মডেল
২১৯ প্ৰবন্ধ
-
কেমিল কষ্টেক
কেমিল ভেৰোনিকা কষ্টেক (ইংৰাজী: Camille Veronica Kostek; জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৯২) এগৰাকী আমেৰিকান মডেল, উপস্থাপিকা আৰু অভিনেত্ৰী। তেওঁ স্পৰ্টছ ইলাষ্ট্ৰেটেড চুইমচুট ইছ্যুত আত্মপ্ৰকাশ কৰিছিল আৰু আলোচনীখনৰ ২০১৯ চনৰ সংস্কৰণৰ বেটুপাতত তেওঁৰ ফটো প্ৰকাশ পাইছিল।
-
কেমেৰন আলবৰ্জিয়ান
কেমেৰন আলবৰ্জিয়ান (ফাৰ্চী: کامران البرزیان; জন্ম ২৬ ফেব্ৰুৱাৰী ১৯৬৭) হৈছে এগৰাকী ইৰানী-ব্ৰিটিছ প্ৰাক্তন ছুপাৰমডেল। ফেশ্বন শ্ব’সমূহৰ জৰিয়তে বিশেষভাৱে পৰিচিত হোৱাৰ পিছত তেওঁ আয়ুৰ্বেদ, যোগ আৰু প্ৰাচীন সুস্থতা পদ্ধতিৰ ওপৰত বিশেষজ্ঞতা অৰ্জন কৰি সামগ্ৰিক নিৰাময় কেৰিয়াৰলৈ স্থানান্তৰিত হয়।
-
কেৰোলাইন পেম্বাৰ্টন
কেৰোলাইন পেম্বাৰ্টন (ইংৰাজী: Caroline Pemberton) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, টেলিভিছন পৰিচালিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ২০০৭ চনত মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়াৰ খিতাপ লাভ কৰি বিশেষ খ্যাতি অৰ্জন কৰে।
-
কেৰোলিনা গোমেজ কোৰিয়া
কেৰোলিনা গোমেজ কোৰিয়া (ইংৰাজী: Carolina Gómez Correa; জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৭৫) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, টিভি সূত্ৰধাৰ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ মিছ কলম্বিয়া ১৯৯৩ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল আৰু মিছ ইউনিভাৰ্ছ ১৯৯৪ত প্ৰথম ৰানাৰ্ছ-আপ হৈছিল।
-
ক্সেনিয়া চুখিনোভা
ক্সেনিয়া ভ্লাদিমিৰোভনা চুখিনোভা (ইংৰাজী: Ksenia Vladimirovna Sukhinova; জন্ম: ২৬ আগষ্ট ১৯৮৭) এগৰাকী ৰাছিয়ান টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য ৰাণী যিয়ে মিছ ৱৰ্ল্ড ২০০৮-ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰা দ্বিতীয়গৰাকী ৰাছিয়ান মহিলা আছিল।
-
কৰিশ্মা কোটক
কৰিশ্মা কোটক (ইংৰাজী: Karishma Kotak) এগৰাকী ইংৰাজ মডেল, অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা।
-
কৰ্টনী কাৰ্ডাশিয়ান
কৰ্টনী কাৰ্ডাশিয়ান বাৰ্কাৰ (জন্ম: ১৮ এপ্ৰিল ১৯৭৯) এগৰাকী আমেৰিকান সংবাদ মাধ্যমৰ ব্যক্তিত্ব, চচিয়েললাইট আৰু ব্যৱসায়ী। ২০০৭ চনত তেওঁ আৰু তেওঁৰ পৰিয়ালে ৰিয়েলিটী টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছত অভিনয় কৰিবলৈ আৰম্ভ কৰে।
-
গীতা শাহী
গীতা শাহী (ইংৰাজী: Gita Shahi; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৮৪) এগৰাকী নেপালী অভিনেত্ৰী আৰু মডেল। ২০০৫ চনত নেপালী চলচ্চিত্ৰ বান্ধকীৰ জৰিয়তে 'শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী' হিচাপে লাভ কৰা জনপ্ৰিয়তা আৰু টেলিভিছন ধাৰাবাহিক মোড, অপৰাজিতা, পাঠ ভ্ৰষ্ট আৰু থোৰাই ভায়ে পুগী সাৰীত কৰা অভিনয়ৰ বাবে শাহী বিশেষভাৱে…
-
গ্ৰেচেন মল
গ্ৰেচেন মল (ইংৰাজী: Gretchen Mol; জন্ম: ৮ নৱেম্বৰ, ১৯৭২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এইচবিঅ’ ধাৰাবাহিক বৰ্ডৱাক এম্পায়াৰত (২০১০–২০১৪) গিলিয়ান ডাৰমডি চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
চদফ তাহেৰিয়ান
চদফ তাহেৰিয়ান (জন্ম: ২১ জুলাই, ১৯৮৮) এগৰাকী ইৰানী মডেল আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ ইৰানী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰিছে। দেশ এৰাৰ পিছত, তাহেৰিয়ানে ফেচবুক আৰু ইনষ্টাগ্ৰামত হিজাব অবিহনে নিজৰ ছবি পোষ্ট কৰিছিল, যাক ইৰানৰ সংস্কৃতি আৰু ইছলামিক নিৰ্দেশনা মন্ত্ৰালয়ে গৰিহণা দিছিল।
-
চিণ্ডি ক্ৰফ’ৰ্ড
চিণ্থিয়া এন ক্ৰফ’ৰ্ড (জন্ম ২০ ফেব্ৰুৱাৰী, ১৯৬৬) এজনী আমেৰিকান মডেল, অভিনেত্ৰী আৰু দূৰদৰ্শন ব্যক্তিত্ব। ১৯৮০ আৰু ১৯৯০ দশকত তেওঁ আটাইতকৈ জনপ্ৰিয় ছুপাৰমডেলসকলৰ মাজৰ অন্যতম আছিল আৰু আলোচনীসমূহৰ আৱৰণ, ৰানৱে আৰু ফেশ্বন প্ৰচাৰ অভিযানত তেওঁ নিয়মীয়া উপস্থিতি ৰাখিছিল।
-
চিণ্ডি মেৰিনা
চিণ্ডি মেৰিনা (ইংৰাজী: Cindy Marina; জন্ম: ১৮ জুলাই ১৯৯৮) এগৰাকী আলবেনিয়ান-আমেৰিকান টেলিভিছন পৰিচালিকা, মডেল, প্ৰাক্তন ভলীবল খেলুৱৈ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ আলবেনিয়া ২০১৯ৰ মুকুট পিন্ধিছিল।
-
চিণ্ডী বিচপ
চিণ্ডী বাৰ্ব্ৰিজ (জন্ম ৩০ ডিচেম্বৰ ১৯৭৮) বা ছিৰিনিয়া বাৰ্ব্ৰিজ (থাই: สิรินยา เบอร์บริดจ์), চিণ্ডী বিচপ নামেৰে অধিক পৰিচিত, এগৰাকী থাই মডেল, অভিনেত্ৰী, সৌন্দৰ্য্য প্ৰতিযোগিতাৰ উপাধিধাৰী, কৰ্মী আৰু অপেশাদাৰী শিল্পী।
-
চিৰত কাপুৰ
চিৰত কাপুৰ (ইংৰাজী: Seerat Kapoor; জন্ম: ৩ এপ্ৰিল ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, কৰিঅ'গ্ৰাফাৰ আৰু নৃত্যশিল্পী যিয়ে মূলতঃ তেলুগু চিনেমাৰ সৈতে জড়িত। তেওঁ এগৰাকী সহকাৰী কৰিঅ'গ্ৰাফাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৪ চনত তেলুগু ছবি ৰান ৰাজা ৰানৰ জৰিয়তে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
চু ৱেই-নিং
চু ৱেই-নিং (ইংৰাজী: Hsu Wei-ning; জন্ম: ৭ আগষ্ট, ১৯৮৪) এগৰাকী টাইৱানী অভিনেত্ৰী। তেওঁক টিফানি এন চু নামেৰেও জনা যায়। চুৱে এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, আৰু টাইৱানী নাটক ধাৰাবাহিক ইট ষ্টাৰ্টেড উইথ এ কিছ আৰু ইয়াৰ পৰৱৰ্তী ধাৰাবাহিক দে কিছ এগেইনত কৰা সহযোগী চৰিত্ৰৰ বাবে তেওঁ…
-
চুকাছা আওই
চুকাছা আওই (জাপানী: 葵 つかさ; ইংৰাজী: Tsukasa Aoi; জন্ম: ১৪ আগষ্ট ১৯৯০) এগৰাকী জাপানী প্ৰাক্তন গ্ৰাভিয়াৰ আইডল, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব, পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু আইডল গায়িকা। ২০১০ চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰে পৰা আওই ৭০০তকৈও অধিক প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছে।
-
চুলাক্ষী ৰাণাতুংগা
চুলাক্ষী সৌভাগ্য ৰাণাতুংগা (সিংহলী: චූලක්ෂි සෞභාග්යා රණතුංග) (জন্ম: ১৩ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ শ্ৰীলংকা খিতাপৰ বিজয়ী আছিল।
-
চেজ চুই ৱাণ্ডাৰ্ছ
চেজ চুই ৱাণ্ডাৰ্ছ (ইংৰাজী: Chase Sui Wonders; জন্ম: ২১ মে', ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এইচবিঅ’ মেক্স ধাৰাবাহিক জেনেৰেচনত (২০২১) ৰাইলি, হৰৰ-কমেডী ছবি বডিজ বডিজ বডিজত (২০২২) এমা, এপল টিভি প্লাছৰ ব্যংগাত্মক কমেডী ধাৰাবাহিক দ্য ষ্টুডিঅ’ত (২০২৫) কুইন হেকেট আৰু শ্লেচাৰ ছবি আই নো হোৱাট ইউ ডিড…
-
চেনড্ৰিন কৰমেন
চেনড্ৰিন কৰমেন (ইংৰাজী: Sandrine Corman; জন্ম: ১২ এপ্ৰিল ১৯৮০) এগৰাকী বেলজিয়ামৰ টেলিভিছন উপস্থাপিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁৰ জন্ম বেলজিয়ামৰ ভাৰ্ভিয়াৰ্চত হৈছিল।
-
চেলচিয়া আইলান
চেলচিয়া এলিজাবেথ আইলান (জন্ম: ২ জুন ১৯৯৫) এগৰাকী আমেৰিকাত জন্মগ্ৰহণ কৰা ইণ্ডোনেছিয়ান অভিনেত্ৰী। তেওঁ ২০১৫ চনৰ ডি বালিক ৯৮ আৰু ২০১৬ চনৰ ৰুডি হাবিবিয়ে চলচ্চিত্ৰৰ বাবে পৰস্পৰ দুবাৰ চিত্ৰা বেষ্ট অভিনেত্ৰীৰ মনোনয়নৰ পদাধিকাৰী হৈছিল।
-
চেলিনা
চেলিনা কুইণ্টানিলা-পেৰেজ (ইংৰাজী: Selena Quintanilla-Pérez) এগাৰাকী আমেৰিকান গায়িকা আৰু গীতিকাৰ আছিল। "টেহানো সংগীতৰ ৰাণী" হিচাপে পৰিচিত চেলিনা জনপ্ৰিয় সংগীত আৰু ফেশ্বন জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বিংশ শতিকাৰ শেষৰফালৰ অন্যতম জনপ্ৰিয় মেক্সিকান-আমেৰিকান শিল্পী হিচাপে পৰিগণিত হয়।
-
ছফিয়া ভূজেল
ছফিয়া ভূজেল (নেপালী: सोफिया भुजेल) (জন্ম: ১ জানুৱাৰী ১৯৯৬) এগৰাকী নেপালী সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু মডেল। তেওঁ মিছ ইউনিভাৰ্ছ নেপাল ২০২২ প্ৰতিযোগিতাত বিজয়ী হৈছিল আৰু মিছ ইউনিভাৰ্ছ ২০২২-ত নেপালক প্ৰতিনিধিত্ব কৰিছিল।
-
ছাদিয়া জাহান প্ৰভা
ছাদিয়া জাহান প্ৰভা (ইংৰাজী: Sadia Jahan Prova; জন্ম: ৩০ মাৰ্চ ১৯৮৮) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী। ২০০৫ চনত আত্মপ্ৰকাশ কৰাৰপৰাই তেওঁ অসংখ্য টেলিভিছন নাটক আৰু টেলিফিল্মত অভিনয় কৰিছে আৰু বাংলাদেশী মনোৰঞ্জন জগতত বিশেষ অৱদান আগবঢ়াইছে।
-
ছানি লেন
ছানি লেন এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু নগ্ন মডেল। তেওঁ নাইটমুভছ, এভিএন, আৰু এক্সআৰচিঅ' হল অৱ ফেমৰ সদস্য।
-
ছামাৰা ৱিভিং
ছামাৰা ৱিভিং (ইংৰাজী: Samara Weaving; জন্ম ২৩ ফেব্ৰুৱাৰী ১৯৯২) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী আৰু মডেল। তেওঁ অষ্ট্ৰেলিয়ান টেলিভিছন ধাৰাবাহিক আউট অৱ দ্য ব্লু (২০০৮)-ত কৰা অভিনয়ৰ জৰিয়তে চৰ্চালৈ আহে আৰু চাব অপেৰা হোম এণ্ড এৱে (২০০৯–২০১৩)-ত ইণ্ডি ৱাকাৰৰ চৰিত্ৰত অভিনয় কৰি এটা এএচিটিএ বঁটাৰ মনোনয়ন…
-
ছামিয়া ছাইদ
ছামিয়া ছাইদ চৌধুৰী (ইংৰাজী: Samia Said; জন্মগত নাম: ছামিয়া ছাইদ বা ছামিয়া ছায়ীদ) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী। ২০১২ চনত অনুষ্ঠিত হোৱা বাংলাদেশৰ আটাইতকৈ সন্মানীয় সৌন্দৰ্য প্ৰতিযোগিতা 'লাক্স চেনেল আই ছুপাৰষ্টাৰ'ৰ তেওঁ বিজয়ী আছিল।
-
ছি-ইয়ন
পাৰ্ক জং-হিউন (ইংৰাজী: Park Xi-yeon; জন্ম: ১৪ নৱেম্বৰ, ২০০০), যিগৰাকী পেছাদাৰীভাৱে পাৰ্ক ছি-ইয়ন নামেৰে পৰিচিত, এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী। প্ৰাক্তন শিশু অভিনেত্ৰী, গায়িকা আৰু মডেল পাৰ্ক ছি-ইয়নে ২০১৭ চনত গাৰ্ল গ্ৰুপ পিষ্টিনৰ সদস্য হিচাপে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰাৰ পূৰ্বে ৯ বছৰ ধৰি…
-
ছিমৰন কৌৰ মুণ্ডী
ছিমৰন কৌৰ মুণ্ডী (ইংৰাজী: Simran Kaur Mundi) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ ২০০৮ খিতাপ জয় কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৮-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
ছুজান ৱাৰ্ড
ছুজান মিচেল ৱাৰ্ড (জন্ম: ১৫ এপ্ৰিল, ১৯৭৬) এগৰাকী আমেৰিকান প্ৰাক্তন অভিনেত্ৰী আৰু মডেল। তেওঁ ১৯৯৭ চনৰ ছিকুৱেল পইজন আইভি: দ্য নিউ চিডাকচনৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
-
জ'য়া আফ্ৰ'জ
জ'য়া আফ্ৰ'জ ( ইংৰাজী: Zoya Afroz; জন্ম: ১০ জানুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। গ্লামানন্দ ছুপাৰমডেল ইণ্ডিয়া ২০২১ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল খিতাপ অৰ্জন কৰাৰ লগতে জাপানত অনুষ্ঠিত হ’বলগীয়া মিছ ইণ্টাৰনেশ্যনেল ২০২২…