এমি মেঘেৰা (পূৰ্বৰ নাম অমৃত মেঘেৰা) এগৰাকী ব্ৰিটিছ মডেল আৰু অভিনেত্ৰী, যিয়ে হিন্দী ভাষা, ইংৰাজী ভাষা আৰু পঞ্জাবী ভাষা ছবিত কাম কৰে। ২০১৫ চনৰপৰা ২০১৭ চনলৈকে তেওঁ ব্ৰিটিছ ধাৰাবাহিক হলিঅ’ক্সত নীতা কৌৰৰ চৰিত্ৰত অভিনয় কৰিছিল।
কেৰিয়াৰ
মেঘেৰাই কেনি ৱেষ্ট আৰু গানছ এন ৰোজেছৰ দৰে শিল্পীৰ নৃত্যশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মুম্বাইত এখন বলিউড ছবিৰ চেটত বেকগ্ৰাউণ্ড ডান্সাৰ হিচাপে কাম কৰি থকা অৱস্থাত এখন মডেলিং এজেন্সীৰ নজৰত পৰে আৰু ভাৰতৰ আগশাৰীৰ প্ৰসাধন কোম্পানী লেকমেৰ সৈতে ব্ৰেণ্ড এম্বেছেডৰ হিচাপে পাঁচবছৰীয়া চুক্তিত আবদ্ধ হয়। ২০১২ চনৰ ডিচেম্বৰ মাহত ওৱান পাউণ্ড ফিছ মেনৰ ৱান পাউণ্ড ফিছ (£1 Fish) গীতটোত তেওঁ এগৰাকী সহযোগী নৃত্যশিল্পী হিচাপেও অভিনয় কৰিছিল।১ ইয়াৰ পিছতে তেওঁৰ মডেলিং কেৰিয়াৰ আৰম্ভ হয় আৰু তেওঁ সত্য পল, মিছ ছিক্সটি, ল’ৰিয়েল, স্কেচাৰ্ছ, নোকিয়া আৰু অ'লে আদিৰ দৰে স্বনামধন্য ব্ৰেণ্ডৰ কাম কৰাৰ লগতে এলিচন কানুগো আৰু নীতা লুল্লাৰ দৰে ডিজাইনাৰৰ ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰে। ২০১৪ চনত তেওঁ ‘মেড এবাউট ডান্স’ ছবিত অভিনয় কৰাৰ লগতে ছবিখনৰ মূল গীতটোত কণ্ঠদানো কৰিছিল। ইয়াৰ পিছতে গায়ক অমৰিন্দৰ গিলৰ সৈতে ‘গোৰিয়ান নু দাফা কৰো’ নামৰ এখন পঞ্জাবী ছবিত তেওঁক দেখা যায়।
২০১৫ চনৰ এপ্ৰিল মাহত তেওঁ অভিনীত ব্ৰিটিছ-এছিয়ান ছবি ‘অমৰ আকবৰ এণ্ড টনি’ যুক্তৰাজ্যত মুক্তি পায়। ইয়াৰ পিছত তেওঁ ২০১৫ চনৰ ছবি ‘এংগ্ৰী ইণ্ডিয়ান গডেচেছ’ত সন্ধ্যা মৃদুল, তনিষ্ঠা চেটাৰ্জী, চাৰা-জেন ডায়াছ আৰু অনুষ্কা মঞ্চন্দাৰ সৈতে অভিনয় কৰে; যিখন ছবিৰ জৰিয়তে পান নলিনে মূলসুঁতিৰ হিন্দী চিনামাত আত্মপ্ৰকাশ কৰিছিল।২ ২০১৫ চনৰ অক্টোবৰ মাহত মেঘেৰাই চেনেল ৪-ৰ ধাৰাবাহিক ‘হলিঅ’ক্স’ত নীতা কৌৰৰ চৰিত্ৰত যোগদান কৰে। ২০১৭ চনৰ নৱেম্বৰ মাহত তেওঁৰ চৰিত্ৰটোৰ মৃত্যু হোৱাৰ পিছত তেওঁ ধাৰাবাহিকখনৰপৰা বিদায় লয়।৩ তেওঁৰ মৃত্যুৰ দৃশ্যটো ২০১৮ চনৰ ‘ইনচাইড ছোপ’ এৱাৰ্ডছত শ্ৰেষ্ঠ ‘শ্ব’-ষ্টপাৰ’ শিতানত মনোনীত হৈছিল।৪
ব্যক্তিগত জীৱন
২০২১ চনৰ ৩১ মাৰ্চত তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্ট আপলোড কৰি জনাইছিল যে তেওঁ আইনীভাৱে নিজৰ নাম ‘অমৃত’ৰপৰা ‘এমি’লৈ সলনি কৰিছে। তেওঁ উল্লেখ কৰিছিল যে ‘এমি’ তেওঁৰ শৈশৱৰপৰাই এটা মৰমৰ নাম আছিল আৰু তেওঁ নিজৰ মিশ্ৰিত ঐতিহ্য— ভাৰতীয় আৰু শ্বেতাংগ— দুয়োটাৰ বাবে সমানেই "গৌৰৱান্বিত।" তেওঁৰ নামৰ এই পৰিৱৰ্তন কোনো সংস্কৃতিৰপৰা আঁতৰি অহাৰ বাবে নাছিল, কাৰণ তেওঁ পোষ্টটোত এয়াও উল্লেখ কৰিছিল যে তেওঁ মাতৃৰ ভাৰতীয় উপাধি ‘মেঘেৰা’ বৰ্তমানো ব্যৱহাৰ কৰি আছে।৫
তথ্যসূত্ৰ
- ↑ Amrit Maghera. amritmaghera.com
- ↑ Pan Nalin Directs India's First Female Friendship Film, 'Angry Indian Goddesses'. India West
- ↑ Hollyoaks viewers shocked after evil Mac Nightingale drops Neeta Kaur to almost certain death. Daily Mirror
- ↑ Coronation Street tops Inside Soap Awards 2018 shortlist with 18 nominations. Digital Spy
- ↑ Maghera, Amy. (30 March 2021). 30 March 2021 at 19:40. ইনষ্টাগ্ৰাম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমি মেঘেৰা” প্ৰবন্ধৰ সংশোধন ৫৯৮০৯১ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।