অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মালিনী ভট্টাচাৰ্য

ড° মালিনী ভট্টাচাৰ্য Malini Bhattacharya) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰে৷ তেওঁ পশ্চিম বংগৰ যাদৱপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।

হালনাগাদ: ১৭ জুন ২০২৫ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ড° মালিনী ভট্টাচাৰ্য Malini Bhattacharya) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰে৷ তেওঁ পশ্চিম বংগৰ যাদৱপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।১২৩

তেওঁ এগৰাকী লেখিকা, পণ্ডিত, অনুবাদক, নাট্যকাৰ আৰু মহিলা আন্দোলনৰ কৰ্মী৷ ইয়াৰ লগতে তেওঁ ইংৰাজী বিষয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন বিদ্যালয়ৰ প্ৰাক্তন পৰিচালক। তেওঁ কলিকতাৰ প্ৰেচিদেন্সী কলেজৰ পৰা পঢ়া-শুনা কৰিছে৷ তেওঁ ১৯৮৯ চনৰ পৰা ১৯৯৬ চনলৈকে লোকসভাত নিজৰ দলক প্ৰতিনিধিত্ব কৰিছিল৷ ৪৫৬

মালিনী ভট্টাচাৰ্য মহিলা আন্দোলনৰ এগৰাকী সুপৰিচিত কৰ্মী, আৰু সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থাৰ সভানেত্ৰী।৭

তথ্যসূত্ৰ

  1. ↑ Lok Sabha Members Bioprofile Malini Bhattacharya. লোকসভা
  2. ↑ (1996). Lok Sabha Debates. Lok Sabha Secretariat. পৃ. 211
  3. ↑ (2003). Mainstream. N. Chakravartty. পৃ. 30
  4. ↑ BHATTACHARYA, MALINI. On being a woman in Parliament. Frontline
  5. ↑ RAJALAKSHMI, T. K. Reinventing violence. Frontline
  6. ↑ (2018-03-07). ৮ই মার্চ ও যৌথ আন্দোলনের কিছু ফসল. Ebong Alap / এবং আলাপ
  7. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদৰাজনৈতিক ক্ষেত্ৰত নাৰীসাহিত্যিকঅনুবাদকসমাজকৰ্মীনাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালিনী ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫১৮৬৯৭ (১৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।