ভাৱনা চিখালিয়া (Bhavna Chikhalia; ১৪ ফেব্ৰুৱাৰী ১৯৫৫ – ২৮ জুন ২০১৩) ২০০৩ চনৰ পৰা ২০০৪ চনলৈকে ভাৰত চৰকাৰৰ সংসদীয় পৰিক্ৰমা, পৰ্যটন আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী আছিল৷ তেওঁ গুজৰাটৰ জুনাগড় সমষ্টিৰ পৰা (১৯৯১ চনৰ পৰা ২০০৪ চনলৈ) একেৰাহে চাৰিটা কাৰ্যকাল লোকসভাত জয়ী হোৱা গুজৰাটৰ প্ৰথমগৰাকী মহিলা। ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ সংসদীয় শাখাৰ কাৰ্যবাহী সম্পাদিকা, ১৯৯৮ চনত দলৰ হুইপ আৰু পাৰ্টিৰ উপ-সভানেত্ৰী আছিল। ১৯৯৯–২০০২ চনৰ ভিতৰত তেওঁ ৰেলৱে কনভেনচন কমিটীৰ অধ্যক্ষ আছিল।১
ৰাজনৈতিক জীৱন
উকীল (B.Com., L.L.B.) হিচাপে পেছা আৰম্ভ কৰি ভাৱনা চিখালিয়াই সমাজকৰ্মী হিচাপে কাম কৰি আহিছে। ১৯৯১ চনত জুনাগড় সমষ্টি, গুজৰাটৰ পৰা তেওঁ দশম লোকসভাত প্ৰথমবাৰৰ বাবে সংসদ সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৯৩ চনত তেওঁ বিজেপিৰ সংসদীয় শাখাৰ কাৰ্যবাহী সম্পাদিকা হয়। ১৯৯৬ চনত একাদশ লোকসভাৰ সংসদ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হয়। ১৯৯৬–৯৭ চনত ৰে'লৱে মন্ত্ৰালয়ৰ চৰকাৰী নিশ্চয়তা, যোগাযোগ আৰু পৰামৰ্শদাতা সমিতিৰ সক্ৰিয় সদস্য হয়। ১৯৯৮ চনত তৃতীয়বাৰৰ বাবে তেওঁ দ্বাদশ লোকসভাৰ সংসদ সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৯৮–২০০০ চনত তেওঁ ৰাষ্ট্ৰীয়বিজেপি মহিলা মৰ্চাৰ উপ-সভানেত্ৰী আৰু ১৯৯৯–২০০২ চনত ৰেলৱে অধিৱেশন সমিতিৰ অধ্যক্ষ আছিল।২
১৯৯৯ চনৰ ১৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী অটল বেহাৰী বাজপেয়ীৰ নেতৃত্বত বিজেপি মিত্ৰজোঁট চৰকাৰে লোকসভাত (ভাৰতৰ নিম্ন সদন) আস্থা ভোট লাভ কৰিবলৈ ব্যৰ্থ হয়৷ চৰকাৰৰ মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ – অল ইণ্ডিয়া আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগম (এডিএমকে)ৰ প্ৰত্যাহাৰৰ বাবে তেওঁলোকে ঈপ্সিত ভোট লাভ কৰিবলৈ সমৰ্থ নহ'ল। বিৰোধী আৰু সৰ্ববৃহৎ বিৰোধী দল (ভাৰতীয় জাতীয় কংগ্ৰেছ)ৰ নেত্ৰী হিচাপে ছোনিয়া গান্ধীয়ে লোকসভাত কৰ্মক্ষম সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰাকৈ বৃহৎ দলৰ মিত্ৰজোঁট গঠন কৰিবলৈ সক্ষম নহ’ল। এইদৰে অনাস্থা প্ৰস্তাৱৰ কিছু সময়ৰ পিছতে ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে সংসদ ভংগ কৰি নতুন নিৰ্বাচন আহ্বান কৰে। সেই বছৰৰ শেষৰ ফালে ১৯৯৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱালৈকে অটল বেহাৰী বাজপেয়ী কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰী হৈ আছিল।
১৯৯৯ চনৰ উপ-নিৰ্বাচনত চিখলিয়াই একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হৈ চাৰিবাৰকৈ সংসদ সদস্য হিচাপে নিৰ্বাচিত হোৱা গুজৰাটৰ পৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়। ২০০০ চনত সৰ্বভাৰতীয় বিজেপিৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়তে তেখেতে ২০০০ চনত ৰাষ্ট্ৰীয় সমবায় গৃহ নিৰ্মাণ ফেডাৰেচনৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পাঁচ বছৰ ধৰি গুজৰাট ৰাজ্যিক গৃহ নিৰ্মাণ বিত্ত নিগমৰ তেওঁ অধ্যক্ষ আছিল। তেখেতক পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়, আৰু বিজেপি নেত্ৰী সুষমা স্বৰাজৰ সৈতে সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ পদতো অধিষ্ঠিত হয়। ২০০৩ চনৰ জানুৱাৰী মাহৰ পৰা ২০০৪ চনৰ মে’ মাহলৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল৷ পাছত এনডিএ চৰকাৰ নিৰ্বাচনত পৰাস্ত হৈছিল।
২০১৩ চনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চিখালিয়াৰ মৃত্যু হয়।৩
বাহ্যিক সংযোগ
- Entry on Mrs.Bhavna Chikhalia at the official Indian Parliament website
- Mrs. Bhavna Chikhalia as a Chairperson of Railway Convention Committee
- Embassy of India and INDIA-CROATIA RELATIONS
- Mrs. Bhavna Chikhalia in Festival of India & Bhutan
- News Link on Mrs. Bhavna Chikhalia
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৱনা চিখালিয়া” প্ৰবন্ধৰ সংশোধন ৪৭৫২৪৩ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।