মহুৱা মৈত্ৰ (Mahua Moi̯tra; জন্ম ১২ অক্টোবৰ ১৯৭৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন বিনিয়োগ বেংকাৰ১।২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত কৃষ্ণনগৰৰ পৰা তেওঁ তৃণমূল কংগ্ৰেছ (টিএমচি) দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰি ২০১৯ চনৰ পৰা ২০২৩ চনত বহিষ্কাৰ নোহোৱালৈকে লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ পুনৰ সদনলৈ নিৰ্বাচিত হয়।২ ভাৰতীয় সংসদত দিয়া ‘Early signs of fasicism’ভাষণৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ ওপৰত দৃষ্টি আবদ্ধ হৈছিল।৩
মৈত্ৰই ২০১৬ চনৰ পৰা ২০১৯ চনলৈ কৰিমপুৰক প্ৰতিনিধিত্ব কৰি পশ্চিমবংগ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল,৪ আৰু তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৩ চনৰ ১৩ নৱেম্বৰত মৈত্ৰক কৃষ্ণনগৰ (নাদিয়া উত্তৰ)ৰ তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি হিচাপে নিযুক্তি দিয়া হয়। ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে তেওঁ জে পি মৰ্গান চেজৰ বিনিয়োগ বেংকাৰ আছিল।৫এনআইচি পৰ্টেলৰ লগইন আৰু পাছৱৰ্ড ভাগ-বতোৱাৰা কৰাৰ বাবে নগদ প্ৰশ্নৰ গোচৰত লোকসভা নৈতিকতা সমিতিৰ পৰামৰ্শৰ পিছত ২০২৩ চনৰ ৮ ডিচেম্বৰত মৈত্ৰক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰি বহিষ্কাৰ কৰা হয়।৬৭
প্ৰাথমিক জীৱন
অসমৰ কাছাৰ জিলাৰ লাবাকত ১৯৭৪ চনৰ ১২ অক্টোবৰত দ্বীপেন্দ্ৰ লাল মৈত্ৰৰ ঘৰত মৈত্ৰৰ জন্ম হয়। তেওঁৰ ঘৰ বাঙালী হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ আৰু তেওঁৰ এগৰাকী ভগ্নী আছে।৮৯
মৈত্ৰ কলিকতাৰ গোখলে সোঁৱৰণী বালিকা বিদ্যালয়লৈ গৈছিল। ১৯৯৮ চনত আমেৰিকাৰ মেছাচুচেটছৰ মাউণ্ট হলিয়ক কলেজ চাউথ হেডলীৰ পৰা অৰ্থনীতি আৰু গণিতত স্নাতক ডিগ্ৰী লাভ কৰে।.১০
মৈত্ৰই নিউয়ৰ্ক চহৰ আৰু লণ্ডনত জে পি মৰ্গান চেজৰ বিনিয়োগ বেংকাৰ হিচাপে কাম কৰিছিল।১১
ৰাজনৈতিক জীৱন
২০০৯ চনত লণ্ডনৰ জে পি মৰ্গান চেজৰ উপ-সভাপতিৰ পদ এৰি ভাৰতীয় ৰাজনীতিত প্ৰৱেশ কৰে।১১ ইয়াৰ পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যুৱ শাখা ভাৰতীয় যুৱ কংগ্ৰেছত যোগদান কৰে য'ত তেওঁ "আম আদমি কা চিপাহী" প্ৰকল্পত ৰাহুল গান্ধীৰ অন্যতম বিশ্বাসযোগ্য ব্যক্তি আছিল।১২ ২০১০ চনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দললৈ যায়।১১ ২০১৬ চনত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত পশ্চিম বংগৰ নাদিয়া জিলাৰ কৰিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।১১ তেওঁ পশ্চিম বংগৰ কৃষ্ণনগৰৰ পৰা ১৭ সংখ্যক লোকসভালৈ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।১৩১৪
২০২১ চনৰ ১৩ নৱেম্বৰত ২০২২ চনৰ গোৱা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে দলটোক প্ৰস্তুত কৰিবলৈ টিএমচি দলৰ গোৱা ইন-চাৰ্জ হিচাপে নিযুক্তি দিয়া হয়।১৫
২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৪৪,০০০+ ভোটৰ ব্যৱধানত তেওঁ জয়ী হৈছিল আৰু নিৰ্ণায়ক জয়ৰে সংসদলৈ উভতি আহে।১৬
ব্যক্তিগত জীৱন
মৈত্ৰৰ বিবাহ ডেনিছ বিত্তীয় ব্যক্তি লাৰ্ছ ব্ৰ'ৰছনৰ সৈতে হৈছিল আৰু পিছত তেওঁৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল।১৭ প্ৰায় তিনি বছৰ ধৰি অধিবক্তা জয় অনন্ত দেহাদ্ৰাইৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল।১৮১৯
তথ্যসূত্ৰ
- ↑ (27 June 2019). Who is Mahua Moitra?. The Indian Express
- ↑ (23 May 2019). Election Results 2019: Privacy Warrior Mahua Moitra Wins West Bengal's Krishnanagar. HuffPost
- ↑ (6 June 2024). Bullish Wins & Bearish Losses: Here are the key contests and results of 2024 Lok Sabha polls. Economic Times
- ↑ West Bengal 2016 Mahua Moitra (Winner) Karimpur. MyNeta
- ↑ Ex-investment banker Mahua Moitra has assets of over Rs 2.5 cr. India Today
- ↑ Sharm, Nonika. (8 December 2023). Parliament Winter Session LIVE Updates: Lok Sabha Expels Trinamool MP Mahua Moitra, House Adjourned. NDTV
- ↑ Phukan, Sandeep. (8 December 2023). Mahua Moitra expelled from Lok Sabha after cash for query allegation. The Hindu
- ↑ Mahua Moitra| National Portal of India
- ↑ Yadav, Puneet Nicholas. (28 June 2019). BJP Succeeded In Creating Impression Of 'Nameless, Faceless Enemy' Coming For Hindus: Mahua Moitra. Outlook
- ↑ Feuerstein, Christian. (9 May 2021). Mahua Moitra '98 speech decries fascism. Mount Holyoke College
- ↑ Bhattacharya, Ravik. (11 May 2010). Key Youth Cong face in Bengal flirts with Trinamool. Indian Express Archives
- ↑ De, Shobhaa. (29 June 2019). India is 'drunk' on Mahua: A political star is born. The Asian Age
- ↑ Winner and Runner up Candidate in Karimpur assembly constituency. Elections.in
- ↑ Mahua Moitra Karimpur. NDTV
- ↑ (13 November 2021). TMC appoints Mahua Moitra as party's Goa in-charge ahead of Assembly polls. The Indian Express
- ↑ (4 June 2024). Lok Sabha Election 2024: After expulsion, Mahua Moitra set to return to Parliament with a bang. The Times of India
- ↑ (4 July 2019). Interview of Mahua Moitra by Sheela Bhatt, NewsX, 4 July 2019. NewsX
- ↑ शुक्ला, अमित. (24 October 2023). महुआ मोइत्रा के 'एक्स' किसे कर रहे हैं Miss, पोस्ट किया पुराना वीडियो जब साथ था वो. Navbharat Times
- ↑ Rajpurohit, Shivnarayan. (18 October 2023). Mahua Moitra's 'jilted ex', former ToI columnist, lawyer: Who is Jai Anant Dehadrai?. Newslaundry
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহুৱা মৈত্ৰ” প্ৰবন্ধৰ সংশোধন ৪৭৭০১৮ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।