন অৱ হায়দৰাবাদে শোক প্ৰকাশ কৰে।৩
তেওঁৰ কন্যা ডেলা গডফ্ৰেও অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক বিধানসভাৰ মনোনীত সদস্য আছিল।৩
তথ্যসূত্ৰ
- ↑ Members Bioprofile: Godfrey, Shrimati মাৰ্জাৰী. লোকসভা
- ↑ তেৰদশ লোকসভা: অধিবেশন ১৪ তাৰিখ: 05-12-2003. লোকসভা
- ↑ (2003-10-28). মাৰ্জাৰী গডফ্ৰেৰ মৃত্যু. The.. হিন্দু
- ↑ (1971). Careers Digest. পৃ. 622
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্জাৰী গডফ্ৰে” প্ৰবন্ধৰ সংশোধন ৪৭৫৪৭৫ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।