এমিলিয়া ক্লাৰ্ক (Emilia Clarke; জন্ম: ২৩ অক্টোবৰ ১৯৮৬) এগৰাকী ইংৰাজ অভিনেত্ৰী। এইচবিঅ’ৰ ফেণ্টাচী ধাৰাবাহিক গেম অফ থ্ৰোনছ (২০১১–২০১৯)-ত ডেনৰিছ টাৰ্গেৰিয়ান চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ অধিক পৰিচিত। এই চৰিত্ৰটোৰ বাবে তেওঁ চাৰিবাৰকৈ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ বিজ্ঞান ভিত্তিক চলচ্চিত্ৰ টাৰ্মিনেটৰ জেনিছিছ (২০১৫)-ত ছাৰা কন্নৰ আৰু চ’ল’: এ ষ্টাৰ ৱাৰ্ছ ষ্ট’ৰী (২০১৮)-ত কিৰা চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। লগতে তেওঁ ৰোমাণ্টিক ড্ৰামা মি বিফ’ৰ ইউ (২০১৬) আৰু লাষ্ট খ্ৰীষ্টমাছ (২০১৯)-ত অভিনয় কৰিছে।
ক্লাৰ্কে ড্ৰামা চেণ্টাৰ লণ্ডনত অধ্যয়ন কৰিছিল। ২০০৯ চনত ২২ বছৰ বয়সত বিবিচি ৱানৰ মেডিকেল ছোপ অপাৰেটৰ ধাৰাবাহিক ডক্টৰ্ছ-ত অতিথি শিল্পী হিচাপে অভিনয় কৰি তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে। ক্লাৰ্কে ২০১৩ চনত ব্ৰেকফাষ্ট এট টিফানিজ নাটকত হলি গোলাইটলি হিচাপে ব্ৰডৱেত আত্মপ্ৰকাশ কৰে আৰু ৱেষ্ট এণ্ডৰ নিৰ্মাণ দ্য ছিগাল-ত নিনাৰ চৰিত্ৰত অভিনয় কৰে। অৱশ্যে ক’ভিড-১৯ লকডাউনৰ বাবে এই নাটকখন স্থগিত ৰখা হৈছিল। তেওঁ মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ মিনি ধাৰাবাহিক চিক্ৰেট ইনভেছন (২০২৩)-ত গিয়া হিচাপেও অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন
১৯৮৬ চনৰ ২৩ অক্টোবৰত লণ্ডনত ক্লাৰ্কৰ জন্ম হৈছিল।১২ তেওঁ অক্সফ’ৰ্ডশ্বায়াৰত ডাঙৰ-দীঘল হৈছিল।৩ তেওঁৰ পিতৃ পিটাৰ ৰডৰিক "ৰিক" ক্লাৰ্ক আছিল উলভাৰহেম্পটনৰ এগৰাকী থিয়েটাৰ শব্দ যন্ত্ৰী।৪৫ তেওঁৰ মাতৃ জেনিফাৰ চুজান ডড ক্লাৰ্ক এগৰাকী ব্যৱসায়ী আছিল আৰু তেওঁ ২০২০ চনলৈকে এটা গোলকীয় ব্যৱস্থাপনা পৰামৰ্শদাতা প্ৰতিষ্ঠানৰ বিপণন শাখাৰ উপ-সভানেত্ৰী তথা ঘানাৰ যুৱক-যুৱতীসকলক সহায় কৰাৰ লক্ষ্যৰে গঠিত স্বেচ্ছাসেৱী সংস্থা 'দ্য এনিমা ফাউণ্ডেচন'ৰ সঞ্চালিকা আছিল। তেওঁৰ বেনেট নামৰ এজন ভায়েক আছে যিয়ে মনোৰঞ্জন উদ্যোগত কাম কৰে আৰু তেওঁ গেম অফ থ্ৰোনছৰ কেমেৰা বিভাগৰ অংশ আছিল।৬৭
মাতৃৰফালৰপৰা ক্লাৰ্ক আংশিকভাৱে ভাৰতীয় বংশোদ্ভূত আছিল, কিয়নো তেওঁৰ মাতামহী (আইতাক) ব্ৰিটিছ ভাৰতৰ এজন ব্যক্তি আৰু ক্লাৰ্কৰ আজী-আইতাকৰ সন্তান আছিল।৮ এই পটভূমিৰ বাবেই তেওঁৰ পৰিয়ালৰ "যুঁজাৰুৰ ইতিহাস" আছে বুলি তেওঁ বিশ্বাস কৰে। তেওঁ উল্লেখ কৰিছিল যে, "মোৰ আইতাকে নিজৰ ছালৰ ৰং লুকুৱাই ৰাখিবলগীয়া হৈছিল আৰু আন সকলোৰে সৈতে মিলি যাবলৈ যি চেষ্টা কৰিবলগীয়া হৈছিল, সেয়া নিশ্চয়কৈ অবিশ্বাস্যভাৱে কঠিন আছিল।" ৯ ক্লাৰ্কে ভাৰতৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱাকৈ আলোচনা কৰিছে আৰু কৈছে যে তেওঁ নিজৰ ভাৰতীয় ঐতিহ্যৰ বাবে গৌৰৱান্বিত আৰু ইয়াক তেওঁৰ পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰে।৮১১০

তিনি বছৰ বয়সত সংগীত নাটক শ্ব’ ব’ট চোৱাৰ পিছত ক্লাৰ্ক অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ পৰে।১১ তেওঁৰ দহ বছৰ বয়সত দেউতাকে তেওঁক নীল চাইমনৰ সংগীত নাটক দ্য গুডবাই গাৰ্লৰ বাবে অনুষ্ঠিত এটা ৱেষ্ট এণ্ড অডিচনলৈ লৈ গৈছিল।১
ক্লাৰ্কে হেডিংটনৰ ৰাই ছেইণ্ট এণ্টনি স্কুল আৰু অক্সফ’ৰ্ডৰ ছেইণ্ট এডৱাৰ্ড স্কুলত ব্যক্তিগতভাৱে শিক্ষা গ্ৰহণ কৰিছিল আৰু ২০০৫ চনত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল।১২ ২০১৬ চনত টাইম আউট আলোচনীক দিয়া এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, "মই দামী আৱাসিক বিদ্যালয়ত পঢ়িছিলোঁ, কিন্তু মই সেই বিদ্যালয়বোৰৰ দামী ছোৱালীজনী নাছিলোঁ।" ১৩
ব্যক্তিগত জীৱন
ক্লাৰ্ক লণ্ডনৰ ইছলিংটনত বাস কৰে। ২০১৬ চনত তেওঁ লছ এঞ্জেলছৰ ভেনিচ বিচ এলেকাত এটা ঘৰ কিনিছিল, যিটো তেওঁ ২০২০ চনৰ ডিচেম্বৰত বিক্ৰী কৰি দিয়ে।১৪১৫
২০১৩ চনত অল্যুৰ আলোচনীক দিয়া এক সাক্ষাৎকাৰত ক্লাৰ্কে উল্লেখ কৰিছিল যে সৰু থাকোঁতে তেওঁৰ মাতৃৰ কিছুমান নিয়ম আছিল: "ড্ৰাগছ নলবা, যৌন সম্পৰ্ক নকৰিবা আৰু ভ্ৰূ (eyebrows) স্পৰ্শ নকৰিবা।" তেওঁ জনাইছিল যে "অস্বাভাৱিক ভ্ৰূ" থকাৰ বাবে সৰুতে তেওঁক বহুতে জোকাইছিল।১৬ তেওঁৰ জীৱনৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি পিতৃৰ ২০১৬ চনত কৰ্কট ৰোগত মৃত্যু হয়।১৭ ক্লাৰ্কে কৈছিল যে "মোৰ দেউতাই সদায় মোক কৈছিল— যাৰ টিভি তেওঁৰ কিতাপৰ আলমাৰীতকৈ ডাঙৰ, তেনে লোকক কেতিয়াও বিশ্বাস নকৰিবা।" ১৮ ২০১৯ চনত দ্য নিউয়ৰ্কিৰত লিখা এটা প্ৰবন্ধত ক্লাৰ্কে প্ৰকাশ কৰে যে ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ এনৰিজম ফাটি যোৱাৰ ফলত ছাবাৰাচনয়ড হেমৰেজে দেখা দিছিল। তেওঁৰ জৰুৰী এণ্ড’ভাস্কুলাৰ কইলিং চাৰ্জাৰী কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ এফাচিয়া (aphasia) ৰোগত ভুগিছিল, যাৰ ফলত এটা সময়ত তেওঁ নিজৰ নামটোও ক’বলৈ অক্ষম হৈ পৰিছিল। ২০১৩ চনত তেওঁৰ দ্বিতীয়বাৰৰ বাবে এনৰিজমৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।১
গেম অফ থ্ৰোনছৰ অন্তিম ছিজনৰ শ্বুটিং সমাপ্ত হোৱাৰ পিছত, ক্লাৰ্কে ডেনৰিছ টাৰ্গেৰিয়ান চৰিত্ৰটোক স্মৰণীয় কৰি ৰাখিবলৈ হাতৰ মণিবন্ধত তিনিটা উৰি থকা ড্ৰেগনৰ টাটু আঁকিছিল।১৯
২০১২ চনৰপৰা ২০১৩ চনলৈ ক্লাৰ্ক চেথ মেকফাৰলেনৰ সৈতে সম্পৰ্কত আছিল।২০২১২২ তেওঁ ২০১৮ চনৰপৰা ২০১৯ চনলৈ চাৰ্লি মেকডুৱেলৰ সৈতেও ডেটিং কৰিছিল।২৩২৪২৫
তথ্যসূত্ৰ
- ↑ Clarke, Emilia. (21 March 2019). A Battle for My Life. The New Yorker
- ↑ (15 October 2018). Celebrity birthdays for the week of Oct. 21-27. Associated Press
- ↑ Marriner, Cosima. (17 May 2018). Emilia Clarke: Life after Game of Thrones. The Sydney Morning Herald
- ↑ (15 June 2015). In Vogue: Emilia Clarke. Vogue
- ↑ (23 May 2018). Emilia Clarke's Father Gave Her This One Piece of Decorating Advice. Architectural Digest
- ↑ (26 July 2017). Emilia Clarke Was Born to Rule. Elle
- ↑ Gawley, Paige. (2 May 2019). Emilia Clarke Reveals Her Brother Works on 'Game of Thrones,' Makes Filming Love Scenes Awkward. Entertainment Tonight
- ↑ Aftab, Kaleem. (21 November 2017). Emilia Clarke in Bloom. Harper's Bazaar
- ↑ Emilia Clarke's Solo Flight. Vanity Fair
- ↑ #People. (3 April 2019). Emilia Clarke once divulged to her mother how Game of Thrones ends. People Magazine
- ↑ Game of Thrones Star Emilia Clarke: I Feel Just Like Khaleesi in Real Life. Now. TI Media
- ↑ (14 February 2011). OSE to star in new HBO drama. St Edward's School
- ↑ Lloyd, Kate. Emilia Clarke on 'Me Before You', 'Game of Thrones' and getting naked onscreen
- ↑ (13 October 2016). Emilia Clarke Purchases Venice Beach Mansion. Curbed. Vox Media
- ↑ Flemming, Jack. (28 December 2020). Emilia Clarke sells Venice stunner for $4.4 million. Los Angeles Times
- ↑ O'Neill, Catherine Quinn. (14 March 2013). Game of Thrones Stunner Emilia Clarke Talks Beauty and Breakfast at Tiffany's. Allure
- ↑ (13 April 2023). Peter Clarke: Uncovering the Truth About Emilia Clarke's Father
- ↑ (11 August 2020). "My father always told me — Never trust anyone whose TV is bigger than their bookshelf" said…
- ↑ Greenberg, Isabel. (20 September 2018). Emilia Clarke Just Got a Game of Thrones Tattoo and It's So Perfect. Harper's Bazaar
- ↑ Fisher, Kendall. (2016). Emilia Clarke Finally Opens Up About Dating Seth MacFarlane. E! News
- ↑ (March 21, 2013). Seth MacFarlane Splits From Emilia Clarke. HuffPost
- ↑ Weiner, Joah. (5 April 2016). Game of Thrones' Emilia Clarke on Her Inner Khaleesi: "I Know I'm Gonna Put the F--king Wig on..and Let Her Refulfill Me". glamour.com. Glamour
- ↑ Bonner, Mehera. (December 22, 2020). Here's What You Need to Know About Emilia Clarke's Dating Life. cosmopolitan.com. COSMOPOLITAN
- ↑ Guglielmi, Jodi. Emilia Clarke and New Boyfriend Charlie McDowell Spotted on Sweet Afternoon Stroll. people.com. People
- ↑ Bailey, Allyssa. (9 November 2018). Emilia Clarke and Charlie McDowell Are Officially On and Kissing in Public. elle.com. ELLE
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমিলিয়া ক্লাৰ্ক” প্ৰবন্ধৰ সংশোধন ৬২৫৪১৫ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।