মডেল
২১৯ প্ৰবন্ধ
-
ইউলিয়া পলিয়াচিখিনা
ইউলিয়া চাৰ্গেয়েভনা পলিয়াচিখিনা (ইংৰাজী: Yulia Sergeyevna Polyachikhina; জন্ম: ৬ ফেব্ৰুৱাৰী ২০০০) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৮-ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৮ ত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিছিল যদিও কোনো স্থান লাভ কৰিবলৈ সমৰ্থ নহ’ল।
-
ইয়াছমিন ৱাইনালডাম
ইয়াছমিন ৱাইনালডাম (জন্ম ১০ জুলাই ১৯৯৮) এগৰাকী ডাচ ফেশ্বন মডেল। তেওঁ নিজৰ আত্মবিশ্বাসী ৰানৱে ৱাকৰ বাবে পৰিচিত।
-
ইৰিনা এণ্টোনেংকো
ইৰিনা এণ্টো (এণ্টোনেংকো) (ইংৰাজী: Irina Anto (Antonenko); জন্ম: ১ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ৰাছিয়ান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১০ ৰ মুকুট লাভ কৰিছিল।
-
ঈশা কোপ্পিকাৰ
ঈশা কোপ্পিকাৰ (Isha Koppikar; জন্ম:- ১৯ ছেপ্টেম্বৰ ১৯৭৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ আৰু মডেল যি মূলতঃ হিন্দী ছবিত অভিনয় কৰিছে৷ ইয়াৰ লগতে তেওঁ তামিল, কানাড়া, তেলেগু, আৰু মাৰাঠী ছবিতো অভিনয় কৰিছে।
-
উষা খড্গী
উষা খড্গী (নেপালী: उषा खड्गी; ইংৰাজী: Usha Khadgi) এগৰাকী নেপালী মডেল, টেলিভিছন পৰিচালিকা, সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু ব্যৱসায়ী। ২০০০ চনত তেওঁ সপ্তম মিছ নেপালৰ খিতাপ লাভ কৰিছিল। ২০২২ চনৰ পৰা তেওঁ নিউজ ২৪ চেনেলত আমা নামৰ এখন টক শ্ব’ৰ চতুৰ্থ ছিজনৰ আঁত ধৰিবলৈ আৰম্ভ কৰে।
-
উষা ৰজক
উষা ৰজক (নেপালী: उषा रजक; জন্ম: ১৮ অক্টোবৰ ১৯৮৫) এগৰাকী নেপালী অভিনেত্ৰী, মডেল, পেষ্ট্ৰি চেফ আৰু ২০০৬ চনৰ ৱৰ্ল্ড মিছ ইউনিভাৰ্চিটিত নেপালৰ প্ৰতিনিধি। ৰজকে মিচেছ নেপাল ইণ্টাৰনেশ্যনেল ২০২১ খিতাপো অৰ্জন কৰিছিল।
-
উৰ্ফি জাভেড
উৰ্ফি জাভেদ এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। এ এল টি বালাজীত প্ৰচাৰিত "বৰে ভৈয়া কী দুলহানিয়া" ধাৰাবাহিকত অবনী পন্তৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তদুপৰি ব্যতিক্ৰমী সাজ-সজ্জাৰ বাবে তেওঁ সততে চৰ্চাত থকা দেখা যায়।
-
উৰ্বশী গোৰিয়া
উৰ্বশী দেৱী গোৰিয়া (জন্ম: ৮ জানুৱাৰী ১৯৯৯) এগৰাকী মৰিছিয়ান মডেল, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, যিয়ে মিছ মৰিছাছ ২০১৮ উপাধি লাভ কৰিছিল। তেওঁ মৰিছিয়াছক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিছিল আৰু ইউনিচেফত VOY হিচাপে সক্ৰিয় সদস্য।
-
এড্ৰিয়ানা লিমা
এড্ৰিয়ানা লিমা (জন্ম ১২ জুন ১৯৮১) এগৰাকী ব্ৰাজিলীয় মডেল। তেওঁ ২০০০ চনৰপৰা ২০১৮ চনলৈ ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল হিচাপে কৰ্মৰত আছিল, আৰু ১৯৯৯ চনত ভিক্টোৰিয়াছ ছিক্ৰেট ফেশ্বন শ্ব'ত প্ৰথম উপস্থিত হয়। তেওঁ এই ব্ৰেণ্ডৰ আটাইতকৈ দীঘলীয়া সময় ধৰি কাম কৰা এঞ্জেল আৰু মডেল।
-
এণ্টিছাৰ আল-হাম্মাদি
এণ্টিছাৰ আল-হাম্মাদি (আৰবী: إنتصار الحمادي) (জন্ম ২৫ জানুৱাৰী ২০০১) এগৰাকী য়েমেনী অভিনেত্ৰী আৰু মডেল।
-
এনালাইন মেককৰ্ড
এনালাইন মেককৰ্ড (ইংৰাজী: AnnaLynne McCord; জন্ম: ১৬ জুলাই, ১৯৮৭) ২০০৮ চনৰপৰা ২০১৩ চনলৈ তেওঁ ৯০২১০ ধাৰাবাহিকত নাওমি ক্লাৰ্কৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২৪ চনত তেওঁ ডেজ অফ আৱাৰ লাইভছৰ অভিনয় শিল্পীৰ দলত যোগদান কৰে আৰু ইয়াৰ বাবে তেওঁ ডে-টাইম এমি বঁটাৰ মনোনয়ন লাভ কৰে।
-
এমা ৰবাৰ্টছ
এমা ৰোজ ৰবাৰ্টছ (ইংৰাজী: Emma Roberts; জন্ম: ১০ ফেব্ৰুৱাৰী, ১৯৯১) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু প্ৰযোজক। চলচ্চিত্ৰ আৰু টেলিভিছনৰ বিভিন্ন ধাৰাত তেওঁৰ অভিনয়ৰ বাবে পৰিচিত, বিশেষকৈ ভয়ানক আৰু থ্ৰিলাৰ ধাৰাত তেওঁৰ কামে তেওঁক এগৰাকী "চিঞৰ ৰাণী" হিচাপে প্ৰতিষ্ঠা কৰিছে।
-
এমি মেঘেৰা
এমি মেঘেৰা (পূৰ্বৰ নাম অমৃত মেঘেৰা) এগৰাকী ব্ৰিটিছ মডেল আৰু অভিনেত্ৰী, যিয়ে হিন্দী, ইংৰাজী আৰু পঞ্জাবী ছবিত কাম কৰে। ২০১৫ চনৰপৰা ২০১৭ চনলৈকে তেওঁ ব্ৰিটিছ ধাৰাবাহিক হলিঅ’ক্সত নীতা কৌৰৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
এমিলিয়া ক্লাৰ্ক
এমিলিয়া ক্লাৰ্ক (Emilia Clarke; জন্ম: ২৩ অক্টোবৰ ১৯৮৬) এগৰাকী ইংৰাজ অভিনেত্ৰী। এইচবিঅ’ৰ ফেণ্টাচী ধাৰাবাহিক গেম অফ থ্ৰোনছ (২০১১–২০১৯)-ত ডেনৰিছ টাৰ্গেৰিয়ান চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ অধিক পৰিচিত। এই চৰিত্ৰটোৰ বাবে তেওঁ চাৰিবাৰকৈ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছিল।
-
এলমিৰা আবদ্ৰাজাকোভা
এলমিৰা ৰাফাইলভনা আবদ্ৰাজাকোভা (ইংৰাজী: Elmira Rafailovna Abdrazakova; জন্ম: ৭ অক্টোবৰ ১৯৯৪) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৩ ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৩ আৰু মিছ ৱৰ্ল্ড ২০১৩ প্ৰতিযোগিতাত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিছিল।
-
এলিনা শাম্মী
এলিনা শাম্মী (ইংৰাজী: Elina Shammi) এগৰাকী বাংলাদেশী মডেল, ঘোষিকা আৰু অভিনেত্ৰী। ২০১৪ চনত শ্বাহ আলম কিৰণৰ ৭১-এৰ মা জননী চলচ্চিত্ৰৰ জৰিয়তে তেওঁ আত্মপ্ৰকাশ কৰে। তেওঁ মূলতঃ প্ৰিয়তমা আৰু মুজিব: এটা জাতিৰ ৰূপকাৰ (Mujib: The Making of a Nation) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
এলেচিয়া ৰাউত
এলেচিয়া ৰাউত (ইংৰাজী: Alesia Raut) এগৰাকী ভাৰতীয় মডেল, ভিজে আৰু ফেশ্বন কৰিঅ’গ্ৰাফাৰ। তেওঁ ষ্টাৰ ৱান চেনেলৰ এটা ভ্ৰমণ বিষয়ক অনুষ্ঠানৰ আঁত ধৰিছিল। তেওঁ টিভি ৰিয়েলিটি শ্ব’ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী (চতুৰ্থ ছিজন)ৰ এগৰাকী প্ৰতিযোগী আছিল।
-
এলেছেন্দ্ৰা এমব্ৰোচিঅ’
এলেছেন্দ্ৰা কৰিন এমব্ৰোচিঅ’ (ইংৰাজী: Alessandra Ambrosio; জন্ম: ১১ এপ্ৰিল ১৯৮১) এগৰাকী ব্ৰাজিলিয়ান মডেল। তেওঁ ভিক্টোৰিয়াছ ছিক্ৰেটৰ সৈতে কৰা কামৰ বাবে পৰিচিত আৰু কোম্পানীটোৰ 'পিংক' লাইনৰ প্ৰথমগৰাকী মুখপাত্ৰ মডেল হিচাপে নিৰ্বাচিত হৈছিল।
-
এৰিন মেকনাট
এৰিন মেকনাট (ইংৰাজী: Erin McNaught; জন্ম: ২২ মে' ১৯৮২) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, অভিনেত্ৰী, ঘোষিকা, দূৰদৰ্শন ব্যক্তিত্ব আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।
-
এৰিন হোলেণ্ড
এৰিন ভিক্টোৰিয়া হোলেণ্ড (ইংৰাজী: Erin Victoria Holland; জন্ম: ২১ মাৰ্চ ১৯৮৯) এগৰাকী অষ্ট্ৰেলিয়ান গায়িকা, টেলিভিছন ঘোষিকা, মডেল, নৃত্যশিল্পী, দানশীল কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৩ চনৰ ২০ জুলাইত মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়া খিতাপ অৰ্জন কৰিছিল।
-
কাথাৰিণা মাজেপা
কাথাৰিণা মাজেপা (ইংৰাজী: Katharina Mazepa; জন্ম: ১৯ আগষ্ট ১৯৯৫) এগৰাকী অষ্ট্ৰিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ ভিয়েনা খিতাপ জয় কৰি চৰ্চালৈ আহিছিল। কাথাৰিণা মাজেপা বৰ্তমান এগৰাকী আন্তঃৰাষ্ট্ৰীয় মডেল হিচাপে বিশ্বৰ বিভিন্ন আগশাৰীৰ ফেশ্বন ব্ৰেণ্ডৰ সৈতে কাম কৰি আহিছে।
-
কাৰ্লা বাৰ্বাৰ
কাৰ্লা বাৰ্বাৰ গাৰ্চিয়া (ইংৰাজী: Carla Barber Garcia; জন্ম: ১৮ মে' ১৯৯০) এগৰাকী স্পেনিছ চিকিৎসক, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ স্পেইন ২০১৫ আৰু মিছ ৱৰ্ল্ড স্পেইন ২০১১ৰ মুকুট লাভ কৰিছিল।
-
কেট আপ্টন
কেট আপ্টন (জন্ম নাম: কেথৰিন এলিজাবেথ আপ্টন; ইংৰাজী: Katherine Elizabeth Upton; জন্ম: ১০ জুন, ১৯৯২) এগৰাকী আমেৰিকান মডেল আৰু অভিনেত্ৰী। তেওঁ প্ৰথমবাৰৰ বাবে ২০১১ চনত স্পৰ্টছ ইলাষ্ট্ৰেটেড ছুইমছুট ইশ্যুত উপস্থিত হয়। ২০১২, ২০১৩ আৰু ২০১৭ চনৰ সংস্কৰণসমূহত তেওঁ কভাৰ মডেল হিচাপে প্ৰকাশ পাইছিল।
-
কেডিষ্ট ডেল্টুৰ
কেডিষ্ট ডেল্টুৰ (জন্ম: ২৯ জুলাই ১৯৯৭) এগৰাকী বেলজিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ বেলজিয়াম ২০২১ ৰ মুকুট লাভ কৰিছিল। তেওঁ ২০২৪ চনৰ ৯ মাৰ্চত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
-
কেণ্ডাল জেনাৰ
কেণ্ডাল নিকোল জেনাৰ (জন্ম: ৩ নৱেম্বৰ, ১৯৯৫) এগৰাকী আমেৰিকান মডেল, সামাজিক ব্যক্তিত্ব আৰু মিডিয়া ব্যক্তিত্ব। তেওঁ বাস্তৱধৰ্মী টেলিভিছন অনুষ্ঠান কিপিং আপ উইথ দা কাৰ্ডাশিয়ানছ-ৰ জৰিয়তে খ্যাতি লাভ কৰে। ২০০৭ চনৰপৰা ২০২১ চনলৈ ২০টা ছিজনত প্ৰায় ১৫ বছৰ ধৰি তেওঁ এই অনুষ্ঠানত অভিনয় কৰে।
-
কেণ্ডিচ বুচাৰ
কেণ্ডিচ বুচাৰ (ইংৰাজী: Candice Boucher) এগৰাকী দক্ষিণ আফ্ৰিকান মডেল আৰু অভিনেত্ৰী। ২০১০ চনত বুচাৰ প্লেবয় আৰু স্পৰ্টছ ইলাষ্ট্ৰেটেড আলোচনীৰ বেটুপাতত স্থান লাভ কৰিছিল। ২০১১ চনত তেওঁ বলিউডৰ ছবি আজানত অভিনয় কৰিছিল।
-
কেণ্ডিচ স্বানেপোৱেল
কেণ্ডিচ চুজান স্বানেপোৱেল (ইংৰাজী: Candice Susan Swanepoel; জন্ম: ২০ অক্টোবৰ ১৯৮৮) এগৰাকী দক্ষিণ আফ্ৰিকীয় মডেল। তেওঁ মুখ্যত ভিক্টোৰিয়াছ ছিক্ৰেটৰ সৈতে কৰা কামৰ বাবে পৰিচিত। ২০১০ চনত তেওঁ এগৰাকী ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল হৈছিল।
-
কেথাৰিণা চভেনচন
কেথাৰিণা ব্ৰিং (ইংৰাজী: Catharina Brink; জন্ম: ২৭ নৱেম্বৰ ১৯৭৯) এগৰাকী ডেনিছ অধিবক্তা, অশ্বাৰোহী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ বিশ্বৰ প্ৰথমগৰাকী মিছ আৰ্থ (২০০১) হিচাপে পৰিচিত।
-
কেথেৰিন ত্ৰেছা
কেথেৰিন ত্ৰেছা আলেকজেণ্ডাৰ (Catherine Tresa; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ তেলুগু, তামিল, কন্নড় আৰু মালয়ালম চলচ্চিত্ৰত নিজৰ কৰ্মজীৱন প্ৰতিষ্ঠা কৰিছে। ২০১০ চনত শংকৰ আই.পি.এছ. নামৰ ছবিখনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
-
কেথেৰিন হাইগল
কেথেৰিন হাইগল (; জন্ম ২৪ নৱেম্বৰ, ১৯৭৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। ২০০৫ চনৰপৰা ২০১০ চনলৈকে তেওঁ এবিচি টেলিভিছনৰ চিকিৎসা নাটক গ্ৰেজ এনাটমীত ডা° ইজি ষ্টিভেন্সৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ভূমিকাৰ বাবে তেওঁ ২০০৭ চনত নাটক ধাৰাবাহিকত অসাধাৰণ সহযোগী অভিনেত্ৰীৰ বাবে প্ৰাইমটাইম এমি বঁটা লাভ কৰে।