ভাৰতী প্ৰবীণ পাৱাৰ (Bharati Pravin Pawar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ তেওঁ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী১ হিচাপে কৰ্মনিৰ্বাহ কৰিছে৷ পুনৰ ২০২৩ চনৰ ৭ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ জনজাতি পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য৷
২০১৯ চনত তেওঁ লোকমত মিডিয়া গোষ্ঠীৰ পৰা শ্ৰেষ্ঠ মহিলা সংসদ সদস্যৰ সন্মান লাভ কৰিছে৷২৩
প্ৰাথমিক জীৱন
১৯৭৮ চনৰ ১৩ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ নাশিকৰ আদিবাসী অঞ্চলৰ নাৰুল-কালৱানত ভাৰতী পাৱাৰৰ জন্ম হৈছিল।৪৫প্ৰবীণ পাৱাৰৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়।
তেওঁ প্ৰাক্তন মন্ত্ৰী অৰ্জুন তুলশীৰাম পাৱাৰৰ বোৱাৰী।৬৭৮৯
শিক্ষা
পাৱাৰে ২০০২ চনত১০ এন.ডি.এম.ভি.পি.ৰ মেডিকেল কলেজ, নাচিকৰ পৰা এম বি বি এছ লাভ কৰে।৫
ৰাজনৈতিক জীৱন
ভাৰতী পাৱাৰে জিলা পৰিষদৰ সদস্য হিচাপে নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰে।৫ ২০১৪ চনত জাতীয়তাবাদী কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল।১১ ২০১৯ চনত পুনৰ প্ৰাৰ্থীত্বৰ বাবে অনুৰোধ জনাইছিল যদিও জাতীয়তাবাদী কংগ্ৰেছ দলে তেওঁৰ অনুৰোধ নাকচ কৰে। ২০১৯ চনত তেওঁ বিজেপিত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছত তেওঁ নিৰ্বাচনত জয়ী হয়।১২
তেওঁৰ শহুৰেক একে অঞ্চলৰ পৰা ৮ বাৰৰ বিধায়ক আছিল আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰথম দেশমুখ মন্ত্ৰালয়ত জনজাতীয় কল্যাণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৩
তথ্যসূত্ৰ
- ↑ (8 July 2021). Cabinet Reshuffle: The full list of Modi's new ministers and what they got. The Economic Times
- ↑ (2019-12-10). Lokmat Parliamentary Awards 2019: Winners. Lokmat English
- ↑ Who Is Dr Bharati Pawar? Female Leaders In Modi's Cabinet
- ↑ (7 July 2021). भारती पवारांमुळे नाशिकला पहिल्यांदाच दिल्लीत मानाचे पान!. www.sarkarnama.in
- ↑ Members Profile. Parliament of India
- ↑ (24 May 2019). Lok Sabha Election Results 2019: Girish Mahajan proves mettle in North Maharashtra. DNA News
- ↑ (22 March 2019). LS polls: NCP's Bharati Pawar, Congress' Pravin Chheda join BJP. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Shrutika Sukhi & Nishikant Karlikar. (27 April 2019). Dynasty dominates in candidate selection as all parties nominate kins. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (8 July 2021). Dr Bharati Pawar becomes 1st Union minister from Nashik. United News of India
- ↑ (2021-07-08). राजकीय हुशारीने पवारांनी काबीज केली दिल्ली; जाणून घ्या! डॉ. भारती पवार ते मंत्री पवार होण्याचा प्रवास. www.timesnowmarathi.com
- ↑ (2019-05-23). Lok Sabha Elections Results 2019: BJP-Sena Alliance Triumphs Over Maharashtra. India News, Breaking News · India.com
- ↑ (7 July 2021). जिल्हा परिषद सदस्या ते केंद्रीय मंत्री! डॉ. भारती पवार यांची थक्क करणारी झेप. eSakal - Marathi Newspaper
- ↑ (May 11, 2017). 8-time MLA, ex-minister A T Pawar passes away. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতী পাৱাৰ” প্ৰবন্ধৰ সংশোধন ৪৭৭৬৮৬ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।