এনালাইন মেককৰ্ড (ইংৰাজী ভাষা: AnnaLynne McCord; জন্ম: ১৬ জুলাই, ১৯৮৭) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু মডেল। নেতিবাচক তথা শক্তিশালী চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত মেককৰ্ডে প্ৰথমবাৰৰ বাবে ২০০৭ চনত নিপ/টাক ধাৰাবাহিকত ইডেন লৰ্ড আৰু আমেৰিকান হেয়াৰেচত লৰেন ৱেকফিল্ড হিচাপে খ্যাতি লাভ কৰিছিল।১ ২০০৮ চনৰপৰা ২০১৩ চনলৈ তেওঁ ৯০২১০ ধাৰাবাহিকত নাওমি ক্লাৰ্কৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২৪ চনত তেওঁ ডেজ অফ আৱাৰ লাইভছৰ অভিনয় শিল্পীৰ দলত যোগদান কৰে আৰু ইয়াৰ বাবে তেওঁ ডে-টাইম এমি বঁটাৰ মনোনয়ন লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৮৭ চনৰ ১৬ জুলাইত আটলাণ্টাত মেককৰ্ডৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ডেভিদ মেককৰ্ড এজন খ্ৰীষ্টান ধৰ্মগুৰু আছিল।২ তেওঁ জৰ্জিয়াৰ বুফৰ্ড আৰু মনৰোত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ শৈশৱ এক সাধাৰণ পৰিৱেশত অতিবাহিত হৈছিল।৩ তেওঁৰ পিতৃ-মাতৃয়ে "কঠোৰ অনুশাসন"ত বিশ্বাস কৰিছিল, যাৰ বাবে তেওঁক হেৰী পটাৰ চাবলৈ অনুমতি দিয়া হোৱা নাছিল।৪ ৰাচেল আৰু এঞ্জেল নামৰ তেওঁৰ দুগৰাকী ভগ্নী আছে। মেককৰ্ডে ঘৰতে অধ্যয়ন কৰিছিল আৰু ১৫ বছৰ বয়সতে হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল।
কেৰিয়াৰ
শিক্ষা সমাপ্ত কৰাৰ পাছত মেককৰ্ডে মিয়ামিত 'ৱিলহেলমিনা মডেলিং এজেন্সী'ত যোগদান কৰে।৫ ১৭ বছৰ বয়সত তেওঁ নিউয়ৰ্ক চহৰৰ এখন ড্ৰামা স্কুলত ভৰ্তি হয়। এবছৰৰ পাছত তেওঁ অভিনয়ৰ সুযোগ বিচাৰি লছ এঞ্জেলছলৈ গুচি যায়। তেওঁ ২০০৫ চনৰ ইটালীয় ছবি নাটালে আ মিয়ামি আৰু ২০০৮ চনৰ হৰৰ ছবি ডে অফ দ্য ডেডত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ আমেৰিকান হেয়াৰেচ ধাৰাবাহিকত লৰেন ৱেকফিল্ডৰ চৰিত্ৰত অভিনয় কৰিছিল।৬

মেককৰ্ডে এফএক্স ধাৰাবাহিক নিপ/টাকৰ পঞ্চম ছিজনত ইডেন লৰ্ডৰ চৰিত্ৰত অভিনয় কৰিছিল। এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে "এগৰাকী দুষ্ট ছোৱালীৰ চৰিত্ৰত অভিনয় কৰি ভাল লাগে।" ৭
২০০৮ চনত মেককৰ্ডে ৯০২১০ ধাৰাবাহিকত নাওমি ক্লাৰ্কৰ চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত হয়।৮ প্ৰথম অৱস্থাত এই চৰিত্ৰটো এটা সহযোগী চৰিত্ৰ হিচাপে গণ্য কৰা হৈছিল যদিও প্ৰথম ছিজনৰ শেষৰফালে সংবাদ মাধ্যমে মেককৰ্ডক ধাৰাবাহিকখনৰ মূল অভিনেত্ৰী হিচাপে উল্লেখ কৰিবলৈ আৰম্ভ কৰে।৯ সমগ্ৰ ধাৰাবাহিকখনত মেককৰ্ডৰ চৰিত্ৰটোৱে সামাজিক ক্ষমতা আৰু প্ৰেমৰ বাবে সংগ্ৰাম কৰা দেখা গৈছিল।১০
তথ্যসূত্ৰ
- ↑ AnnaLynne McCord:Overview. MSN.com
- ↑ Moed, Elisa. (May 14, 2012). Hollywood stars find faith during Israel tour. The Jerusalem Post
- ↑ McCord, AnnaLynne. (April 17, 2017). You Can Achieve It. TEDxWatts
- ↑ (May 29, 2014). AnnaLynne McCord: Why I'm Done Staying Quiet About My Sexual Assault. Cosmopolitan
- ↑ AnnaLynne McCord Star Bio. Tribute.ca
- ↑ AnnaLynne McCord. tv.yahoo.com
- ↑ (April 8, 2008). Exclusive Interview: 'Day of the Dead' Star AnnaLynne McCord. FEARnet
- ↑ Ausiello, Michael. (October 25, 2009). Fall's best and worst. Entertainment Weekly
- ↑ AnnaLynne McCord. InStyle
- ↑ AnnaLynne McCord Young Hollywood Awards. Sugarslam.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এনালাইন মেককৰ্ড” প্ৰবন্ধৰ সংশোধন ৫৯৮০৬১ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।